১০ বছৰীয়া জীয়ৰী শতিকা স্কুললৈ গৈ থকাৰ বাবে যশোৱন্ত গোবিন্দ আনন্দিত। ‘তাই পঢ়িবও পাৰে আৰু দুপৰীয়া খাবলৈও পায়,’ এজন গ্ৰাহকৰ অৰ্ডাৰৰ বাবে কাঠৰ আচবাব তৈয়াৰ কৰিবলৈ এটুকুৰা কাঠ কাটি থকা অৱস্থাতে তেওঁ ক’লে। শতিকাই পুৱা মাত্ৰ একাপ চাহ খায়। স্কুলত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰাৰ পিছত তাই স্কুলতে খায় আৰু ৰাতি ঘৰলৈ আহি ৰেচনৰ দোকানৰ পৰা পৰিয়ালৰ বাবদ পোৱা খাদ্য-সামগ্ৰীৰে তৈয়াৰী আহাৰ খায়। ঘৰত তাই কেৱল ৰাতিৰ সাজেই খায়। ইয়াৰ মাজত তাই আন একো নাখায়।
‘আমি মাত্ৰ ২৫ কিলোগ্ৰাম চাউল পাওঁ, ইয়াৰ লগতে ১০ কিলোগ্ৰাম আটা আৰু দুই কিলোগ্ৰাম চেনী ৰেচনৰ দোকানৰ পৰা আনো।’ ৪৭ বছৰ বয়সীয়া গোবিন্দই ক’লে। কামৰ পৰা মূৰ নোতোলাকৈ ঘোচালি গাঁৱৰ বাসিন্দাজনে কৈ গ’ল। তেওঁ মাজে-সময়ে কাঠৰ কাম কৰে, কেতিয়াবা নিৰ্মাণ সংস্থাৰ লগত কাম কৰে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মোখোড়া তালুকৰ গোবিন্দকে ধৰি বহুসংখ্যক লোক ঠাকাৰ আধিবাসী সম্প্ৰদায়ৰ। ‘আমাৰ পৰিয়ালৰ সদস্য সংখ্যা ৭ জন। ৰেচনৰ বস্তুৰে ১৫ দিন খাব পাৰো,’ তেওঁ ক’লে। বন্ধৰ দিনত বা গৰমৰ দীঘলীয়া বন্ধৰ সময়ত স্কুললৈ যোৱা ল’ৰা-ছোৱালীয়েও ঘৰত খাবলগা হয়, তেতিয়া ৰেচনৰ চাউল-আটা সোনকালে শেষ হৈ যায়।
গোবিন্দৰ দৰে পালঘৰ জিলাৰ এইখন গাঁৱৰ বহুতো অভিভাৱকৰ বাবে মধ্যাহ্ন ভোজন ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠোৱাৰ এক প্ৰেৰণা। জিলাখনৰ মুঠ ৩০ লাখ লোকৰ ভিতৰত ১ লাখ ১০ হাজাৰ আদিবাসী সম্প্ৰদায়ৰ (২০১১ ৰ লোকপিয়ল)। দৰিদ্ৰ সীমাৰ তলত বাস কৰা পৰিয়ালৰ বাবে ৰাজহুৱা বিতৰণ আঁচনিৰ অধীনত আগবঢ়োৱা সুলভ মূল্যৰ ৰেচনৰ ওপৰত নিৰ্ভৰ কৰি বহুতো পৰিয়াল জীয়াই আছে। ‘অন্ততঃ মোৰ ছোৱালীয়ে দিনে এবাৰ পেট ভৰাই খাবলৈ পায়,’ গোবিন্দই ক’লে।







