বন্ধৰ সময় হোৱাৰ আগতেই প্ৰথম মহলাত থকা কোঠাটোত তলা লগোৱা আছে, নিজান পৰিছে। কাষৰ পুৰণি টিন আৰু কাঠৰ জুপুৰিটোতো কোনো নাছিল। মাথো এটা চকীৰ দ’ম, টেবুল, লোহাৰ বেঞ্চ এখন, ফলিক এছিডৰ বড়ি আৰু আইৰনৰ চিৰাপ আৰু পেলনীয়া কাগজৰ নুৰা পৰি আছিল। মামৰে ধৰা এখন পুৰণি নামফলকো পৰি আছিল। অৱশ্যে বন্ধ কোঠাটোৰ সৈতে ঘৰটোৰ প্ৰৱেশদ্বাৰত নতুন ফলক লাগি আছিল। তাত লিখা আছিল  “প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চাবৰী মহল্লা, ডাল এছজিআৰ (শ্ৰীনগৰ)।

ইয়াৰ পৰা মাত্ৰ ১০ মিনিট নাৱেৰে গ’লেই নাজিৰ আহমেদ ভাটৰ ক্লিনিকখন পাব। ক্লিনিকখন সাধাৰণতে খোলাই থাকে আৰু ভিৰ লাগি থাকে।  শীতৰ এটা সেমেকা আবেলিত তেওঁ কাঠৰ খুঁটা আৰু কাঠেৰে নিৰ্মিত দোকানখনত শেষৰজন ৰোগীক চাই আছিল (সন্ধ্যা তেওঁ পুনৰ ৰোগী চাবলৈ আহিব)।  কোঠাটোৰ লগতে বেজী দিয়া চোৱা-চিতা কৰিবলৈ ঠেক, সৰু ঠাইৰ ব্যৱস্থা এটাও আছে। বাহিৰত থকা ব’ৰ্ডখনত লিখা আছিল ‘ভাট মেডিকেট কেমিষ্ট আৰু ড্ৰাগিষ্ট’।

৬০ বছৰীয়া হাফিজা দাৰ বেঞ্চ এখনত বহি অপেক্ষা কৰি আছিল। তেওঁ নাজিৰ ডাক্তৰক নাৱেৰে মাত্ৰ দহ মিনিট দুৰৈত থকা তেওঁৰ মহল্লালৈ নিব আহিছে। “মোৰ শাহুয়ে ডায়েবেটিছৰ বেজী ল’ব লগা আছে আৰু নাজিৰ চাহাবেই ইয়াৰ তদাৰক কৰি আছে। তেওঁৰ বয়স বেছখিনি হৈছে বাবে ইয়ালে আহিব নোৱাৰে”। নাজিৰক আশীৰ্বাদ দি তেওঁ কলে। “আমাৰ তাত (এনটিপিচিত) ডাক্তৰ পাবলে নাই।”  হাফিজা দাৰ এগৰাকী গৃহিণী আৰু খেতিয়ক। তেওঁৰ গিৰিয়েক এজন খেতিয়ক আৰু ডাল হ্ৰদত চিকাৰা চলায়। “তেওঁলোকে অকল শিশুক পলিঅ’ ড্ৰপহে দিয়ে আৰু আবেলি ৪ বজাৰ পিছত তাত কাকো পোৱা নাযায়।”

