“ কদলিলে ৰাজাৱ থিমিংলাম আননেকিলুম নজাম্মালে, মীণপানিকৰে ৰাজাৱ মঠিয়ান্ন্ন’’
[ডলফিন যদিহে সমুদ্ৰৰ ৰজা হয়, তেন্তে মাছমৰীয়াৰ ৰজা হ’ব ছাৰ্ডিন]
কেৰালাৰ বাডাকাৰা নগৰৰ চম্বাল ফিছাৰী হাৰ্বাৰত মাছ উঠোৱা-নমোৱাৰ কাম কৰে বাবু (নাম সলনি কৰা হৈছে)-এ। উঠোৱা-নমোৱাৰ কাম কেবাবছৰ ধৰি কৰি অহা বাবুৰ ছাৰ্ডিন মাছ তেনেই চিনাকি।
পুৱা ৭ বজাত জাহাজঘাট পায়েই বাবুৱে কাপোৰ সলাই আৰু কামৰ বাবে থকা সুকীয়া কাপোৰ নীলা মুণ্ডু (লুঙী) আৰু কামিজৰ লগতে চেণ্ডেল পিন্ধে। ইয়াৰ পিছতে ৪৭ বছৰীয়া খালাচীজনে বোকাপানী গচকি সমুদ্ৰ তীৰত ৰৈ থকা নাওৰ ওচৰলৈ আগবাঢ়ে। ''পানীৰ দুৰ্গন্ধৰ বাবে আমি সকলো খালাচীয়েই কামৰ সময়ত বেলেগ চেণ্ডেল আৰু কাপোৰ পিন্ধো,’’ তেওঁ কয়। এনেদৰে গোটেই দিনটো কামৰ অন্তত বেলি ডুবাৰ লগে লগে নিজম পৰা জাহাজঘাট এৰি ঘৰমুৱা হয় বাবু।
কামত লাগি থকাৰ সময়তে ডিচেম্বৰৰ কোনো এক শীতময় দিনত বাবুৰ সৈতে কথা পাতিছিল এই প্ৰতিবেদকে। নৌকাত থকা বাঁহৰ পাচিবোৰৰ আশে-পাশে মাছ খোৱাৰ লোভত তেতিয়া কেবাটাও পেলিকান চৰাই সুযোগৰ সন্ধানত ৰৈ আছিল। মাটিত নমাই থোৱা আছিল মাছভৰ্তি জাল। গোটেই বন্দৰটো মাছৰ দৰদামত ব্যস্ত মানুহেৰে খদমদম লাগি আছিল।
ব্যস্ত বন্দৰটোত বিভিন্ন প্ৰকাৰৰ নৌকাৰ আহ-যাহ চলিছে। অগণিত ক্ৰেতা, বিক্ৰেতা, দালাল আৰু লোডাৰেৰে ভৰি আছে চৌদিশ। বাবুৰ দৰে খালাচীসকলে প্ৰথমে নৌকাৰ পৰা জাহাজঘাটত মাছ নমাইছে, তাৰপিছত আকৌ সেই মাছ উঠাইছে ৰৈ থকা টেম্প’গাড়ীত। বাবুৰ মতে এই বন্দৰটোত প্ৰতিদিনে ২০০ৰো অধিক লোকে হৰেক-ৰকমৰ কামত লাগি থাকে।
প্ৰতিদিনে বন্দৰ পায়েই পুৱাই বাবুৱে তেওঁৰ যাৱতীয় সা-সৰঞ্জাম যেনে কমলা ৰঙৰ প্লাষ্টিকৰ পাচি, পানীৰ বটল, চেণ্ডেল আৰু থেৰুভা এজোপা ওখ গছৰ ছাঁত ৰাখে। থেৰুভা হৈছে বিশেষ কাপোৰৰ ৰছীৰে প্ৰস্তুত কৰা গোলাকৃতিৰ চেপেটা যতন। মূৰত এই থেৰুভা লৈয়েই তাৰ ওপৰত মাছৰ পাচি লয় বাবুহঁতে।
সেইদিনা বাবুৱে যিখন নৌকাৰ পৰা মাছ কঢ়িয়াইছিল সেইখনৰ দৰে সৰু নাও বন্দৰটোত কমেই দেখা যায়। চাৰিজন লোক বহিব পৰা এই নাওখনৰ ইঞ্জিনটো আউটব’ৰ্ডেড। বাবুৱে ডাঙৰ নৌকাত কাম নকৰে, কিয়নো ডাঙৰ নৌকাত স্থায়ী খালাচী থাকে। ''ডাঙৰ নাওবোৰ সমুদ্ৰলৈ কেইবাদিনৰ বাবে যায় আৰু এসপ্তাহমান পিছত উভতে। সেই নাওবোৰ একেবাৰে পাৰত ঘপহকৈ ৰখাব নোৱাৰে। সেয়ে সৰু সৰু নাওবোৰে মাছ কঢ়িয়াই আমাৰ ওচৰলৈ লৈ আহে,’’ বাবুৱে কয়।
মাল নামৰ এখন সৰু জালৰ পৰা বাবুৱে ছাৰ্দিন নামৰ সামুদ্ৰিক মাছবিধ নিজৰ পাচিত ভৰায়। বন্দৰৰ পৰা গাড়ীৰ ওচৰলৈ তেনেকৈ মাছ লৈ আহোতে পাচিৰ বিন্ধাৰে পানী সৰকি পৰে। ''এই মাহটোত (ডিচেম্বৰ ২০২২) আমি বহুত ছাৰ্দিন কঢ়িয়াইছো,’’ তেওঁ কয়। এপাচি মাছ কঢ়িওৱাৰ বাবদ বাবুৱে ৪০ টকাকৈ লাভ কৰে আৰু সেই ধন হয় নৌকাৰ মালিকে, নহয় মাছ ক্ৰয় কৰা এজেণ্টে আদায় দিয়ে।
