সুনীল গুপ্তাই ঘৰৰ পৰা কাম কৰিব নোৱাৰে। তেওঁৰ অফিছটোৱে হৈছে গেটৱে অৱ ইণ্ডিয়া। যিটো অফিছ যোৱা ১৫ টা মাহৰ ভালেকেইটা দীঘলীয়া লকডাউনৰ বাবে বন্ধ হৈ আছে।
“এয়াই আমাৰ দপ্তৰ। এতিয়া আমি ক’লৈ যাওঁ?” দক্ষিণ মুম্বাইৰ স্মৃতিচিহ্নৰ চৌহদটোলৈ আঙুলিয়াই তেওঁ প্ৰশ্ন কৰে।
লকডাউন আৰম্ভ হোৱাৰ আগলৈকে সুনীলে পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজালৈ এই জনপ্ৰিয় পৰ্যটনস্থলীত কেমেৰা লৈ ৰৈ থাকে। মানুহে চেকপইণ্টকেইটা পাৰ হৈ গেটৱেলৈ আগবাঢ়িলেই তেওঁৰ লগতে আন ফটোগ্ৰাফাৰসকলে তেওঁলোকক ক্লিক্-এণ্ড-প্ৰিণ্ট ইনষ্টেণ্ট ফটোৰ এলবাম দেখুৱাই সম্ভাষণ জনায় আৰু ‘এক মিনিটত ফুল ফেমিলি ফটো’ বা ‘প্লিজ এখন ফটো উঠক। ৩০ টকা মাত্ৰ’ বুলি অনুৰোধ জনায়।
ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰাত এই বছৰ এপ্ৰিলৰ মাজভাগৰ পৰা মুম্বাইত কেতবোৰ নিষেধাজ্ঞা নতুনকৈ জাৰী কৰা হ’ল। ফলত তেওঁলোকৰ হাতত কাম একেবাৰে নাইকিয়া হৈ পৰিল। “মই পুৱা ইফালৰ পৰা সিফাললৈ ‘ন’ এন্ট্ৰি’ৰ ষ্টেম্প মুখত লৈ ঘুৰি ফুৰো,” এপ্ৰিলত সুনীলে (৩৯) মোক এইখিনি কথা কয়। “কষ্টত চলি আছো, তাতে আকৌ এতিয়া আয় চাৰি ধাৰহে লাগিছে। ইয়াতকৈ বেছি লোকচানৰ বোজা ব’ব নোৱাৰি।”


