হ্ৰদটোৰ দ্বীপত থকা মানুহবোৰে যোৱা দুটা বছৰে অৰ্থাৎ ২০১৯ চনৰ আগষ্টৰ পৰা একেলেঠাৰিয়ে কাশ্মীৰত হোৱা সান্ধ্য আইন আৰু লকডাউনৰ পৰাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত (NTPHC) ডাক্তৰ দেখা  নাই। ৪০ বছৰীয়া মহমদ ৰফিক মাল্লাই ক’লে, “কিছুবছৰ আগেয়ে তাত এজন ভাল ডাক্তৰ আছিল। তেওঁৰ চিকিৎসাও ভাল আছিল, কিন্তু তেওঁক বদলি কৰি নিলে আৰু ২০১৯ৰ পৰা আমি নতুন ডাক্তৰ দেখা নাই”। মাল্লাৰ ঘৰ ওচৰতে আৰু তেওঁ এজন ফটোগ্ৰাফাৰ। তালৈ অহা পৰ্যটকৰ তেওঁ ফটো তোলে। স্বাস্থ্যকেন্দ্ৰৰ “কৰ্মচাৰীবোৰ নিয়মিতভাৱে নাহে আৰু পৰ্যাপ্ত সময়ো স্বাস্থ্যকেন্দ্ৰত নাথাকে,” মাল্লাই কলে।

“শ্ৰীনগৰৰ মুখ্য চিকিৎসা বিষয়াৰ সহকাৰী সঞ্চালক পৰিকল্পনা কাৰ্য্যালয়ৰ নিয়ম মতে কাশ্মীৰৰ প্ৰাথমিক উপ স্বাস্থ্যকেন্দ্ৰবোৰক উন্নীত কৰি সকলো নতুন ধৰণৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (NTPHC)ত অন্ততঃ এজন এমবিবিএছ ডাক্তৰ (চিকিৎসা বিষয়া হিচাপে), এজন ফাৰ্মেচিষ্ট, এগৰাকী মহিলা (বিভিন্ন কাম কৰা স্বাস্থ্যকৰ্মী), এগৰাকী নাৰ্চ থাকিব লাগে আৰু সেইসকলক স্বাস্থ্যসেৱা সঞ্চালকালয়ে নিয়োগ কৰিব লাগে।

Lake residents can’t recall seeing a doctor at the primary health centre (NTPHC) for two years; an adjacent shed has some medical supplies and discarded furniture
PHOTO • Adil Rashid
Lake residents can’t recall seeing a doctor at the primary health centre (NTPHC) for two years; an adjacent shed has some medical supplies and discarded furniture
PHOTO • Adil Rashid

যোৱা দুটা বছৰত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত (এনটিপিএইচচি) ডাক্তৰ দেখা হ্ৰদটোৰ বাসিন্দাৰ মনত নপৰে, তাৰে কোঠা এটাত চিকিৎসাৰ কিছু সামগ্ৰী আৰু পেলনীয়া আচবাব দেখা গৈছে

“পলিঅ’ টিকা দিয়াৰ সময়ত যেতিয়া তেওঁলোকে মাইকত ঘোষণা কৰে, তেতিয়াহে স্বাস্থ্যকেন্দ্ৰটো কাৰ্য্যক্ষম হৈ উঠে।” ২৫ বছৰীয়া ৱাচিম ৰাজাই ক’লে। ৱাচিমে পৰ্য্যটকক ফুৰোৱা নাওঁ এখনত ফটোগ্ৰাফাৰৰ কাম কৰে আৰু এনটিপিএইচচিত থকা চুবুৰীটোতে তেওঁৰ ঘৰ (যদিও এনটিপিএইচচি থকা ঠাইখন কুলি মহল্লা, ব’ৰ্ডখনত কিন্তু গাতে লাগি থকা ঠাই এখনৰহে নাম লিখা আছে)। “ফাৰ্মেচিষ্টজনে অন্ততঃ মোৰ দেউতাৰ চেলাইনৰ ড্ৰিপটো পৰীক্ষা কৰিবলৈ আহিব পাৰিলেহেঁতেন। কিন্তু যেতিয়াই আমাৰ স্বাস্থ্যসেৱাৰ বেছি প্ৰয়োজন তেতিয়া সেইখন বন্ধ থাকে। আমাৰ নাজিৰ বা বিলালৰ (অন্য এজন ঔষধ বিক্ৰেতা ডাক্তৰ) ওচৰলৈ যোৱাৰ বাদে আন উপায় নাথাকে বা ৰাস্তাৰ কাষৰ হস্পিতাললৈ যাবলৈ চেষ্টা কৰো। কিন্তু এনেকৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈ পৰে আৰু জৰুৰীকালীন পৰিস্থিতিত আমি সংকটত পৰো”।

