পুৱা ৮ বজাত সাৰ-সুৰ নোহোৱা বাট এটাৰ দাঁতিত শিলত কোবোৱা কৰ্কশ শব্দ ভাঁহি আহে। বলপ্পা ছন্দৰ ধোতৰেয়ে ডাঙৰ ডাঙৰ শিলৰ মাজত পদপথত বহি আছে আৰু সেইবোৰ ভাঙি টুকুৰা কৰিছে। তেওঁৰ অস্থায়ী কৰ্মশালাৰ পিছফালে থকা ৰিক্সা আৰু স্কুটাৰৰ মালিকে সোনকালেই নিজৰ কামত লাগিব। ধোতৰেয়েও কেইঘণ্টামানৰ ভিতৰতে তাৰ পৰা আঁতৰি যাব। মুম্বাইৰ উত্তৰ ফালৰ উপনগৰ পূৱ কান্দিবালীৰ পদপথত বহি সাজি উলিওৱা পটাবোৰ তেওঁ লগত লৈ যাব।
পটা এখন তৈয়াৰ কৰোঁতে তেওঁক প্ৰায় এঘণ্টা সময় লাগে। মচলাজাতীয় বস্তু মিহি কৰাৰ বাবে এয়া ব্যৱহাৰ কৰা হয়। ইয়াক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায। কানাড়া ভাষাত ইয়াক কল্লু ৰুব্বু, মাৰাঠী ভাষাত ইয়াক খলবট্টা বুলি কোৱা হয়। সাজি উলিওৱাৰ পিছত পটাবোৰ ৰেগজিনৰ ডাঠ বেগ এটাত ৰাখে। সাধাৰণতে ১ৰ পৰা ৪ কিলোমান ওজনৰ ২ৰ পৰা ৩ টামান পটা লৈ তেওঁ পদপথৰ কৰ্মশালাখনৰ ওচৰৰ এলেকাবোৰত বিক্ৰী কৰিবলৈ নিয়ে। ব্যস্ত ৰাস্তাৰ কাষত তেওঁ দোকান পাতে। কেতিয়াবা লগত তেওঁ ক’লা শিল লৈও যায়। যাতে কোনোবা গ্ৰাহকে পটা বিচাৰিলে থিতাতে শিল কাটি সাজি দিব পাৰে।
তেওঁলোকে মোক পাথৰৱালা বুলি কয়, তেওঁ কয়।
তেওঁ সৰু পটা ২০০ টকাত বিক্ৰী কৰে আৰু ডাঙৰবোৰ ৩৫০ৰ পৰা ৪০০ টকাত। ‘কোনোটো সপ্তাহত মই ১০০০ৰ পৰা ১২০০ পৰ্যন্ত টকা উপাৰ্জন কৰোঁ। কেতিয়াবা একোৱেই উপাৰ্জন নহয়,’ তেওঁ কয়। তেওঁৰ পৰা পটা কিনা গ্ৰাহকে বিদ্যুতচালিত মিক্সাৰ-গ্ৰাইণ্ডাৰ কিনিব নোৱাৰাসকল। কিছুমানে আকৌ চ’ৰাঘৰত সজাবলৈ নিয়ে। বলপ্পাৰ পত্নি নাগুবাঈয়ে শিলৰ পটা ব্যৱহাৰ কৰি ভাল পায়। ‘মই মিক্সি (বৈদ্যুতিক মিক্সাৰ) ভাল নাপাও,’ তেওঁ কয়। ‘তাতে সোৱাদ নাথাকে। পটাত বতিলেহে ব্যঞ্জনৰ সোৱাদ উঠে।’








