তপন মণ্ডলক বহুতেই ‘আন্না’ বুলি মাতে। কিয়নো তেওঁক দেখাত হেনো চলচ্চিত্ৰ তাৰকা ৰজনীকান্তৰ দৰে (ৰজনীকান্তৰো জনপ্ৰিয় নাম আন্না, অৰ্থাত ককায়েক)। কিন্তু বদোদৰাত এক ধৰণৰ সুকীয়া মূৰ্তি নিৰ্মাণৰ বাবেহে মণ্ডল বদোদৰাত বেছি জনপ্ৰিয়। কিয়নো তেঁৱেই সাধাৰণতে ব্যৱহৃত প্লাষ্টাৰ অৱ পেৰিছৰ পৰিৱৰ্তে মাটিৰে ৫ৰ পৰা ৯ ফুট ওখ ভাস্কৰ্য নিৰ্মাণ কৰিব পৰা বোধকৰো চহৰখনৰ একমাত্ৰ খনিকৰ।
পশ্চিমবংগত গণেশ আৰু অনান্য মূৰ্তি নিৰ্মাণৰ কামৰ পৰা তেওঁ ভাস্কৰ্যশিল্পৰ কৌশল আয়ত্ব কৰিছে। ‘মাটিৰ মূৰ্তিৰ সাঁচবোৰ কুমাৰতুলিৰ, মই সেইবোৰ পশ্চিমবংগৰ পৰা ২০০০ কিলোমিটাৰ দূৰৰ পৰা সেয়া ইয়ালৈ আনিছিলো,’ তেওঁ কয়।
তপনৰ শিল্পশালাখনৰ নাম শ্ৰী ৰাম কৃষ্ণ প্ৰতিমালয়। সেইখন কেন্দ্ৰীয় বদোদৰাৰ পঞ্চৱতি এলেকাত আছে। চহৰখনত তেনে ৩০ খন মান শিল্পশালা আছে। শিল্পশালা বুলিবলৈ এখন এচবেষ্টছৰ চালিৰ তলখন মাটিৰ মণ্ড, ৰং, মাটি আৰু অনান্য সজুলিৰে ঠাহ খাই আছে। বেপাৰ ভাল হ’লে ৰাস্তাৰ সিটো পাৰে বাঁহৰ খুঁটা লগাই প্লাষ্টিকৰ চালি দি অস্থায়ীভাবে গণেশৰ ওখ মূৰ্তিৰ নিৰ্মাণৰ কাম চলে।
শিল্পশালাখন গোটেই বছৰটোৱে ব্যস্ততাপূৰ্ণ। গণেশ, দুৰ্গা, বিশ্বকৰ্মা, সৰস্বতী আৰু অইন দেৱ-দেৱীৰ মূৰ্তি উৎসৱ আৰু চাহিদা অনুসৰি নিৰ্মাণৰ কাম চলি থাকে। প্ৰতি বছৰে তপন আৰু তেওঁৰ সহকৰ্মীয়ে অগ্ৰীম ফৰমাইচ অনুসৰি গণেশৰ প্ৰায় ১০ টা মান ৫ৰ পৰা ৯ ফুট ওখ মূৰ্তি সাজে। মূৰ্তিবোৰৰ দাম ২০ হাজাৰ পৰা ১ লাখ পৰ্যন্ত হয়, তেওঁ কয়। তেওঁলোকে ২০-৩০ ফুট ওখ মূৰ্তি সজাৰ উপৰিও ৪০-৫০ টামান সৰু আকাৰৰ গণেশৰ মূৰ্তিও সাজে, সিবোৰৰ দাম ২ৰ পৰা ১০ হাজাৰ টকা হয়।