আটাইতকৈ নিকটৱৰ্তী ৰাজ্যিক হস্পিতাল জৱাহৰলাল নেহেৰু মেম’ৰিয়েল হস্পিতালখন আছে শ্ৰীনগৰৰ ৰাইনাৱাৰীত। সেয়া পাবলৈ কুলি মোহল্লাৰ পৰা বলেভাৰ্ড পথলৈ নাৱেৰে ১৫ মিনিট আৰু তাৰ পাছত দুখন বাছ সলাই যাব লাগে। নাইবা হ্ৰদৰ বাসিন্দাসকলে ৪০ মিনিট নাৱেৰে যাত্ৰা কৰি অন্য এটা স্থানত উঠি তাৰপৰা হস্পিতাল পাবলৈ ১৫ মিনিট খোজ কাঢ়িব লাগে। কাশ্মীৰৰ দীঘলীয়া মৰ ঠাণ্ডাত এনে যাত্ৰা সচাকৈয়ে যন্ত্ৰনাময়।

১৮-২০ কিলমিটাৰ জুৰি বিস্তীৰ্ত ডাল হ্ৰদত থকা কেইবাটাও দ্বীপত প্ৰায় ৫০ৰ পৰা ৬০ হাজাৰ লোক বাস কৰে। নামমাত্ৰ কাৰ্যক্ষম হৈ থকা এনটিপিএইচচিৰ উপৰিও আনটো একমাত্ৰ চৰকাৰী স্বাস্থ্যসেৱা হৈছে নন্দপাৰাস্থিত ইণ্ডিয়ান চিষ্টেম মেডিচিনচৰ ঔষধালয়খন। সেইখন আছে বিশাল জলাৰাশিৰ এটা চুকত আৰু তাতো স্বাস্থ্যকৰ্মীসকল সদায় উপস্থিত নাথাকে। বলেভাৰ্ড পথৰ দাঁতিতো এটা উপকেন্দ্ৰ আছে (এইটো দ্বীপত বাস কৰা লোকসকলৰ ক’ভিড-১৯ৰ টিকা আৰু পৰীক্ষাৰ বাবে একেবাৰে ওচৰৰ কেন্দ্ৰ।)

হ্ৰদত বাস কৰা লোক, বিশেষকৈ ভিতৰুৱা দ্বীপসমূহত বাস কৰা সকলৰ বাবে, নাজিৰৰ দৰে আন তিনিজন যিয়ে একেধৰণৰ ফাৰ্মেচি চলায়, তেওঁলোকেই ডাক্তৰ বা চিকিৎসা উপদেষ্টা। দ্বীপবাসী সকলৰ বাবে স্বাস্থ্যসেৱা সহজতে লাভ কৰাৰ একমাত্ৰ উপায় এওলোকেই ।

নাজিৰ আহমদ ভাট নামৰ ৫০ বয়সীয়া এই ব্যক্তিজনে ১৫-২০ বছৰ ধৰি ডাল হ্ৰ্দত কাম কৰি আছে। তেওঁ নিজৰ দোকান-ফাৰ্মেচিত দুপৰীয়া কিছু সময়ৰ বিৰতি লৈ পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ তাতে থাকে। তেওঁ দৈনিক ১৫-২০ জন ৰোগী চায় বুলি কৈছিল, য’ত ঘাইকৈ কম ক্ষতিকাৰক বেমাৰবোৰ যেনে সাধাৰণ জ্বৰ, কাহ, ৰক্তচাপ, সঘনাই হোৱা বিষ আৰু সৰু-সুৰা কটা-চিঙাৰ বেণ্ডেজ কৰা আদিৰ চিকিৎসা হয়। (তেওঁ নিজৰ চিকিৎসাবিদ্যাৰ যোগ্যতা সম্পৰ্কে মোক একো জনোৱা নাছিল।) নাজিৰে ৰোগী চোৱাৰ বাবদ কোনো মাচুল নলয়, কিন্তু ঔষধ খুচুৰা দামতেই বিক্ৰী কৰি তাৰ পৰাই তেওঁ নিজৰ উপাৰ্জন উলিয়াইছিল। নিয়মীয়াকৈ প্ৰয়োজন হোৱা সকলৰ বাবে তেওঁ ঔষধো মজুত ৰাখে।

