গণেশ ছোৰেনৰ গাবগুবিখন হৈছে বাংলা লোকসংগীতৰ এক জনপ্ৰিয় বাদ্যযন্ত্ৰ খমকৰ আদিবাসী ৰূপ আৰু পূৰ্বৰ সংস্কৰণ। মজাৰ কথাটো হ’ল যে তেওঁ এইখন তৈয়াৰ কৰিবলৈ তেওঁৰ পুত্ৰৰ খেলনা ঢোলটো ব্যৱহাৰ কৰিছিল। তেওঁ কয়, ইয়াৰ সুৰ শুনিলে তেওঁৰ পুত্ৰই আনন্দত হঁহা নিষ্পাপ খিলখিল হাঁহি আৰু ইয়াৰ তালত অৰণ্যখনৰ কথা মনত পৰে। “মনটো সজীৱ কৰি ৰাখিবলৈ মই ১৫ বছৰ ধৰি এই দুয়োটা বাদ্যযন্ত্ৰ বজাই আহিছোঁ”, তেওঁ কয়। “এটা সময় আছিল যেতিয়া মই গোটেই দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত সদায় সন্ধ্যাজুৰি এই বাদ্য বজাইছিলোঁ আৰু মানুহে শুনিবলৈ আহিছিল। কিন্তু এতিয়া তেওঁলোকৰ হাতত বহুত বিকল্প আছে আৰু কোনেও এই বৃদ্ধৰ সংগীত শুনিবলৈ নাহে।”
তেওঁলোকৰ গাঁৱৰ বহুতেই বিভিন্ন চহৰত মিস্ত্ৰী বা দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰে, আৰু তেওঁলোকৰ কিছুসংখ্যকে এতিয়াও বানামখন লগত লৈ যায়। কিন্তু বহুতৰে এই সাংগীতিক পৰম্পৰা শিকাৰ আগ্ৰহ নাই বুলি জনায় গণেশ আৰু হপনে। হপনে কয়, “আমাৰ গাঁও আৰু সম্প্ৰদায়ৰ মাজত এই অনন্য সুৰ সৃষ্টি কৰিব পৰা জ্ঞান আৰু শিল্পনৈপুণ্য থকা খুব কম মানুহহে এতিয়া আছেগৈ।”
গণেশে কয়, “এয়া শিকাবৰ বাবে আমাৰ স্থানীয় স্কুলত এই বাদ্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন।” কিন্তু তেওঁ কয় যে, এতিয়াৰ প্ৰজন্মৰ এটা বাটনৰ ক্লিকতে উপলব্ধ ষ্ট্ৰীমিং সংগীত আৰু ম’বাইল এপৰ প্ৰতিহে আকৰ্ষণ বেছি। গতিকে, তেওঁলোকক কেনেকৈনো বানামৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা যাব?
গণেশ আৰু হপনৰ কোনোজনৰেই ম’বাইল ফোন নাই আৰু তেওঁলোকৰ কিনাৰো সামৰ্থ্য নাই
গণেশ আৰু হপন দুয়োজনেই তেওঁলোকৰ প্ৰিয় বানামখন লুপ্তপ্ৰায় হ’বলৈ ধৰাৰ কাৰণ নিজৰ আৰ্থিক অৱস্থা বুলি কয়। তেওঁলোক হৈছে সামান্য মজুৰিত বেছি সময় ধৰি কাম কৰা দৰিদ্ৰ কৃষি শ্ৰমিক। গণেশে কয়, “যদি মই বানাম বজাই থাকিব বিচাৰোঁ, মোৰ গোটেই পৰিয়ালটো দিনৰ পাছত দিন ধৰি ভোকত থাকিব লাগিব।”
“বানামৰ সুৰে আমাৰ ভোক গুচাব নোৱাৰে,” হপনে কয়।
অনুবাদ: বন্যা বৰুৱা