মাৰ্চ মাহৰ সেইদিনা দুপৰীয়াৰ তীক্ষ্ণ ৰ’দত কুঁৱাৰ পৰা ঘৰলৈ পানীৰ তিনিটা কলহ মুৰত লৈ আনি থাকোতে ২৪ বৰ্ষীয় মাণ্টা ৰিঞ্জাড় নিৰ্জন বাটত মূৰ ঘুৰাই পৰি আছিল। ‘কাৰোৱেই চকুত পৰা মই পৰা নাছিলো, শৱ এটাৰ দৰে পৰি আছিলো,’ তাই মনত পেলালে। ‘২০ মিনিটমান পিছত মই সাৰ পাই দেখো যে গোটেইখিনি পানী ইতিমধ্যে নিগৰি শেষ গৈছে। মই কেনেবাকৈ ঘৰ আহি পালো আৰু গিৰীক ঘটনাটো ক’লো। তেওঁ মোলৈ অকণ নিমখ-পানী কৰি দিলে।’

এইবছৰ গালতাৰেৰ অইন মহিলাৰ দৰে মমতাইও তিনি কিলোমিটাৰ দুৰত থকা এটা কুঁৱালৈ প্ৰখৰ ৰ’দ নেওচি দৈনিক যাত্ৰা আৰম্ভ কৰিছে। তাকো আগৰ বছৰবোৰতকৈ বহুদিন আগেয়ে এই যাত্ৰা আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাডা তালুকৰ গালতাৰে গাঁৱৰ কুঁৱা দুটা ইতিমধ্যে ফেব্ৰুৱাৰীতে শুকাইছে। গাঁৱৰ মানুহে কোৱা মতে যোৱা বছৰ সেই কুঁৱা দুটাৰ পৰা ৰন্ধা-বঢ়া আৰু খোৱা পানী মে’ মাহৰ শেষলৈকে তুলিব পৰা গৈছিল। তাৰে পানী শুকুৱাৰ পিছত মহিলাসকলে দূৰণিবটীয়া ঠাইলৈ খোজ কাঢ়ি যাবলগীয়া হয়। তাতো পানী কমেই থাকে। কিন্তু এইবাৰ ২০১৯ত পানীৰ সংকট বহু আগেয়েই দেখা দিলে।

‘প্ৰতিবাৰেই গ্ৰীষ্মকালত মই পানীৰ সমস্যাৰ সমুখীন হওঁ, কিন্তু এইবাৰ পানীৰ সকলো উৎস শুকাই যাব ধৰিছে,’ ৪২ বৰ্ষীয় মানালী পাণ্ডেয়ে কয়। মমতাৰ দৰে তেওঁ নিজেও দিনে ১৫৫ টকাৰ বিনিময়ত চাফাই কৰ্মী হিচাপে এটা ডাঙৰ মন্দিৰৰ প্ৰাংগণত কাম কৰে। তাতে তেওঁৰ গিৰীয়েকেও বাহন চালক হিচাপে কাম কৰে। ‘আমাক এবাৰো টেংকাৰেৰে পানী দিয়া হোৱা নাই আৰু কিনিবলৈকো আমাৰ পানী নাই,’ মানালীয়ে কয়।

গাঁৱৰ পৰা আধা কিলোমিটাৰ মান দুৰেৰে পাৰ হৈ যোৱা বৈতৰ্ণা নৈখন গালতাৰেৰ ২,৪৭৪ বাসিন্দাৰ (২০১১ৰ লোকপিয়ল মতে) বাবে পানীৰ অন্যতম উৎস। বাসিন্দাসকলৰ প্ৰায়ভাগেই কোলি মলহাৰ আৰু ৱাৰ্লি সম্প্ৰদায়ৰ (লোকপিয়লত ভাৰ্লি হিচাপে অন্তৰ্ভূক্ত)। এইবছৰ মে’ মাহৰ পৰা নৈখনৰ বুকুত শিলহে দেখা গৈছে, পানী খুবেই কম। যোৱাবাৰ গ্ৰীষ্মকালত গালতাৰেৰ মানুহে কোৱা মতে বৈতৰ্ণাত পানী এইবাৰতকৈ বেছি আছিল। ‘নৈখনত (এতিয়া) থকা সামান্য পানীখিনিৰে এতিয়া গৰু- ছাগলীক গা ধুওৱা হয় আৰু সেই একেই লেতেৰা পানী গাঁৱৰ নলবোৰলৈ যায়,’ মানালীয়ে কয়।