Left: Mohammad Sidiq Chachoo, who sells leather goods to tourists, says, 'We prefer these clinics because they are nearby and have medicines readily available'. Right: The chemist-clinic he is visiting is run by Bilal Ahmad Bhat
PHOTO • Adil Rashid
Left: Mohammad Sidiq Chachoo, who sells leather goods to tourists, says, 'We prefer these clinics because they are nearby and have medicines readily available'. Right: The chemist-clinic he is visiting is run by Bilal Ahmad Bhat
PHOTO • Adil Rashid

বাওঁফালেঃ পৰ্যটকক চামৰাৰ সামগ্ৰী বিক্ৰী কৰা মহম্মদ চিদিক চাচুৱে কয়, আমি এই ক্লিনিকবোৰলৈয়ে যাওঁ, ওচৰো হয় আৰু ঔষধো থাকে। সোঁফালেঃ তেওঁ সাক্ষাৎ কৰা কেমিষ্ট-ক্লিনিকখন বিলাল আহমদ ভাটে চলায়

পৰ্যটকক চামৰাৰ সামগ্ৰী বিক্ৰি কৰা ৬৫ বছৰীয়া মহম্মদ চিদিক চাচুৱে ওচৰৰ আন এখন ফাৰ্মেচিত তেওঁৰ ৰক্তচাপ পৰীক্ষা কৰোৱাইছিল। শ্ৰীনগৰৰ এখন ব্যক্তিগত হস্পিতালত তেওঁৰ গলব্লাডাৰৰ অস্ত্ৰোপ্ৰচাৰ হৈ যোৱা বেছি দিন হোৱা নাই। তেওঁ কৈছিল যে, “ডিচপেনচেৰি (এনটিপিএইচচি)খন থকা-নথকা একেই। তালৈ কোনোৱেই নাযায়। আমি এই কাষৰে ফাৰ্মেচিবোৰলৈ আহো, ইয়াতে ঔষধো সহজতে পোৱা যায়।”

চাচু যোৱা ফাৰ্মেচিখন বিলাল আহমদ ভাটৰ। তেওঁ শ্ৰীনগৰৰ দক্ষিণ উপকণ্ঠত থকা নাওগামত থাকে। তেওঁক জম্মু আৰু কাশ্মীৰ ফাৰ্মেচি পৰিষদে প্ৰদান কৰা নথি-পত্ৰ উলিয়াই মোক ক’লে যে তেওঁ এজন স্বীকৃতিপ্ৰাপ্ত ফাৰ্মেচিষ্ট।

তেওঁৰ দোকানত ঔষধ থকা প্লাইউডৰ আলমাৰি আৰু ৰোগী চোৱাৰ বাবে এখন বিছনাও আছে। পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভাটে প্ৰায় ১০ জনৰ পৰা ২৫ জন ৰোগী চায়, বেছিভাগেই সৰ-সুৰা বেমাৰ লৈয়ে তেওঁৰ ওচৰলৈ যায়। ভাটেও ৰোগী চোৱাৰ বাবদ কোনো মাচুল নলয়, মাত্ৰ ঔষধ সমূহ সৰ্বোচ্ছ খুচুৰা মূল্যত বিক্ৰি কৰে।

