তেওঁৰ তেতিয়া বয়স ১৭ বছৰ, কড্ডাল’ৰৰ মাছমৰীয়াৰ জাহজঘাটত তেওঁ তেতিয়াই বেপাৰত ধৰিছিল। ব্যৱসায় আৰম্ভ কৰাৰ বাবে মূলধন আছিল মাকৰ হাতৰ পৰা পোৱা ১,৮০০ টকা। সেই ভেনিৰে এতিয়া বয়স ৬২ বছৰ; জাহাজঘাটৰ তেওঁ এগৰাকী সফল নিলামদাৰ আৰু বিক্ৰেতা। অতিশয় কষ্টৰ মাজেৰে নিজে সজা ঘৰটোক লৈ তেওঁ গৌৰৱান্বিত, সেই একেই কষ্টৰে ইটোৰ পিছত সিটো খোজ দি তেওঁ নিজৰ ব্যৱসায় গঢ়িছে।
মদাহী গিৰিয়েকে এৰি যোৱাৰ পিছত ভেনিয়ে অকলেই চাৰিটাকৈ সন্তান তুলি-তালি ডাঙৰ দীঘল কৰিছে। তেওঁৰ দৈনিক আয় একেবাৰে কম আছিল, কোনোমতে পেটে-ভাতে খাই জীয়াই আছিল। মাছ ধৰাৰ ৰিং চেইন পদ্ধতি অহাৰ পিছত তেওঁ লাখৰ ঘাইত টকা ধাৰ কৰি আনি নাৱত খটুৱালে। বিনিয়োগৰ টকাৰ পৰা অহা লাভেৰে সন্তানক পঢ়ুৱালে আৰু ঘৰো সাজিলে।
নব্বৈৰ দশকৰ শেষৰফালে ক’ড্ডালৰ উপকূলত মাছ ধৰাৰ ৰিং চেইন পদ্ধতিৰ প্ৰচলন বেছিকৈ হ’বলৈ ধৰে। কিন্তু ২০০৪ৰ চুনামিৰ পিছত এই পদ্ধতিৰ ব্যৱহাৰ হঠাৎ বাঢ়ি যায়। ৰিং চেইন পদ্ধতিত ঘেৰাও কৰি মাছ ধৰা কৌশলেৰে চাৰ্দিন, মেকৰল আৰু এংকভি আদি সামুদ্ৰিক মাছৰ জাক ধৰা হয়।


