ভাটৱাড়গাঁৱৰ পথাৰৰ মাজে মাজে থকা এটা বোকা-পানীভৰ্তি বাটেৰে খোজকাঢ়ি গৈ আমি চিমেণ্টেৰ ঢালাই কৰা আৰু বকাইনৰে তৈয়াৰী বেৰৰ সৰু ঘৰ এটা পালো। ঘৰটোৰ নামটো আচৰিত ধৰণৰ-মাৰাঠী ভাষাত লিখা ঠিংগি আৰু বেৰত হেঙুল ৰং। শব্দটোৰ অৰ্থ হৈছে ফিৰিঙতি আৰু এয়া ৮-১০ টা কবিতাৰ এটা পুঞ্জী। "আৰু ভালেকেইটা আছে," প্ৰদীপ চালভেয়ে কয়। "মোৰ পিতৃৰ কবিতাবোৰ লিখিত নহয়, কিন্তু সেইবোৰ মোৰ মনত ৰৈ গৈছে।"
প্ৰদীপে তেওঁৰ পিতৃ শাহিৰ (কবি) আত্মাৰাম চালভেৰ কথা ক'লে। তেওঁ প্ৰায় ৩০০ মান কবিতা ৰচনা কৰিছিল। "সেইবোৰ যৌতুক প্ৰথা বিৰোধ আৰু মদ্যপান তথা আসক্তিৰ বিধ্বংসকাৰী প্ৰভাৱৰ বিষয়ে লিখা," তেওঁ কয়। ড. বাবাচাহেব আম্বেদকাৰ, দলিত, মহিলা, কৃষি, শিক্ষা আৰু সামাজিক বিপ্লৱ আদি তেওঁৰ কবিতাৰ বিষয়। ভাতৃ দীপকৰ ঘৰ ঠিংগিৰ কাষতে ৰাজাৰত্ন নামৰ নিজৰ ঘৰটোত বহি প্ৰদীপে যৌতুকবিৰোধী কবিতা এটা আওৰালেঃ
“हुंड्याची पद्धत सोडा, समतेशी नाते जोडा”
"যৌতুক প্ৰথা এৰি, সমতাৰে এনাজৰী বান্ধা"
আমি মহাৰাষ্ট্ৰৰ বীড জিলাৰ মাজলগাওঁ তালুকৰ কেইগৰাকীমান মহিলাক লগ কৰিলো যিসকলে ২১ বছৰ আগতেই গ্ৰীণ্ডমিল চংগছ প্ৰজেক্টৰ বাবে ও.ভি.আই. বাণীবদ্ধ কৰিছিল, সেইবোৰ এতিয়া পাৰিত ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা হৈছে।