Mamta Rinjad
PHOTO • Shraddha Agarwal
Mamta Rinjad’s house
PHOTO • Shraddha Agarwal

মমতা ৰিঞ্জাড়ে (বাওঁফালে) গালতাৰে গাঁৱৰ পৰা এটা কেঁচা কুঁৱালৈ তিনি কিলোমিটাৰ বাট খোজ কাঢ়ে, এবাৰ-দুবাৰ নহয়, ভালেকেইবাৰ

মৌচুমী জলবায়ুৰ প্ৰভাৱ কম পৰাটোও পানীৰ অভাৱ হোৱাটো আন এটা কাৰণ। ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্যমতে পালঘৰত ২০১৭ৰ ৩,০১৫ মি.মি. আৰু ২০১৬ৰ ৩০৫২ মি.মি.ৰ বৃষ্টিপাতৰ তুলনাত ২০১৮ত তিনিটা বৰ্ষৰ ভিতৰতে আটাইতকৈ কম বৃষ্টিপাত হৈছিল। সেয়া আছিল জুন মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত ২,৩৯০ মি.মি.। ‘বৰষুণ ক্ৰমে হ্ৰাস পালে, গ্ৰীষ্মকাল আগতকৈ সোনকালে আহিবলৈ ধৰিলে, নৈ শুকাব ধৰিলে। গৰম বঢ়াৰ ফলত আমি বেছি পানী খাবলগীয়া হৈছে,’ মন্দিৰৰ প্ৰাংগণত গাড়ী চলাই দৰ্শনাৰ্থী অনা-নিয়া কৰি দিনে ২৫০ টকা উপাৰ্জন কৰা প্ৰদীপ পড়ৱালেয়ে কয়।

অঞ্চলটোত বৃহৎ হাৰত হোৱা নিৰ্বনানীকৰণৰ ফলত নদীবোৰ শুকাই যাব ধৰিছে, মুম্বাইৰ পৰিৱেশবিদ ষ্টেলিন দয়ানন্দই কয়। ‘বৰ্ষ ব্যাপী নৈবোৰ বতৰীয়া নৈ হৈ পৰিছে। বন আৰু নৈৰ মাজৰ সম্পৰ্ক ছিন্ন হ’লে এনেকুৱা হয়।’

বৈতৰ্ণাৰ পানী গালতাৰেৰ ৪৪৯ ঘৰ পৰিয়াললৈ ১২ টা ৰাজহুৱা নলৰ জৰিয়তে যোগান ধৰা হয়। তাৰ বাবে পঞ্চায়তে প্ৰতিমাহে ৩০ টকা আদায় কৰে। দুসপ্তাহ আগতে সেই নলকেইটা শুকাই গ’ল। আগতে প্ৰদূষিত নলৰ পানী খাই গাঁৱৰ শিশু কেতিয়াবা বেমাৰত পৰিছিল। ‘সৰু ল’ৰা-ছোৱালীয়ে পানী লেতেৰা বুলি নাজানে,’ প্ৰদীপৰ পত্নি ২৬ বৰ্ষীয় প্ৰতীক্ষা পড়ৱালে কয়। প্ৰতীক্ষাৰ দুই পুত্ৰ-প্ৰতীক আৰু প্ৰণীত, বয়স ক্ৰমে ১০ আৰু ৮ বছৰ। ‘দুমাহ আগতে ৰাতি ১১ মান বজাত প্ৰতীক টান নৰিয়াত পৰিল। সি কান্দিব ধৰিলে আৰু বমি কৰিব ধৰিলে। আমি ওচৰৰে এজন অটোচালকক হস্পিতাললৈ যাবলৈ অনুৰোধ কৰিলোঁ,’ প্ৰতীক্ষাই বৰ্ণনা কৰি গ’ল। হস্পিতাল মানে গালতাৰেৰ পৰা আঠ কিলোমিটাৰ দূৰৰ হামাৰাপুৰ গাঁৱত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কথা কৈছে প্ৰতীক্ষাই।

