১২ ঘণ্টা পৰ্যন্ত চলা মল্লযুঁজৰ টুৰ্ণামেণ্টত একেৰাহে টিপ্পনী দি চলন্ত ধাৰাভাষ্যৰ পৰম্পৰাক তেওঁ এক নতুন দিগন্তলৈ লৈ গৈছে। তাকো অনাতাঁৰ বা দুৰদৰ্শনত নহয়, ৰাজহুৱা অভিভাষণৰ মাধ্যমত। শংকাৰো পুজাৰীৱে মল্লযুঁজৰ চলন্ত ধাৰাভাষ্যক আধুনিক ৰূপ প্ৰদান কৰিছে। মহাৰাষ্ট্ৰৰ টুৰ্ণামেণ্টৰ আয়োজকসকলে তেওঁৰ কেলেণ্ডাৰৰ সৈতে দিন মিলাবলৈ কেতিয়াবা টুৰ্ণামেণ্টৰ দিন অগা-পিছা কাৰ্যসূচীয়ে অগা-পিছাকৰে। তেওঁ দৰ্শকৰ ভীৰৰ সৈতে কথা নাপাতে, কিন্তু সেই দৰ্শকক মোহাচ্ছন্ন কৰি ধৰি ৰখাৰ যাদু জানে।
‘শংকৰ পুজাৰীৰ ধাৰাভাষ্যৰ শৈলীয়ে মল্লযুঁজক বেয়া দিনৰ পৰা উদ্ধাৰ কৰিছে, ‘চাংলিৰ বেনাপুৰৰ প্ৰাক্তন মল্লযুঁজাৰু আৰু প্ৰশিক্ষক ৰাজেন্দ্ৰ চিণ্ডেয়ে কয়। তেওঁৰ বাখ্যামূলক আৰু শিক্ষাপ্ৰদ কথনশৈলীৰ বাবে মল্লযুঁজ চাবলৈ মানুহৰ সোঁত বয়। ‘ই আন আন এক ধৰণেও পৰিৱৰ্তন আনিছে। মানুহে জন্মদিনৰ পৰ্বতো মল্লযুঁজৰ আয়োজন কৰিছে, বেছি খেল হোৱা মানে বেছি মল্লযুঁজাৰুৱে সুযোগ পোৱা’
কিন্তু সেই ধাৰাভাষ্য কেৱল এটা ভৌগোলিক স্থানত থকা দৰ্শকৰ বাবেহে। মানে ডাঙৰ খেলপথাৰত একাধিক ভাষ্যকাৰে ৰাজহুৱা অভিভাষণৰ মাধ্যমেৰে খেলৰ বৰ্ণনা দিয়ে। কিন্তু সেয়া অনাতাঁৰত কিয় নকৰে? ‘সেয়া কৰাটো টান,’ ক’লহাপুৰ জিলাৰ কথলিস্থিত নিজ ঘৰত পুজাৰীয়ে কয়। ‘আমাৰ পদ্ধতি আৰু শৈলী অনাতাঁৰৰ বাবে নহয়, বিশেষকৈ গ্ৰামীণ পৰ্যায়ত। আমাৰ ধাৰাভাষ্যত যেতিয়াই-তেতিয়াই ব্যাঘাত জন্মে। স্থানীয় সন্মানীয় ব্যক্তিৰ উপস্থিত হোৱাটো ৰাইজক জনাবলৈ ঘনে ঘনে ঘোষণা কৰিবলগীয়া হয়। কেতিয়াবা মল্লযুঁজবিদ বা কেতিয়াবা সেই ঠাইৰ বিধায়ক অহাৰ কথা ঘোষণা কৰিবলগীয়া হয়। আৰু এয়া ভালেকেইঘণ্টা চলিব পাৰে।’
ৱাৰানানগৰত মল্লযুঁজৰ খেলপথাৰত ঠাঁহ খাই পৰা দৰ্শকৰ ভীৰক ১২ ঘণ্টা ধৰি ৰখাৰ দিনটো মনত কৰি তেওঁ গৌৰৱবোধ কৰে। পাকিস্তানৰ পৰা প্ৰতিদ্বন্দী পলমকৈ উপস্থিত হৈছিল, দৰ্শকৰ ধৈৰ্যৰ বান্ধি চিঙিব ধৰিছিল, পৰিস্থিতি মোকাবিলা কৰাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান হৈ পৰিছিল। তেনেতে পুজাৰীয়ে ধাৰাভাষ্যৰ আঁত ধৰিলে। পুজাৰীৰ কথাবোৰ তথ্য সমৃদ্ধ, দক্ষ বিশ্লেষক হোৱাৰ লগতে তেওঁ মল্লযুঁজৰ ইতিহাস আৰু সংস্কৃতিৰ বিশ্বকোষৰ দৰে। ‘মই ৮ বছৰ বয়সতে মল্লযুঁজ আৰম্ভ কৰিছিলোঁ, কিন্তু ১৯৭২ৰ তীব্ৰ খৰাঙৰ সময়ত কৃষিসংকটে দেখা দিয়াৰ ফলত খেল এৰিবলগীয়া হ’ল। কৃষি সংকটত থাকিলে মল্লযুঁজৰো একেই দশা হয়।’