''এদিনত আমি কিমান মাছ কঢ়িয়াও সেয়া থোৰতে ক’ব নোৱাৰি, কাৰণ মাছ কিমান থাকে সেই কথাটোও আমি চাবলগীয়া হয়,’’ কোনো কোনো দিনত এদিনতে সৰ্বাধিক ২০০০ টকালৈকে পইছা পাইছে বুলি উল্লেখ কৰি এইদৰে কয় বাবুৱে। তেওঁ আৰু কয়, ''যদিহে বহুত ছাৰ্দিন মাছ জালত উঠে তেন্তে সেইদিনা মই বহুত পইছা পাই যাও।’’
*****
কৈশোৰ অৱস্থাৰ পৰাই বাবুৱে মাছৰ এই বজাৰখনৰ সৈতে জড়িত হৈ পৰিছিল। প্ৰথমে তেওঁ মাছমৰীয়াৰ কাম কৰিছিল আৰু পিছলৈ মাছ কঢ়িওৱাৰ কামত হাত দিয়ে। কোঝিকোড় জিলা সংলগ্ন আৰৱ সাগৰৰ পৰা নৌকা আহি বন্দৰ পালেই আৰম্ভ হয় বাবুহঁতৰ মাছ লোডিং-আনলোডিঙৰ (স্থানীয় ভাষাত চোমাড়ু পানী) কাম।
জালত লগা ছাৰ্দিন মাছৰ পৰিমাণক লৈ লাহে লাহে যে কোনো ভৰসা কৰিব নোৱৰা হৈ আহিছে সেয়া যোৱা ১০ বছৰত বাৰুকৈয়ে উপলব্ধি কৰিছে বাবুৱে।
''ছাৰ্দিন মাছ কমকৈ উঠিলে আমি শ্ৰমিকসকলে সকলোৱে কাম ভগাই লও,’’ তেওঁ কয়। বাবুৱে আৰু কয়, ''যেতিয়া বেছিভাগ নাওৱেই খালী হৈ অহা দেখো তেন্তে আমি বুজি যাও যে আজি সকলোৱে কাম অলপ অলপকৈ ভগাই লোৱাৰ পাল যাতে সকলোৱেই কিবা এটা হ’লেও পাব পাৰো।’’
মাতৃ, পত্নী আৰু দুটি সন্তানেৰে ভৰা বাবুৰ সংসাৰখন বাবুৰ উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰশীল। বাবুৰ কথাৰে ক’বলৈ হ’লে লাহে লাহে মাছ কমি আহিছে, সেয়ে তেওঁলোকো টকা-পইছাক লৈ চিন্তিত হৈ পৰিছে।
কোচিৰ কেন্দ্ৰীয় সামুদ্ৰিক মৎস্য গৱেষণা প্ৰতিষ্ঠানৰ পৰিসংখ্যা অনুযায়ী ২০২১ চনত কেৰালাত ধৰা হোৱা ছাৰ্দিন মাছৰ পৰিমাণ আছিল ৩২৯৭ টন, যি নেকি ১৯৯৫ চনৰ পিছত সৰ্বনিম্ন আছিল। 'যোৱা ১০ বছৰত ধৰা হোৱা ছাৰ্দিন মাছৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু আমি ধাৰণা কৰিছো যে মাছবিধ কেৰালাৰ তটৰেখাৰ পৰা অধিক দূৰলৈ আঁতৰি গৈছে,’’ এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক কোচিৰ কেন্দ্ৰীয় সামুদ্ৰিক মৎস্য গৱেষণা প্ৰতিষ্ঠান চমুকৈ CMFRIৰ এগৰাকী বিজ্ঞানীয়ে। তেওঁ আৰু কয় যে জলবায়ু পৰিৱৰ্তন, ছাৰ্দিন মাছৰ চক্ৰানুযায়ী বংশবৃদ্ধিৰ হাৰ, লা-নিনোৰ প্ৰভাৱ আৰু জেলীফিছৰ আধিপত্যৰ বাবে এনে হৈছে।
মৎস্য পৰিসংখ্যাৰ হেণ্ডবুক ২০২০ -ত উল্লেখ কৰা মতে ভাৰতৰ পশ্চিম উপকূলত যিমানকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে সেই আটাইবোৰৰ ভিতৰত কেৰালাতেই সৰ্বাধিক ০.৪৫ লাখ টন ছাৰ্দিন মাছ ধৰা হৈছিল।
কেৰালাত ভিন্ন প্ৰজাতিৰ মাছ পোৱা হয়। কিন্তু বাবুৰ মতে আটাইতকৈ সুলভ, পুষ্টিকৰ আৰু কম দামতে পোৱা মাছবিধেই হৈছে ছাৰ্দিন নামৰ সৰু আকাৰৰ সামুদ্ৰিক মাছবিধ। আগতে এই মাছ শুকোৱাও হৈছিল। বাবুৰ মতে হাঁহ-কুকুৰাৰ খাদ্য প্ৰস্তুতকৰণ আৰু তেলৰ বাবে বৰ্তমান ছাৰ্দিন মাছবিধ মাংগালুৰু আৰু তাৰ আশে-পাশে থকা বিভিন্ন ফেক্টৰীলৈ যায়। বাবুৱে আৰু কয় ''জালত বেলেগ মাছতকৈ ছাৰ্দিন মাছেই বেছিকৈ উঠে, সেয়ে আমিও বেছি বেছিকৈ মাছ কঢ়িয়াব পাৰো।’’
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি