ধর্মৰাম গাৱঁৰ মানুহৰ মতে, বালায়াই বিক্রী কৰিব বিচৰা মাটিখিনি ঘাইপথৰ একেবাৰে কাষতে আৰু সেই বাবেই তেওঁ এক একৰ মাটিত অতি সহজে ১৫ লাখ টকা পালেহেঁতেন। এই টকাৰে তেওঁ নিজৰ বহুতো সমস্যা সমাধান কৰিব পাৰিলেহেতেঁন-শস্য নষ্ট হোৱাৰ বাবে ঋণ পৰিশোধ কৰিব নোৱাৰিলে, ইফালে ঋণদাতাই সুদৰ ধনৰ বাবে তেওঁৰ পিচ নেৰা হল, ইফালে আখিলাৰ বিবাহ সম্পর্কেও বৃদ্ধি পোৱা উদ্বিগ্নতা আছেই।
৫০০ আৰু ১০০০ টকাৰ নোট চৰকাৰে বিমুদ্ৰাকৰণৰ দ্বাৰা অচল কৰাৰ বাবে মালায়ৰ সকলো পৰিকল্পনা ধূলিস্যাত্ হল। মাটি ক্রয় কৰিবলৈ ওলোৱা গ্রাহকো পিচ হুহকিল। প্ৰথমতে মোৰ পিতৃ ঠিকেই আছিল। কিন্তু নোটৰ যি অৱস্থা হবলৈ ধৰিলে ইয়াৰ পৰা তেওঁ অনুমান কৰিলে যে তেওঁক কোনেও টকা নিদিযে (মাটিৰ বাবে)। তেওঁ দুখ ভাগি পৰিল। আখিলাই কলে।
বালায়াই তেতিয়াও মাটি বিক্রীৰ আশা এৰি দিয়া নাছিল আৰু গ্রাহকৰ সন্ধান অব্যাহত ৰাখিছিল। কিন্তু বহুতৰে দৃষ্টিত তেওঁলোকৰ জমা ধন একে নিশাই কামত নহা হল। ইযাৰ বহুতো লোকৰ লেনদেন চলি থকা বেংক একাউন্ট নাছিল।
বিমুদ্ৰাকৰণৰ এসপ্তাহৰ পিচত ১৬ নৱেম্বৰত বালায়াই উপলব্ধি কৰিলে যে অন্ততঃ এই সময়ত তেওঁৰ মাটি কোনেও ক্রয় কৰিবলৈ সক্ষম নহব। সেইদিনা পূৱা তেওঁ নিজৰ খেতিপথাৰলৈ গল আৰু ঘেহুঁৰ খেতি নষ্ট হোৱাৰ পিছত ৰোপন কৰা ছয়াবীনৰ খেতিত কীটনাশক দ্রব্য ছটিয়াই দিলে। সন্ধা সময়ত তেওঁ মাইচাম্মা গোসানীলৈ আগবঢ়াই পথাৰতে মুর্গী এজনী কাটে আৰু নিশাৰ আহাৰৰ লগতে খাবলৈ মূর্গীজনী লৈ আহে।
উত্সৱ থাকিলে অথবা ডাঙৰ জীয়ৰী সিৰীষা গিৰীয়েকৰ গাৱঁৰ পৰা নিজৰ ঘৰলৈ আহিলে বালায়াৰ ঘৰত মূর্গী খোৱা হয়। বালায়াই সদায় নিজে মাংসৰ আঞ্জা ৰান্ধে। যোৱা বুধবাৰে, এসাজ নৈশ আহাৰেও তেওঁৰ উত্তম সোৱাদক এক জঘন্য দুঃস্বপ্নত পৰিণত কৰা এটা সপ্তাহৰ কথা পাহৰি পেলাবলৈ তেওঁ জীৱনৰ অন্তিমসাজ আহাৰক এইদৰে উত্সৱমুখৰ কৰি তুলিলে। বালায়াই মূর্গীৰ আঞ্জাত কীট নাশক মিহলাই দিলে। তেওঁৰ পৰিযালৰ কোনেও জনা নাছিল য়ে তেওঁ এই কাম কৰিছে। ঋণৰ বৃহত্ বোজা এটা তেওঁ পৰিয়ালক দি যাব বিচৰা নাছিল। সেযে একেলগে সকলোৱে বিদায় লোৱাৰ সিদ্ধান্ত লৈছিল। বালায়াৰ এজন নিকটাত্মীয়ই এইদৰে কয়।
ৰাতি আহাৰ খোৱাৰ সময়ত বালায়াই কথা কোৱা নাছিল যদিও তেওঁৰ ১৯ বছৰীযা পুত্রই মূর্গীৰ আঞ্জাৰ পৰা পোৱা ঔষধৰ গোন্ধৰ কথা কওতে ক'লে, মই পূৱাৰে পৰা কীটনাষক ছটিযাই আছিলো। সেই কাৰণে গোন্ধাইছে। একেলগে বহি নিশাৰ আহাৰ খোৱাৰ সময়ত পিতৃৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে আখিলাই।
বালায়া, তেওঁৰ পত্নী বালালীলক্ষ্মী বি টেক পাঠ্যক্রম অধ্যয়ণৰত পুত্র প্ৰশান্ত আৰু বালায়াৰ ৭০ বছৰীযা বৃদ্ধ পিতৃকে গালায়াকে ধৰি পৰিয়ালৰ ছজন সদস্যৰ চাৰিজনে মূর্গীৰ আঞ্জা খালে। আখিলা আৰু তাইৰ আইতাকে মাংস নাখালে, সেয়ে নৈশাহাৰৰ ভযাবহতাৰ পৰা ৰক্ষা পৰিল।