ডাল হ্ৰ্দত এখন হস্পিতালৰ প্ৰয়োজন বুলি তেওঁ জোৰ দি কৈছিল। “ইয়াত অন্তত এজন স্ত্ৰীৰোগ বিশেষজ্ঞৰ প্ৰয়োজন। প্ৰ্সূতি বিভাগৰ এখন ক্ষুদ্ৰ-হস্পিতালো লাগে য’ত মহিলাসকলে তেওঁলোকৰ প্ৰয়োজনীয় সুবিধাসমূহ পাব পাৰে। ইয়াত বিভিন্ন পৰীক্ষা কৰোৱাৰো কোনো সুবিধা নাই। মানুহে আন নহ’লেও ব্লাড-চুগাৰ, তেজৰ সম্পূৰ্ণ পৰীক্ষা কৰাৰ সুবিধাকণ পাব লাগে। ইয়াৰ বেছিভাগ মানুহেই শ্ৰমিক, সিহঁত দুখীয়া মানুহ। যদি তেওঁলোকে এই সুবিধাসমূহ এনটিপিএইচচি ঔষধালয়ত পালেহেতেঁন, এই হাড় কপোৱা জাৰত মোৰ ওচৰলৈ মাত্ৰ ৫ টকা মূল্যৰ টেবলেট নিবলৈ আহিব লগা নহলহেতেঁন”।

সেইদিনা পুৱাৰ ভাগত বিলালৰ কুলি মহল্লাত থকা এজন কৰ্কট ৰোগীক তেওঁৰ ঘৰত গৈ চাব লগা আছিল। “তেওঁৰ চিকিৎসা এছকেআইএমএচ-ত হৈ আছে আৰু মই তেওঁৰ চেলাইন চোৱা-দিয়া কামটো কৰিব লাগে। তেওঁৰ ঘৰ হ্ৰ্দৰ পুৱ পাৰত থকা নেহেৰু পাৰ্ক ঘাটৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰৈত। “সেই সময়চোৱাত মই দোকান বন্ধ কৰিব লাগে। তেওঁ শিকাৰা চলোৱা এজন দুখীয়া মানুহ, তেখেতৰ পৰা মই মাচুল ল’ব নোৱাৰো।”

For people living in the Lake's mohallas, the services offered by Nazir and at least three others who run similar pharmacies – and double up as ‘doctors’ or medical advisers – are often their only accessible healthcare option
PHOTO • Adil Rashid
For people living in the Lake's mohallas, the services offered by Nazir and at least three others who run similar pharmacies – and double up as ‘doctors’ or medical advisers – are often their only accessible healthcare option
PHOTO • Adil Rashid

হ্ৰদটোৰ মহল্লানিবাসীসকলৰ কাৰণে নাজিৰ আৰু আন একেধৰণৰ ফাৰ্মেচি চলোৱাসকলেই ডাক্তৰ , কিবা এটা হ লে তেওঁলোকৰ কাষ চপাৰ বাদে বিকল্প নাথাকে

এনটিপিএইচচিখন ৪ বজাত বন্ধ হৈ যায়, সেয়ে সন্ধিয়াৰ পিছত হ্ৰ্দৰ মানুহখিনি ফাৰ্মেচিষ্ট কেইজনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰে। “মই ৰাতি যেতিয়া ঘৰত থাকো, তেতিয়াও ফোন আহে,” বিলালে কয়। “এবাৰ এগৰাকী বয়সীয়া মহিলাৰ ঘৰৰ পৰা ফোন কৰি কৈছিল যে তেওঁ উশাহ লব পৰা নাই।” তেখেতৰ এটা অস্ত্ৰোপ্ৰচাৰ শ্ৰীনগৰৰ এখন হস্পিতালত হৈছিল আৰু তেওঁৰ বহুমূত্ৰৰ লগতে হৃদজনিত সমস্যাও আছিল। “তেওঁলোকে যেতিয়া মাজৰাতি ফোন কৰিছিল মই সন্দেহ কৰিছিলো তেওঁৰ নিশ্চয় কাৰ্ডিয়েক এৰেষ্ট হৈছে আৰু (ফোনতে) পলম নকৰি হস্পিতাল আনিবলৈ উপদেশ দিছিলো। তেওঁলোকে তাকে কৰিলে আৰু সেয়া হাৰ্ট ষ্ট্ৰ’ক বুলি ধৰা পৰিছিল। সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰিছিল।

