মোৰ জন্ম হৈছিল নৰ্মদা জিলাৰ মহুপাৰাৰ ভিল সম্প্ৰদায়ৰ বাচাৱা বংশত। এইখন মহাৰাষ্ট্ৰৰ সীমাত থকা ২১ খন গাঁৱৰ মাজৰ এখন (তেতিয়া বম্বে ৰাজ্যৰ অংশ আছিল) যিখন মহাগুজৰাট আন্দোলন (১৯৫৬-১৯৬০)ৰ পিছত যেতিয়া গুজৰাটক ভাষিক ভিত্তিত পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়, তেতিয়া গুজৰাটৰ অংশ হৈ পৰে। এই কাৰণতে মোৰ মা-দেউতাই মাৰাঠী ভাষা কয়। তাপ্তি আৰু নৰ্মদা নদীৰ মাজৰ উপত্যকাটোৱে ভিল সম্প্ৰদায়ৰ বাসস্থান, তেওঁলোকে দেহৱালি ভিল ভাষা কয়। “তাপ্তি নদীৰ আনটো পাৰত মহাৰাষ্ট্ৰৰ জলগাঁৱলৈকে মানুহে দেহৱালিৰ লেখীয়া ভাষা কয়। এইফালে আকৌ গুজৰাটৰ সাতপুৰা পাহাৰৰ মলগি আৰু ধাৰগাঁৱলৈকে দেহৱালি ভিলৰ দৰে ভাষা কয়। দুখন ৰাজ্যৰ মাজৰ এয়া এক বৃহৎ অঞ্চল।”
মই দেহৱালি ভিল ভাষাত লিখো আৰু আমাক ভালকৈ নজনা মানুহে আমাৰ ভাষাটো আমাৰ সম্প্ৰদায়ৰ যোগেদি চিনে। সেয়ে তেওঁলোকে কেতিয়াবা কয় যে মই বাচাৱি ভাষাত লিখো - মোৰ পৰিয়ালটো বাচাৱা ফৈদৰ। মই যিটো ভাষাত লিখো, সেইটো গুজৰাটৰ আদিবাসীসকলে কোৱা ভাষাবোৰৰ মাজৰ এটা। গুজৰাটৰ দাং অঞ্চলৰ ভিলসকলে ৱাৰ্লি ভাষা কয়। অঞ্চলটোৰ মূল ভিলসকলে ভিল ভাষাত কয়। কংকানৰ পৰা অহাসকলে কংকানি ভাষা কয়। বালচৰত তেওঁলোকে ৱাৰ্লি আৰু ধড়িয়া ভাষা কয়। ব্যাৰা আৰু চুৰাটত গামিত ভাষা কয়, উচ্ছালৰ ফালে আৰু চৌধাৰিত আৰু নিজাৰত তেওঁলোকে মাৱচি ভাষা কয়। নিজাৰ আৰু সাগবাৰাত ভিলসকলে দেহৱালি কয়। এনেদৰে আম্বুৰি, কথালি বাচাৱি, তাড়ভি, ৰাথৱি, পঞ্চমহলি ভিল, দুংগাৰি গাৰাছিয়া, দুংগাৰি ভিলি আদি ভাষা আছে…
বীজ এটাত এখন অৰণ্য লুকাই থকাৰ দৰে প্ৰতিটো ভাষাত কিমান জ্ঞান-সাহিত্যৰ ভাণ্ডাৰ নিহিত হৈ আছে, কল্পনা কৰকচোন। প্ৰতিটো ভাষাই সাহিত্য, জ্ঞান, জগতৰ প্ৰতি নিজা নিজা দৃষ্টিভংগী ধৰি ৰাখিছে। মই মোৰ কামৰ যোগেদি এই সম্পদৰ উৎকৰ্ষ সাধন, প্ৰতিকাৰ আৰু উদযাপনৰ অহৰহ চেষ্টা কৰিছো।


