“কদলিলে ৰাজাৱ থিমিংলাম আননেকিলুম নজাম্মালে, মীণপানিকৰে ৰাজাৱ মঠিয়ান্ন্ন’’
[ডলফিন যদিহে সমুদ্ৰৰ ৰজা হয়, তেন্তে মাছমৰীয়াৰ ৰজা হ’ব ছাৰ্ডিন]
কেৰালাৰ বাডাকাৰা নগৰৰ চম্বাল ফিছাৰী হাৰ্বাৰত মাছ উঠোৱা-নমোৱাৰ কাম কৰে বাবু (নাম সলনি কৰা হৈছে)-এ। উঠোৱা-নমোৱাৰ কাম কেবাবছৰ ধৰি কৰি অহা বাবুৰ ছাৰ্ডিন মাছ তেনেই চিনাকি।
পুৱা ৭ বজাত জাহাজঘাট পায়েই বাবুৱে কাপোৰ সলাই আৰু কামৰ বাবে থকা সুকীয়া কাপোৰ নীলা মুণ্ডু (লুঙী) আৰু কামিজৰ লগতে চেণ্ডেল পিন্ধে। ইয়াৰ পিছতে ৪৭ বছৰীয়া খালাচীজনে বোকাপানী গচকি সমুদ্ৰ তীৰত ৰৈ থকা নাওৰ ওচৰলৈ আগবাঢ়ে। ''পানীৰ দুৰ্গন্ধৰ বাবে আমি সকলো খালাচীয়েই কামৰ সময়ত বেলেগ চেণ্ডেল আৰু কাপোৰ পিন্ধো,’’ তেওঁ কয়। এনেদৰে গোটেই দিনটো কামৰ অন্তত বেলি ডুবাৰ লগে লগে নিজম পৰা জাহাজঘাট এৰি ঘৰমুৱা হয় বাবু।
কামত লাগি থকাৰ সময়তে ডিচেম্বৰৰ কোনো এক শীতময় দিনত বাবুৰ সৈতে কথা পাতিছিল এই প্ৰতিবেদকে। নৌকাত থকা বাঁহৰ পাচিবোৰৰ আশে-পাশে মাছ খোৱাৰ লোভত তেতিয়া কেবাটাও পেলিকান চৰাই সুযোগৰ সন্ধানত ৰৈ আছিল। মাটিত নমাই থোৱা আছিল মাছভৰ্তি জাল। গোটেই বন্দৰটো মাছৰ দৰদামত ব্যস্ত মানুহেৰে খদমদম লাগি আছিল।