One of the dugwells of Galtare
PHOTO • Shraddha Agarwal
Vaitarna river
PHOTO • Shraddha Agarwal

গালতাৰে গাঁৱত থকা দুটা কুঁৱা (তাৰে এটাৰ আলোকচিত্ৰ বাওঁফালে আছে) শুকাই গৈছে আৰু কাষৰে বৈতৰ্ণা নদী (সোঁফালে)ত মাত্ৰ দুটামান আঁওচতহে পানী দেখা গৈছে

গাঁৱৰ বাহিৰতে পড়ৱাল পৰিয়ালৰ তিনি একৰ মাটি আছে, তাতে তেওঁলোকে জোৱাৰ আৰু ধান খেতি কৰে। ‘আমাৰ গাঁৱৰ বহুতৰে ২-৩ একৰকৈ মাটি আছে, কিন্তু পানী নহ’লে সেয়া অৰ্থহীন। আনকি মই নিজে খেতিয়ক হৈ গ্ৰীষ্মকালত গাড়ী চালকৰ কাম কৰোঁ,’ প্ৰদীপে কয়।

গাঁৱত থকা পুৰণি ব’ৰৱেল দুটাৰ পৰা পানীৰ ছিটিকনিহে পৰে। হেণ্ডপাম্প দুটা সঘনাই ভাঙি থাকে। ২০১৮ত আৰু ২০১৫ৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত পঞ্চায়তে গাওঁখনৰ সমীক্ষা চলাই নতুনকৈ পাঁচটা ব’ৰৱেল খন্দা গালতাৰেৰ ৰাইজৰ মনত আছে যদিও হেণ্ড পাম্প লগোৱা নহ’ল। ‘মই আনকি দলিলো সাজু ৰাখিছিলোঁ, হেণ্ড পাম্পৰ কাৰণে মোৰ মাটি ব্যৱহাৰ কৰিব পাৰিব বুলি তাতে উল্লেখ কৰিছিলোঁ। পঞ্চায়তে এতিয়াও নিৰ্মাণ কাৰ্য আৰম্ভ কৰা নাই,’ প্ৰতীক্ষাই কয়।

‘আমি বছৰি মাত্ৰ ১০ লাখ টকাৰ পুঁজি পাও। এটা ব’ৰৱেল খান্দোতে ৮০ হাজাৰ টকা ব্যয় হয়। আমি অইন আৱশ্যকীয় কামত পুঁজি ব্যৱহাৰ কৰিবলগীয়া হয়,’ ৩২ বৰ্ষীয় যোগেশ বাৰ্থাই কয়। মই প্ৰশ্ন কৰাৰ সময়ত তেওঁৰ পত্নি তথা গালতাৰেৰ চৰপঞ্চ ২৯ বৰ্ষীয় নেত্ৰা নীৰৱে আছিল, উত্তৰ দিছিল যোগেশে।

যেতিয়া পানীৰ উৎসবোৰ শেষ হৈ যায়, গাঁৱৰ তিৰোতা আৰু ছোৱালীবোৰে সাধাৰণতে পৰিয়ালৰ কাৰণে আৱশ্যক হোৱা পানী বোজাই কৰি অনা আৰু মজুত কৰাৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া হয়। ‘চহৰৰ পৰা আমাৰ বাবে পানীৰ টেংকাৰ আনক, আমি ভাগৰি পৰিছোঁ,’ তিনি কিলোমিটাৰ দূৰৰ কুঁৱাৰ অগভীৰ তলিৰ পৰা পানী উলিওৱাৰ চেষ্টা কৰা নন্দিনী পড়ৱালে প্ৰায় চিঞৰিয়ে ক’লে। সেই অগভীৰ তলিৰ কুঁৱাটোৱে এতিয়া তাইৰ পৰিয়ালটোৰ বাবে খোৱাপানীৰ একমাত্ৰ সম্বল হৈ পৰিছে। তাই ১০০ ফুট দঁ কুঁৱাটোৰ তিনি ফুট বেধৰ বেৰখনত থিয় হৈ ৰছী এডালেৰে প্লাষ্টিকৰ বাল্টি এটা ওপৰলৈ টানিছে। এটা ভুল খোজ দিলে তাই তললৈ সৰি পৰিব পাৰে।

