প্ৰথমতে দেউতাক, পিছদিনা মাকৰ জ্বৰ উঠিল। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে ২০২১ৰ মে’ত পুৰুষোত্তম মিছালৰ পিতৃ আৰু মাতৃৰ এজনৰ পিছত আনজনৰ জ্বৰ উঠিবলৈ ধৰিলে। “গাওঁখনৰ বহুলোকক পৰীক্ষা কৰাৰ পিছত ক’ভিডত সংক্ৰমিত হোৱাটো নিশ্চিত হৈছে। সেই সময়তে সকলোফালে আতংকৰ পৰিস্থিতি,” পুৰুষোত্তমৰ পত্নী বিজয়মালাই কয়।
মহাৰাষ্ট্ৰৰ বীড় জিলাৰ চৰকাৰী চিকিৎসালয়বিলাক ৰোগীৰে ভৰ্তি হৈ থকাৰ খবৰ পুৰষোত্তমে পঢ়িছিল। “তেওঁ জানিছিল যে তেওঁৰ পিতৃ-মাতৃক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিব লাগিব আৰু চিকিৎসা যথেষ্ট ব্যয়বহুল হ’ব।” বিজয়মালাই কয়। “এজন মানুহ যদি এসপ্তাহ চিকিৎসালয়ত থাকে, ইয়াৰ বাবদ লাখ টকা দিব লাগিব,” বিজয়মালাই কয়। পুৰুষোত্তমে এবছৰত উপাৰ্জন কৰাতকৈ বহু বেছি এই ৰাশি।
দৰিদ্ৰতা সত্ত্বেও এই পৰিস্থিতিত ধাৰ-ধুপাৰ নকৰাকৈ পৰিয়ালটো চলি থাকিবলৈ সক্ষম হৈছিল। চিকিৎসা ব্যয়ৰ বাবে ধাৰত পোত যাবলগীয়া কথাটোৱে ৪০ বছৰীয়া পুৰুষোত্তমক হতাশ কৰি তুলিছিল। ৰাজ্যখনৰ পাৰ্লি তালুকৰ হিৱাৰা গোৱৰ্দ্ধন গাঁৱৰ ১০ কি.মি. নিলগত ছিৰচালাত পুৰুষোত্তমে এখন চাহৰ দোকান চলাইছিল। ২০২০ৰ মাৰ্চত অতিমাৰী ক’ভিড আৰম্ভ হোৱাৰ পিছৰ পৰা চাহ দোকানখন প্ৰায়ে বন্ধ ৰাখিবলগীয়া হৈছিল।
মাতৃৰ জ্বৰ নিশা আৰম্ভ হোৱাৰ পিছত পুৰুষোত্তম বিচনাতে ইকাটি-সিকাটি কৰি থাকিবলৈ ধৰিলে। পুৱা প্ৰায় চাৰি বজাত তেওঁ পত্নীক ক’লে, “যদি ক’ভিড হৈছে?” তেওঁ ঘৰৰ টিনৰ চালিৰ ফালে চাই আছিল আৰু নিশা শোৱা নাছিল। ৩৭ বছৰীয়া পত্নী বিজয়মালাই মনত পেলাবলৈ চেষ্টা কৰিলে। বেছি চিন্তা কৰিব নালাগে বুলি যেতিয়া বিজয়মালাই স্বামীক ক’লে, “তেওঁ ‘চিন্তা কৰিব নালাগে’ বুলি কৈ মোক শুই থাকিবলৈ ক’লে।”