হ্ৰ্দৰ ভিতৰভাগ, যিবোৰ মিডিয়াৰ পৰা দূৰত আৰু ফটোগ্ৰাফাৰৰ কেমেৰাই ঢুকি নাপায়, তেনেবোৰ দ্বীপত সমস্যা আৰু গম্ভীৰ হৈ পৰে। শীতৰ হাড় কপোৱা জাৰত সামান্য দূৰত্ব অতিক্ৰম কৰিবলৈয়ো ছয় ইঞ্চি ডাঠ বৰফৰ প্ৰলেপ ভাঙি নাওঁবোৰ আগুৱাই নিব লগা হয়। জহৰ দিনত যি যাত্ৰা মাত্ৰ ৩০ মিনিটৰ, বৰফাবৃত হ্ৰদত সেই যাত্ৰা তিনিঘণ্টাতকৈয়ো বেছি দীঘলীয়া হয়।

টিন্দ মহল্লাৰ দৰে এনে ভিতৰুৱা অঞ্চলত বাস কৰা ২৪ বছৰীয়া হাদিছা ভাটে ক’লে, “আমি এনে সেৱা বিচাৰো য’ত ডাক্তৰ দিনে ৰাতিয়ে থাকে”।  হাদিছা এগৰাকী গৃহিণী, তেওঁৰ চাৰিজন ককায়েকে খেতি-বাতি কৰে আৰু আন সময়ত হ্ৰদত শিকাৰা চলায়। তেওঁ আৰু ক’লে যে “আমাৰ ইয়াত পৰীক্ষাৰ সুবিধাও থাকিব লাগে। দিনৰ ভাগত বা সন্ধিয়া দেৰিকৈ হ’লেও আমি নাজিৰৰ ফাৰ্মেচিলৈ যাও। কিন্তু কাৰোবাৰ যদি ৰাতি কিবা হয়, তেওঁক ৰাইনাৱাড়ী নিবৰ বাবে নাওঁ বা ভূৰৰ যোগাৰ কৰিব লাগে। ডাঙৰ মানুহে যেনে-তেনে কষ্টৰে ৰাতিটো ৰ’ব পৰিলেও শিশুৰ বাবে বৰ কষ্টকৰ”।

২০২১ৰ মাৰ্চত যেতিয়া তেওঁৰ মাক পৰিছিল আৰু হাড় ভঙাৰ সন্দেহত নেহেৰু পাৰ্কৰ পৰা প্ৰায় ৮ কিঃমিঃ দূৰৰ দক্ষিণ শ্ৰীনগৰৰ বাৰঝুলাত থকা ৰাজ্যিক হাড় আৰু গাঁঠিৰ চিকিৎসা হস্পিতাললৈ নিয়া হৈছিল। “যদিও তেওঁৰ আঘাত গভীৰ নাছিল, সেই হস্পিতালখন পাবলৈ আমাৰ দুই ঘণ্টা লাগিছিল। (লগতে অ’টো আৰু টেক্সি ভাড়া) হাদিছাৰ ভায়েক আবিদ হুছেইন ভাটে কৈছিল। “আমি তাৰ পিছতো আৰু দুবাৰ হস্পিতাল গৈছো যিহেতু তেওঁৰ ৰোগৰ চিকিৎসা কৰাবলৈ ইয়াত একো সুবিধা নাই।”