Pratiksha Padwale showing contaminated tap water
PHOTO • Shraddha Agarwal
Contaminated tap water
PHOTO • Shraddha Agarwal
One of the hand pumps that barely trickles water
PHOTO • Shraddha Agarwal

নৈৰ পৰা তোলা ঘোলা পানীৰ সৈতে প্ৰতীক্ষা পড়ৱাল (বাওঁফালে আৰু সোঁমাজত)। গাঁৱৰ পুৰণি ব’ৰৱেল দুটা (সোঁফালে) সঘনে বেয়া হৈ থাকে

নন্দিনীয়ে ঘৰৰ পৰা কুঁৱালৈ পানী আনিবলৈ অহা-যোৱা কৰোঁতে ৫০-৬০ মিনিট লাগে। তাই দিনটোত অতি কমেও চাৰিপাক মাৰিবলগীয়া হয়, পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰি দুবাৰ, দুপৰীয়া এবাৰ আৰু সাঁজ লগাৰ আগে আগে ৬ বজাত এবাৰ। ‘মই মাজ বাটত জিৰাবলৈও ৰ’ব নোৱাৰোঁ,’ নন্দিনীয়ে কয়। ‘মূৰৰ ওপৰত কলহকেইটা কোনোমতে নপৰাকৈ আনো। তাতে যদি সেয়া নমাই আকৌ মূৰৰ ওপৰত উঠাবলৈ হয়, তেন্তে গোটেই দিনটো যাব।’

এনেদৰে বিশুদ্ধ পানী অনাৰ বাবে দৈনিক চাৰিবাৰ অহা-যোৱাৰ নামত ২৪ কিলোমিটাৰ বাট বুলোতে বুলোতে নন্দিনীৰ আঠুত বিষে উক্ দিছে। ‘মোৰ আঠু দুটা ক্ষয় গ’ল,’ ৩৪ বৰ্ষীয় নন্দিনীয়ে কয়। সেয়ে তিনিটা ধাতুৰ পাত্ৰত ন লিটাৰ পানী কঢ়িওৱাৰ সলনি তাই দুটা প্লাষ্টিকৰ পাত্ৰত আঠ লিটাৰ পানী আনে। তাইৰ স্বামী নিতিনৰ দুই একৰ মাটি আছে। তাতে পৰিয়ালটোৱে বুটমাহ আৰু ধান খেতি কৰে। নিতিনে মাজে-সময়ে গাড়ীচালকৰ কামো কৰে।

মাৰ্চ মাহত এদিন আঁচন্দ্ৰাই কৰি পৰি যোৱা মমতা ৰিঞ্জাড়েও কুঁৱালৈ মূৰত দুটা কলহ আৰু কঁকালত এটা কলহ, প্ৰতিটোতে চাৰি লিটাৰকৈ পানী লৈ দিনটোত ৪-৫ পাক মাৰিবলগীয়া হয়। পানীৰ কাৰণে দিনে ২৫-৩০ কিলোমিটাৰ বাট খোজকঢ়াটো তাইৰ শাৰীৰিক অক্ষমতাৰ কাৰণে অধিক কঠিন হৈ পৰে। ‘মোৰ ভৰি এখন জন্মৰে পৰা চুটি,’ তাই খোলাখুলিকৈ ক’লে। ‘প্ৰতিদিনে এনেদৰে পানী কঢ়িয়াওতে মোৰ ভৰিৰ তত্ নাইকিয়া হয়।’

Nandini Padwale standing on the well
PHOTO • Shraddha Agarwal
Deepali Khalpade (who shifted to Man pada) carrying pots of water on her head
PHOTO • Shraddha Agarwal
Women carrying water
PHOTO • Shraddha Agarwal

