উদাসীন সুৰত কিন্তু মুখত মিচিকিয়া হাঁহি এটা লৈ হাঁহি মুৰলীয়ে ভঙা বাংলাতে ক'লে, "সব মাছ চেছ [সকলো মাছ শেষ হৈছে]। দুবছৰ পূৰ্বে আমি জলধা গাঁৱৰ নিকটৱৰ্তী ৰামনগৰ মাছৰ বজাৰত লগ পাইছিলো, সেয়েহে তেওঁ কৈছিল, "সব কিচ্চু ডিফৰেণ্ট [সকলো সলনি হৈছে]।" মুৰলীৰ চকুত ভাঁহি উঠিছে যে কিদৰে মাছবোৰ বংগোপসাগৰৰ পৰা নাইকিয়া হ’বলৈ ধৰিছে।
তেওঁ সাগৰৰ মাজৰ এটা 'ক’লা অঞ্চলৰ'ৰ বিষয়ে উল্লেখ কৰে। ২০১৭ চনত বিজ্ঞানীসকলে প্ৰায় "মৃত অঞ্চল" বা ৬০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ এক প্ৰতিবেদন দিছিল যি সাগৰত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াত অক্সিজেনৰ পৰিমাণ নগণ্য, নাইট্ৰজেন হ্ৰাস পাইছে আৰু কোনো সামুদ্ৰিক জীৱ নাই। প্ৰতিবেদন অনুসৰি এয়া প্ৰাকৃতিক প্ৰক্ৰিয়াৰ লগতে মানুহৰ হস্তক্ষেপৰ ফলাফল।
মুৰলী (তেওঁৰ উপাধি জনা নগ’ল) বেস্থা মাছমৰীয়া সম্প্ৰদায়ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ গৌবুন্দাপালেম গাঁৱত (লোকপিয়লত গুণ্ডলাপালেম হিচাপে ৰেকৰ্ড আছে) ডাঙৰ-দীঘল হৈছিল। তেওঁ বিগত দুটা দশক ধৰি অক্টোবৰ-মাৰ্চ মাহৰ মাছ ধৰা বতৰত বংগোপসাগৰৰ উপকূলত অৱস্থিত পূব মেদিনীপুৰ জিলাৰ ৰামনগৰ ব্লকৰ জলধা গাঁৱলৈ আহি আছে। এই বছৰকেইটা তেওঁ অলপ-অচৰপ বাংলা শিকিছে আৰু ইয়াক হিন্দী আৰু ইংৰাজীৰ সৈতে মিহলি কৰি তেওঁ কথা কয়।
ভাৰতীয়, বাংলাদেশী আৰু শ্ৰীলংকাৰ উপকূলৰ বহুতো বন্দৰত মুৰলীৰ পৰিয়াল আৰু বন্ধু আছে বুলি তেওঁ দাবী কৰে ৷ তেওঁ কয়, "জাফনাৰ পৰা জাম্বুদ্বীপলৈকে সকলোৱে মোৰ পৰিয়াল" ৷ তেওঁ মোক বিশেষভাৱে একো নকৈ মোক তেওঁৰ এজন বন্ধু স্বপন দাসৰ সৈতে পৰিচয় কৰাই দিয়ে। প্ৰায় ৪০ বৰ্ষীয় মুৰলীয়ে কয়, "এই আমাৰ ভাই [এয়া মোৰ ভাতৃ]।"






