কম্বু বজাই বজাই এদিন এই পৃথিৱী এৰি যাব খোজা এইজন এম কাৰুপ্পিয়াহ। ঐতিহাসিকভাৱে কম্বু আছিল এবিধ ৰণশিঙা, যুদ্ধক্ষেত্ৰত যুদ্ধৰ আহ্বান জনাই এই শিঙা বজোৱা হৈছিল। ক’বলৈ গ’লে এয়া আছিল যুদ্ধক্ষেত্ৰত প্ৰাণাহুতি দিয়াৰ ধ্বনি। তাম বা ব্ৰঞ্জেৰে নিৰ্মিত, দেখাত ঠিক হাতীৰ সুঁৰৰ দৰে এইবিধ শিঙা বজাই কাৰুপ্পিয়াহে এই পৃথিৱী এৰিব খোজাৰ কাৰণ পিছে এয়া নহয়।
জীৱনৰ ৪৯ টা বসন্ত গৰকা কাৰুপ্পিয়াহৰ বাবে কম্বু এক মহান শিল্প। কম্বু বজোৱা তেওঁ চতুৰ্থটো প্ৰজন্ম। পেট পুহিবলৈ বাধ্য হৈ মাদুৰাইৰ নিজ গাঁৱত ৰিক্সা চলোৱা কামটোতকৈ তেওঁৰ কম্বু বজোৱা পেছাটোত প্ৰৱল আৱেগ জৰিত হৈ আছে।
তিনিটা দশক আগতে সেই শিল্প ‘শীৰ্ষ’ত আছিল, কাৰুপ্পিয়াহে কয়। ১৯৯১ত প্ৰাক্তন মুখ্যমন্ত্ৰী জে. জয়ললিতাৰ কাৰণে তেওঁ কম্বু বজাইছিল। “কম্বুৰ মাত শুনি আপ্লুত হৈ পৰা জয়ললিতাই তেওঁক আকৌ এবাৰ কম্বু বজাবলৈ অনুৰোধ জনাইছিল!”
কিন্তু তেওঁৰ লগতে থিৰুপাৰানকুন্দ্ৰম ব্লকৰ তেওঁৰ নিজ গাওঁ মেলাকুইলকুড়িৰ আন কম্বু শিল্পীসকলৰ বাবে আজিকালি কাম তেনেই নাইকিয়া। ইতিমধ্যে দুৰ্বল হৈ পৰা ছন্দোবদ্ধ এই শিল্পবিধক পপ সংস্কৃতিৰ আগ্ৰাসনে নিঃশেষ কৰি আনিছে। তাতে আকৌ ২০২০ৰ ক’ভিড লকডাউনে শিল্পবিধক মোক্ষম আঘাত হানিছে। শিল্পীসকল কৰ্মহীন আৰু পা-পইচাহীন হৈ পৰিছে।
মন্দিৰত, ৰাজহুৱা কাৰ্যসূচী বা মৃতকৰ অন্ত্যোষ্টিক্ৰিয়া আদিত কম্বু বজোৱা কাম পালে তেওঁৰ এবাৰত ৭০০-১০০০ টকা উপাৰ্জন হয়। “যোৱাবছৰৰ পৰা লকডাউনৰ কাৰণে আমি আলাগাৰ কইল থিৰুভিঝাত কম্বু বজাব নাপালো। আন বছৰ আমি সেইখিনি সময়ত আঠ দিনৰ কাম পালোহেঁতেন।” কম্বু শিল্পীসকলে সেই বাৰ্ষিক উৎসৱৰ সময়ত (এপ্ৰিলৰ পৰা মে’ মাহ) মাদুৰাই চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ আলাগাৰ কইল মন্দিৰত কম্বু বাদ্য প্ৰদৰ্শন কৰে।
“সকলোৱে কম্বু বজাব নোৱাৰে। তাৰ বাবে খুব কৌশলৰ প্ৰয়োজন হয়,” লোকশিল্পী আৰু শিল্পৰ সমৰ্থনৰ হকে গঠিত চেন্নাইৰ সংস্থা অলটাৰনেটিভ মিডিয়া চেণ্টাৰ (এএমচি)ৰ প্ৰতিস্থাপক আৰ কালীচৰণে কয়। এই বাদ্যযন্ত্ৰবিধ যিকোনো এটা অনুষ্ঠানৰ আৰম্ভণিতে, তাৰপিছত মাজত বজোৱা হয়, কিন্তু নিৰন্তৰ বজোৱা নহয়। শিল্পীসকলে সাধাৰণতে ১৫ মিনিটৰ বাবে কম্বু বজায়, পাঁচ মিনিটৰ বাবে জিৰনি লয় আৰু আকৌ ১৫ মিনিটৰ বাবে বজায়। “সাধাৰণতে, শিল্পীসকলে দীঘলকৈ উশাহ টানি কম্বূত ফুক দিয়ে।” শ্বাস-প্ৰশ্বাসৰ ওপৰত সাংঘাতিক দখল থকা বাবেই ১০০ৰো অধিক বছৰ বয়সীয়া শিল্পীয়েও নিপুণতাৰে কম্বু বজাব পাৰে, কালীচৰণে কয়।