বাওঁফালেঃ কুঁৱাৰ বেৰৰ ওপৰত নন্দিনী পড়ৱাল, এটা ভুল খোজ দিলেই তাই তললৈ সৰি পৰিব। সোঁমাজতঃ উপায়ন্তৰ হৈ পৰা দীপালী খালপাড়ে আৰু তাইৰ পৰিয়ালে ওচৰৰে চুবুৰী এটালৈ উঠি আহিছে। সোঁফালেঃ যেতিয়া পানীৰ উৎসবোৰ শুকাই যায়, গাঁৱৰ তিৰোতা-ছোৱালীবোৰে পৰিয়ালৰ কাৰণে পানী অনা আৰু মজুত কৰাৰ গুৰু বোজা মূৰ পাতি ল’বলগীয়া হয়

উপায়ন্তৰ হৈ যোৱা কেইবছৰমানত গালতাৰেৰ পৰা স্থায়ীভাৱে ২০ টামান পৰিয়াল গাঁৱৰ পৰা আঠ কিলোমিটাৰমান দূৰত বন বিভাগৰ মাটিত আহি নিগাজীকৈ চুবুৰী পাতিছে, তাতে তেওঁলোকে খেতিও কৰে। ‘আমাৰ চুবুৰীত পৰিস্কাৰ পানীৰ এটা কুঁৱা আছে,’ পাঁচ নং চুবুৰীলৈ উঠি অহা ৱাৰ্লি সম্প্ৰদায়ৰ দীপালী খালপাড়ে কয়। ‘মন্দিৰলৈ খোজকাঢ়ি যাবলৈ যদিওবা মোক এঘণ্টা লাগে (য’ত তাই মালি হিচাপে কাম কৰে), তথাপি পানী নোহোৱা গাঁওখনত থকাতকৈ ইয়াতে থকাই ভাল।’

পাঁচ বছৰ ধৰি প্ৰতিবাৰ গ্ৰীষ্মকালত গালতাৰেৰ পৰা ৩০ কিলোমিটাৰ দুৰৰ ৱাডা চহৰৰ (লোকপিয়লত বাডা বুলি উল্লেখ) বিষ্ণু সাবাৰাৰ ঘৰলৈ প্ৰতিবাদী সমদল উলিয়ায়। সাবাৰা ভাৰতীয় জনতা দলৰ এগৰাকী নেতা আৰু জনজাতি উন্নয়নৰ প্ৰাক্তন মন্ত্ৰী। প্ৰতিবাৰেই তেওঁলোকক মিছা আশা দি ঘুৰাই পঠিওৱা হয়। ‘আমাৰ গাঁৱৰ মানুহ হৈও বিষ্ণু চাহেবে আমাক একো এটা সহায় নকৰিলে,’ যোগেশে কয়।

আমি দেওবাৰৰ সন্ধিয়া কথা পাতি আছিলোঁ। ভালেমান খালি পাত্ৰ লৈ গাঁৱৰ তিৰোতা আৰু ছোৱালীবোৰ আকৌ এবাৰ ওলাই আহিছিল। ‘বিশুদ্ধ পানী আমাৰ সাধ্যৰ বাহিৰৰ বিলাসিতা। দুটা হাণ্ডি মূৰৰ ওপৰত লোৱাৰ কৌশল আমি শিকিছোঁ। এনেকৈ আমাৰ সময় ৰাহি হয়,’ পানীৰ বাবে মহিলাবোৰে পতা শাৰীত থিয় দিবলৈ হেতা-ওপৰা লগোৱা ১৫ বছৰীয়া আস্মীতা ধনৱাই কয়। ‘পাম্প কৰোঁতে মোৰ বুকু আৰু পিঠি বিষায়। পানী ইমানেই কম ওলায় যে ছয় লিটাৰৰ এটা হাণ্ডি ভৰ্ত্তি কৰোঁতে ২০ মিনিট সময় লাগে,’ ২৭ বৰ্ষীয় সুনন্দা পড়ৱালৰ আপত্তি। তাইৰ দহ বছৰীয়া জীয়ৰী দীপালীয়ে তাইৰ মাকৰ কামটো মূৰ পাতি লোৱাৰ চেষ্টা কৰিছে। তাই সহায় কৰিব আহে মানে পানী শেষেই হৈ থাকিল।

অনুবাদঃ পংকজ দাস

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

यांचे इतर लिखाण Shraddha Agarwal
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das