“ইয়ালৈ বৰ সোনকালে আহিল। দেওবাৰে তেওঁলোক আবেলি ৪ বজাৰ আগতে নাহে। হাৰমনিয়াম বজোৱা শিকিবলৈ বুলি এইখিনি সময়ত মই ইয়ালৈ আহিছো,” বিউটিয়ে কয়।
‘ইয়ালৈ’ মানে চতুৰ্ভুজ স্থান নামৰ বেশ্যালয়খনৰ কথা কোৱা হৈছে, বিহাৰৰ মুজফ্ফৰপুৰ জিলাৰ মুছাহাৰী ব্লকত এইখন আছে। ‘এইখিনি সময়ত’ মানে পুৱা ১০ বাজিছে, তেওঁক মই লগ পাইছো আৰু ‘তেওঁলোক’ মানে তেওঁৰ তালৈ আবেলি সময়ত অহা গ্ৰাহকৰ কথা কৈছে। বিউটি, এই নামেৰেই তেওঁক কৰ্মস্থলত জানে, এগৰাকী যৌনকৰ্মী। ১৯ বছৰ বয়সতে এই কামত সোমোৱা বিউটিৰ ইতিমধ্যে পাঁচ বছৰৰ অভিজ্ঞতা হৈ গৈছে। তেওঁ অন্তঃসত্ত্বা হোৱা তিনিমাহ হৈছে।
তথাপিও তেওঁ কাম এৰা নাই। তাৰোপৰি তাই হাৰমনিয়াম বজোৱা শিকি আছে, কিয়নো তাইৰ মাকে কৈছে যে “সংগীতে তাইৰ শিশুটিৰ ওপৰত ভাল প্ৰভাৱ পেলাব।”
কথা পতাৰ মাজতে তাইৰ আঙুলিবোৰ হাৰমনিয়ামত চলিছে। বিউটিয়ে কয়, “এইয়া মোৰ দ্বিতীয় সন্তান। ইতিমধ্যে মোৰ দুবছৰীয়া পুত্ৰসন্তান এটি আছে।”
আমি তেওঁক লগ পোৱা কোঠাটোৰ প্ৰায় আধাখিনি ঠাই আগুৰি থকা মজিয়াখনত ডাঙৰ মেট্ৰেছ এখন পাৰি থোৱা আছে। তাৰ পিছফালে ৬ ফুট দীঘল, ৪ ফুট বহল আইনা এখন পথালিকৈ বেৰত লগোৱা আছে। কোঠাটো প্ৰায় ২৫ ফুট দীঘল আৰু ১৫ ফুট বহল হ’ব। মেট্ৰেছখনৰ ওপৰত গ্ৰাহকে বহি বা আউজি মুজৰা চাব পৰাকৈ কুচন-গাৰু আদিৰে সজোৱা থাকে। মুজৰা নৃত্য প্ৰাক-ঔপনিৱেশিক কালতে উদ্ভৱ হোৱা বুলি কোৱা হয়। মোগলৰ দিনৰে পৰা চতুৰ্ভুজ স্থান আছিল বুলিও কোৱা হয়। চতুৰ্ভুজৰ প্ৰতিগৰাকী যৌনকৰ্মীয়ে মুজৰা শিকিব লাগে। বিউটিয়েও নিশ্চয়কৈ জানে।