হস্পিতাললৈ হ্ৰদৰ পৰা ৰোগী অনা-নিয়া সমস্যাটো সমাধান কৰাৰ আন একো উপায় নেদেখি ২০২০ৰ ডিচেম্বৰত তাৰীক আহমেদ পটলুৱে তেওঁৰ নিজা শিকাৰাখনকে হ্ৰদটোৰ মানুহৰ বাবে এম্বুলেঞ্চ কৰি পেলালে। খবৰ কাগজত ওলোৱা মতে, তেওঁৰ পেহীয়েকৰ হ্ৰদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু আৰু তেওঁৰ নিজৰ ক’ভিড-১৯ সংক্ৰমণ হোৱাত তেওঁ এই কাম কৰে। এটা ন্যাসৰ পৰা তেওঁ  আৰ্থিক সহায়ো পাইছিল আৰু এতিয়া এম্বুলেঞ্চখনত এখন ষ্ট্ৰেচ্চাৰ, এখন হুইলচেয়াল, এটা অক্সিজেন চিলিণ্ডাৰ, প্ৰাথমিক চিকিৎসাৰ টোপোলা, গ্লুক’মিটাৰ আৰু ৰক্তচাপ জোখা এটা মেচিন আছে। ৫০ বছৰীয়া পটলুৱে আশা কৰিছে যে খুউব সোনকালেই তালৈ এজন প্ৰশিক্ষিত চিকিৎসা বিষয়া আৰু এজন ডাক্তৰ আনিব। তেওঁৰ হিচাপ মতে এম্বুলেঞ্চখনে ৩০ জন ৰোগীক হস্পিতাললৈ নিছে আৰু লগতে হ্ৰদত মৃতদেহ কঢ়িওয়াতো সহায় কৰিছে।

Tariq Ahmad Patloo, houseboat owner who turned a shikara into a 'lake ambulance'
PHOTO • Adil Rashid
Tariq Ahmad Patloo, houseboat owner who turned a shikara into a 'lake ambulance'
PHOTO • Adil Rashid

নিজৰ শিকাৰাখনকে লেক এম্বুলেঞ্চ কৰি তোলা হাউচবোটখনৰ গৰাকী তাৰিক আহমদ পাটলু

শ্ৰীনগৰৰ স্বাস্থ্য বিষয়াসকলে তেওঁলোকৰ ফালৰ পৰা যথেষ্ট কষ্ট কৰিছে। এজন জ্যেষ্ঠ বিষয়াক হ্ৰদৰ পুতৌলগা সেৱাৰ কথা সোধাত তেওঁ শ্ৰীনগৰৰ খান্যাৰত থকা হস্পিতালত বিভাগীয় মানুহৰ নাটনিৰ কথা উল্লেখ কৰিছিল। জিলা হস্পিতালখন (ৰাইনাৱাড়ী জৱাহৰলাল মেম’ৰিয়েল হস্পিতাল) ২০২০ৰ মাৰ্চত ক’ভিড-১৯ হস্পিতাললৈ ৰূপান্তৰ কৰাৰ পাছতে বহুতো ক’ভিড নথকা ৰোগীক তেওঁৰ হস্পিতাললৈ অনা হয়, কিন্তু তাৰ লগতে এই বৰ্দ্ধিত সংখ্যা চম্ভালিব পৰাকৈ অতিৰিক্ত স্বাস্থ্যকৰ্মী দিয়া নহ’ল। এই বছৰৰ জানুৱাৰী মাহত তেওঁ মোক কৈছিল, “যদি এটা গতানুগতিক দিনত আমি ৩০০ ৰোগী পাওঁ, এতিয়া আঠশ-নশ আহে বা কেতিয়াবা পোন্ধৰশও হয়গৈ।

