'বাউল' শব্দটো সংস্কৃত বাতুল শব্দৰ পৰা অহা, যাৰ অৰ্থ হৈছে উন্মাদ, বিশৃংখল অথবা ভুতে ধৰা। 'বাউল' মানে বেংগলত সৃষ্টি হোৱা একধৰণৰ সংগীতৰ ধাৰাকো বুজোৱা হয়।
বাউল সম্প্ৰদায়টো সাধাৰণতে যাযাবৰ। বাউল হৈছে এক ইছলাম, হিন্দু আৰু বৌদ্ধধৰ্মৰ সংমিশ্ৰণেৰে গঢ় লৈ উঠা একপ্ৰকাৰৰ ধৰ্ম। সমাজৰ পাৰম্পৰিক নীতি-নিয়ম অস্বীকাৰ কৰি সংগীতকে তেওঁলোকে একতাৰ শক্তি বুলি বিবেচনা কৰে। তেওঁলোকৰ গানেই জীৱনৰ এক স্পষ্ট দৰ্শন দাঙি ধৰে। বাউল সেই সম্প্ৰদায়টোৰ মাজত সৃষ্টি হোৱা নাই। সেই সংগীতৰ ধাৰাকেই তেওঁলোকে জীৱন যাপনৰ অৱলম্বন হিচাপে লৈছে আৰু গুৰুৰ অধীনত এয়া আৰম্ভ কৰিছে।
বাউল বুলি কোৱ মহিলা আৰু পুৰুষ সকলোৰে বৈশিষ্টসুলভ পোচাক, নকটা আৰু জঁট লগা চুলি, গেৰুৱা ধুতী বা শাৰী, গলত ৰুদ্ৰাক্ষৰ মালা থাকে আৰু হাতত একতাৰা এটা লৈ ফুৰে। আজিৰ তাৰিখলৈ মৌখিক গীতেই তেওঁলোকৰ অৱলম্বন আৰু গান গোৱাৰ বাবদ পোৱা পইছাই তেওঁলোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ উৎস। গায়কৰ জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি এজন বাউলে গীত পৰিৱেশনৰ বাবদ ২০০ টকাৰ পৰা আৰম্ভ কৰি ১০০০ টকালৈ মাননি পায়।




