ৰাধাৰ পোহনীয়া কুকুৰকেইটাই তেওঁৰ সাহসৰ মূল্য দিলে। প্ৰথমটো শিৰশ্চেদ কৰি পেলোৱা হ’ল, দ্বিতীয়টোক বিষ দি মৰা হ’ল, তৃতীয়টো হেৰাই থাকিল। চতুৰ্থটোক তেওঁৰ উপস্থিতিতে মাৰি পেলোৱা হ’ল। “মোৰ সৈতে যি কৰিলে, তাৰ বাবে চাৰিজন প্ৰভাৱশালী লোক এতিয়া জেলত আছে,” তেওঁ কয়। “ধৰ্ষণৰ গোচৰটোত বুজাবুজি নকৰাৰ বাবে সিহঁতে মোক বেয়া পায়।”
ৰাধাৰ ওপৰত (নাম কাল্পনিক) চাৰিজন মানুহে যৌন আতিশায্য চলোৱাৰ আজি ছটা বছৰ পাৰ হৈ গ’ল। তেওঁ গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ বীড় চহৰলৈ গৈ আছিল, তেনেতে লিফট্ দিয়াৰ চলেৰে ব্যক্তিগত বাহন এখনৰ চালকে তেওঁক অপহৰণ কৰি লৈ যায়। চালকজনৰ লগতে একেখন গাঁৱৰে তেওঁৰ তিনি বন্ধুই মিলি তেওঁক ধৰ্ষণ কৰে।
“তাৰপাছত তিনি সপ্তাহলৈকে মই খুবেই অস্থিৰ হৈ পৰিছিলো,” ৪০ বছৰ বয়সীয়া ৰাধাই নিজৰ যন্ত্ৰণাৰ কথা বৰ্ণনা কৰি যায়। “তেতিয়াই মই সিদ্ধান্ত ল’লো যে সিহঁতক আইনৰ দ্বাৰা শাস্তি দিয়াম, সেয়ে থানাত এজাহাৰ দিলো।”
তেওঁৰ ওপৰত সেই নাৰকীয় অত্যাচাৰৰ সময়ত ৰাধাই বীড় জিলাত গিৰীয়েক আৰু ল’ৰা-ছোৱালীৰ সৈতে থাকিছিল। “মোৰ স্বামীয়ে বীড়ত ফাইনেন্স এজেন্সী এটাত কাম কৰিছিল। খেতিৰ কাম চাবলৈ এবাৰ মই গাঁৱলৈ গৈছিলো,” তেওঁ কয়।
থানাত অভিযোগ কৰাৰ পাছত ৰাধাক কেচটো উঠাই ল’বলৈ হেঁচা দিয়া হ’ল। অপৰাধী আৰু তেওঁলোকৰ সম্পৰ্কীয় লোকসকল গাওঁ পঞ্চায়তৰ সদস্যৰ সৈতে ভাল আছিল আৰু তেওঁলোক আছিল গাঁৱৰ প্ৰভাৱশালী লোক। “মই হেঁচা পাইছিলো। কিন্তু গাঁৱৰ পৰা আঁতৰি থাকিছিলো। চহৰত মোৰ কাষত বহুতে থিয় দিছিল। তাতে মই কিছু সুৰক্ষিত অনুভৱ কৰিছিলো আৰু আত্মবিশ্বাসো পাইছিলো।”
কিন্তু ২০২০ৰ মাৰ্চত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটাত তেওঁৰ সেই সুৰক্ষাৰ বেষ্টনি খহি পৰিল। গোটেই দেশজুৰি লকডাউন ঘোষণা কৰাত তেওঁ স্বামী মনোজে (তেওঁৰ আচল নাম নহয়) কাম হেৰুৱালে। “আমি ভাড়াঘৰ এটাত থাকিছিলো, কিন্তু মনোজে কাম হেৰুওৱাত তাৰো ভাড়া দিব নোৱাৰা হৈ পৰিলো। চলি থকাই টান হৈ পৰিল।”
কোনো উপায় নথকাত ৰাধা-মনোজে তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটাক লৈ গাঁৱলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল, সেই গাঁৱলৈ য’ত ৰাধা ধৰ্ষিতা হৈছিল। “আমাৰ এই গাঁৱত তিনি একৰ মাটি আছে, সেয়ে আমি ইয়াত থাকিবলৈ আহিলো। আমি বেলেগ উপায় ভাবি নাপালো,” তেওঁ কয়। পৰিয়ালটোৱে এতিয়া সেই মাটিতে জুপুৰি এটাত থাকে, ৰাধাই তাত কপাহ আৰু জোৱাৰৰ খেতি কৰে।
তেওঁ গাঁৱলৈ ঘূৰি অহাৰ পাছৰে পৰা অপৰাধীৰ পৰিয়ালটো ৰাধাৰ ওপৰত একপ্ৰকাৰ জপিয়াই পৰিল। “গোচৰটো চলি আছিল। উঠাই লোৱাৰ বাবে হেঁচা বাঢ়িবলৈ ধৰিলে,” তেওঁ কয়। কিন্তু তেওঁ পিছ হুঁহকিবলৈ মান্তি নহ’ল। লাহে লাহে সেই জোৰ-জবৰদস্তি গুছি ভাবুকিত পৰিণত হ’ল। “মই গাওঁখনত, সিহঁতৰ একেবাৰে সন্মুখতে থকাৰ দৰে হৈছিল। সেয়ে মোক ভাবুকি দিয়া আৰু হাৰাশাস্তি কৰাও তেওঁলোকৰ বাবে সহজ হৈ পৰিল।”