“হ্ৰদৰ মানুহখিনিৰ সৰু-সুৰা ৰোগৰ প্ৰয়োজনীয়তাতকৈ অলপ ডাঙৰ বেমাৰৰ চিকিৎসাৰ বাবে উপ-স্বাস্থ্য কেন্দ্ৰ আৰু এনটিপিএইচচি-ৰ কৰ্মচাৰীসকলক সাধাৰণতে কৰাতকৈ বেছিকৈ নিশাৰ ডিউটি কৰিবলৈ মাতি অনা হয়। বিষয়াজনে ক’লে, এইটো কাৰ্য্য নিয়মীয়াকৈ চলি থকাৰ বাবে এনটিপিএইচচি আৰু কুলি মহল্লাৰ ফাৰ্মেচিষ্টজনক প্ৰায়ে দেখা পোৱা নাযায়। এফএমপিএইচডব্লিউ-ৰ কৰ্মচাৰীসকলো তেওঁলোকৰ নিজৰ নিজৰ স্বাস্থ্য কেন্দ্ৰত কাম কৰাৰ উপৰিও ক’ভিড-১৯ৰ সংক্ৰমণ হোৱা ব্যক্তি কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেয়াও বিচাৰ-খোচাৰ কৰা কামত নিয়োজিত, এক কথাত তেওঁলোকৰ ওপৰতো কামৰ হেঁচা বহুত বেছি।

কুলি মহল্লাৰ এনটিপিএইচচি-ত দহবছৰ ধৰি কৰ্মৰত ৫০ বছৰীয়া ইফটিকাৰ আহমেদ ৱাফাই নামৰ ফাৰ্মেচিষ্টজনে কৈছিল যে খান্যাৰৰ হস্পিতালত এটা মাহতে তেওঁক পাঁচবাৰকৈ নৈশ সেৱাৰ বাবে মাতে আৰু পিছদিনা ৰাতিপুৱা তেওঁ এনটিপিএইচচি-লৈ আহিব নোৱাৰে। “অতিৰিক্ত কামৰ বাবে আমি একো পইছা নাপাও, তথাপি আমি কৰো। আমি জানো সকলো কামৰ বাবে কৰ্মচাৰীৰ নাটনি হৈছে আৰু এই অতিমাৰীত ইয়াৰ সকলো সীমা চেৰাই গৈছে।”

তেওঁ আৰু কৈছিল যে এনটিপিএইচচি-ত প্ৰায় তিনি বছৰত এজনো ডাক্তৰ দিয়া নাই। তেওঁ কৰ্মচাৰীৰ নাটনিৰ বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰোতে তেওঁক ‘মিলাই’ ল’বলৈ কোৱা হৈছিল। “মই কেন্দ্ৰটো নিজে চাফ-চিকুন কৰো। কেতিয়াবা ৰোগীক বেজীও দিওঁ, সময়ত তেওঁলোকে জোৰ কৰিলে ৰক্তচাপো পৰীক্ষা কৰো। এইয়া যে তেওঁৰ চাকৰিৰ বাহিৰৰ কাম ৱাফাই বুজায় কৈছিল।  “কিন্তু ৰোগীয়ে এই কথা বুজি নাপায় আৰু আপুনি যেনেকৈয়ে পাৰে তেনেকৈয়ে সহায় কৰিব লাগে।

আৰু যিহেতু ৱাফাইক এনটিপিএইচিচ-ত সদায় পোৱা নাযায়, ডাল হ্ৰদৰ বাসিন্দাসকলে সাধৰণতে বন্ধ হৈ থকা এনটিপিএইচিচখন চেৰাই আগত থকা ঔষধ-ফাৰ্মেচিলৈ যায় য’ত তেওঁলোকে বিপদৰ সময়ত সহায় পায়।

অনুবাদ: চিত্ৰানী সোনোৱাল

Adil Rashid

Adil Rashid is an independent journalist based in Srinagar, Kashmir. He has previously worked with ‘Outlook’ magazine in Delhi.

यांचे इतर लिखाण Adil Rashid
Translator : Chitrani Sonowal

A doctorate from North-Eastern Hill University (NEHU) of Shillong, Meghalaya, Chitrani Sonowal is an independent researcher. She can be reached at [email protected]

यांचे इतर लिखाण Chitrani Sonowal