জুলাই মাহৰ শেষলৈ তেলাংগনাৰ আদিলাবাদ জিলাত থকা সাথনালা জলাশয়টো ভৰি পৰিছিল। খাৰিফ আৰু ৰবী দুয়োটা ঋতুতে নিজৰ নিজৰ খেতিত জলসিঞ্চন কৰাৰ আশাৰে কৰণজী গাঁৱৰ কৃষকসকলে উদযাপন কৰিছিল। কিন্তু ১৬ আৰু ১৭ আগষ্টত প্ৰায় ২০০ মিলিমিটাৰত হোৱা ধাৰাসাৰ বৰষুণজাকে সকলো ৰেহৰূপেই সলাই পেলাইছিল। ই পেংগাংগাৰ উপনৈ সাথনালা নদীৰ ওপৰত থকা জলাশয়ৰ উজনি আৰু নামনি দুয়োফালে থকা খালবোৰৰ পাৰৰ পথাৰবোৰ পানীৰে উপচাই পেলালে যি অৱশেষত গোদাবৰীত মিলি যায়। বানে নষ্ট কৰা শস্যবোৰৰ ভিতৰত আছিল মূলতঃ কপাহ আৰু কিছু পৰিমাণে ছয়াবীন। বানপানীৰ ফলত খেতিপথাৰত শস্যৰ সলনি ৰ’লগৈ কেৱল শিল-বালিহে৷
চলিত বৰ্ষটোত জুন মাহৰ পৰা আগষ্টৰ ভিতৰত আদিলাবাদত এইবাৰ স্বাভাৱিক বৰষুণ প্ৰায় ৮৮০ মিলিমিটাৰ বৰষুণতকৈ ৪৪ শতাংশ অধিক বৰষুণ হৈছে। যোৱা বছৰ আকৌ ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰা পোৱা তথ্য অনুসৰি এইকেইটা মাহত জিলাখনত স্বাভাৱিক বৰষুণতকৈ ২৭ শতাংশ কম বৰষুণ হৈছিল। ২০১৭ চনটোত বহু কৃষকৰ বাবে আয়ৰ পৰিমাণ যদিও কম আছিল, ২০১৮ চনটোত আয়ৰ পৰিমাণ একেবাৰে শূন্য।
এই সকলৰ ভিতৰত আছে জৈনাদ মণ্ডলৰ অন্তৰ্গত কৰণজীৰ কুন্তৱৰ সংগীতা। প্ৰায় ১৩৬০ জন সদস্যৰ এখন গাঁও যি সাথনালা বান্ধৰ তলত অৱস্থিত। জুন মাহত তেওঁ আৰু তেওঁৰ স্বামী গজাননে মিলি প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ কপাহৰ শস্য সিঁচিছিল। আশা কৰিছিল ২০১৯ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত খেতি চপাব পাৰিব।
নিজৰ মাটিত খেতি কৰাৰ আগলৈকে সংগীতা আছিল এগৰাকী কৃষি শ্ৰমিক। গজাননেও খেতিয়াক হিচাপে কাম কৰি বাৰ্ষিক ৮৬,০০০ টকা উপাৰ্জন কৰিছিল। তেওঁ মাটিমালিকৰ চৰ্তত নিযুক্ত আছিল যে সংগীতাই একেখিনি মাটিতে কাম কৰিব। সংগীতাই মাজে মাজে কাম কৰিছিল আৰু দিনে ১২০ টকা উপাৰ্জন কৰিছিল। তেওঁ কয়, “যোৱা তিনি বছৰত আমি এজন মালিক (মাটি মালিক)ৰ সৈতে কাম কৰিছিলো। যেতিয়া তেওঁলোকে কাম বিচাৰি নাপায়, তেতিয়া MGNREGS-ৰ সহায়ৰ জৰিয়তে মজুৰিটো পাইছিল। গজাননে কয়, “বা মই ট্ৰেক্টৰত বালি ভৰ্তি বা খালি কৰোঁ [পেংগাংগাৰ পৰা, এজন ব্যক্তিগত ঠিকাদাৰৰ পৰা]।”








