"ঘোৰাবোৰক আমি আমাৰ পৰিয়ালৰ সদস্যৰ দৰে মানো। প্ৰয়োজনত ময়ে সিহতৰ ডাক্তৰ হওঁ আৰু মুম্বাইৰ পৰা সিহতৰ বাবে দৰৱ ক্ৰয় কৰি আনো। সিহতৰ গা বেয়া হ'লে মই নিজে সিহতক বেজী দিওঁ।" মনোজ কাচুণ্ডে তেঁওৰ ঘোৰাবোৰক ভাল পায়। তেঁও সেই অনুজ্ঞাপত্ৰধাৰী সকলৰ মাজৰ এজন যিয়ে পৰ্যটকক ঘোৰাৰ পিঠিত উঠাই নিজে খোজ কাঢ়ি মাথেৰানৰ পাহাৰীয়া বাটত উঠা-নমা কৰি পেট পোহে।
কাচুণ্ডে অদৃশ্য লোক। আমি তেঁওলোকৰ বিষয়ে খুব কমেই জানো। বোধকৰো আমি নোসোধো বাবেই আমি নাজানো। মহাৰাষ্ট্ৰৰ মুম্বাই চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগৰ দক্ষিণত থকা ৰায়গড় জিলাৰ এই প্ৰসিদ্ধ পৰ্বতীয়া পৰ্যটনস্থলীত ৪৬০ টা মান ঘোৰাই কাম কৰে। ঘোৰাবোৰৰ চোৱাচিতা কৰাসকলে (সকলোবোৰ মালিক নহয়) কোৱামতে তেঁওলোকে প্ৰতিদিনে পাহাৰত ২০-২৫ কিলোমিটাৰ পৰ্যন্ত বগাব লাগে। আপুনি এই কথা ভাবি আচৰিত নহৈ নোৱাৰে যে বোজা কঢ়িওৱাজন কোন, ঘোৰাটো নে খোজকাঢ়ি পাহাৰ বগোৱা মালিকজন, নে দুয়ো।






