গাওঁবাসীৰ সৈতে থকা এক বিভাগীয় মতবিৰোধ দুৰ কৰিবলৈ ২০১৪ত উৰিষ্যাৰ বন বিভাগৰ বিচ্চামকট্টক খণ্ডৰ এগৰাকী বিষয়াই কন্ধগুড়া গাঁৱলৈ গৈছিল। তাতে গৈ তেঁওৰ চকু কপালত উঠে। আলোচনাত সাধাৰণতে পুৰুষৰ উপস্থিতি দেখি অহা বিষয়াগৰাকীয়ে তাতে গৈ মহিলাৰ দল এটাৰহে সমুখীন হয়। তাতে জ্যেষ্ঠ মহিলা কেইগৰাকীমানে আলোচনাৰ আঁত ধৰিবলৈ আগবাঢ়ি আহিছে। দেশৰ অইন ঠাইৰ গাঁৱত হয়তো গাঁওবুঢ়া সহিতে এগালমান পুৰুষক দেখা গ’লহেঁতেন, এই সমাগম তেনেই বিৰল।
কিন্তু কন্ধসকলৰ পৰম্পৰা ভিন্ন। ৰায়গড়া জিলাৰ (জনসংখ্যা ৯,৬৭,৯১১। ইয়াৰে ৫,৪১,৯০৫ বিভিন্ন জনগোষ্ঠীয় লোক) সমভূমি অঞ্চলত বাস কৰি অহা প্ৰধান জনগোষ্ঠীটোত গুৰুত্বপূৰ্ণ সামূহিক সিদ্ধান্তবোৰ মহিলাই লয়। পিতৃপ্ৰধান সমাজ হোৱা স্বত্বেও পুৰুষ-মহিলা সকলোৱে সমানভাৱে জীয়াই থকাৰ সুবিধা পোৱাটো বিচাৰে জনগোষ্ঠীটোৱে। 'নিয়াম ৰাজা (নিয়ামগিৰিৰ দেৱতা) সৌ পাহাৰত বহি আছে, তেৰা হৈছে পুৰুষ আৰু আমাৰ গাঁৱত যিগৰাকীক আমি মানো সেইগৰাকী হৈছে দেৱী (গাঁৱৰ সোঁমাজতে স্থাপিত কাঠৰ টুকুৰাত খোদিত দেৱী)। আমি এই দুই দেৱ-দেৱীৰ কৃপাদৃষ্টিতে বৰ্তি আছো। ইয়াৰে কোনো এগৰাকীৰে কোপদৃষ্টি পৰিলে জীৱনৰ বিনাশ ঘটিব।’ নিয়ামগিৰিৰ কাৰান্দিগুড়া গাঁৱৰ ৬৫ বৰ্ষীয় লোকনাথ নাওৰিয়ে বুজাই ক’লে।
কন্ধসকলৰ শ্ৰমবিভাজন এই দৰ্শনৰ ওপৰতে প্ৰতিষ্ঠিত। মহিলাসকলে সমানেই ভাগ লয়। প্ৰতিখন গাঁৱতে থকা গাঁও পৰিচালনাৰ মঞ্চ কুটুম্ভত নিজৰ মতামত উত্থাপন কৰে। পুৰুষে খেতি-বাতিৰ লগতে চিকাৰ কৰে। জনগোষ্ঠীটোৰ আন কাম-কাজ মহিলাই চম্ভালে।






