চাইকেল চলোৱাটোও আন্দোলন হ’ব পাৰেনে? নহয় যেনেই লাগিছে চাগে। কিন্তু তাকেই সম্ভৱ কৰি তুলিছে তামিলনাডুৰ পুডুকোট্টাই জিলাৰ নব্য-শিক্ষিত হাজাৰ হাজাৰ মহিলাই। মানুহে সাহ কৰি নিজক বান্ধি ৰখা শিকলি ভাঙি-চিঙি পেলাবলৈ বাট বিচাৰি লয়, আৰু কেতিয়াবা এই বাট অনন্যও হৈ পৰে।
ভাৰতৰ দৰিদ্ৰতম জিলাবোৰৰ এখন, পুডুকোট্টাইত গাঁৱৰ মহিলাই চাইকেল চলোৱাটোকে যাতায়তৰ উপায় হিচাপে বাচি লৈছে। বিগত ১৮ টা মাহত প্ৰায় ১ লাখ মহিলাই, তাৰে প্ৰায়ভাগেই নব্য শিক্ষিত, স্বাধীনতা-স্বতন্ত্ৰতা আৰু চলা-ফিৰাৰ বাবে চাইকেলকে প্ৰতীক হিচাপে বাচি লৈছে। আমি ১০ বছৰীয়া ছোৱালীবোৰক নধৰিলে, এইখন জিলাৰ গ্ৰামীণ মহিলাৰ প্ৰায় এক চতুৰ্থাংশই চাইকেল চলোৱা শিকিছে। ইয়াৰে ৭০,০০০ৰো অধিক মহিলাই আনকি 'প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা’তো ভাগ লৈ নিজৰ নতুন কৌশল দৰ্শাইছে। এতিয়াও প্ৰশিক্ষণ শিবিৰ চলি আছে, আৰু শিকাৰ হাবিয়াসো কমা নাই।
গ্ৰামীণ পুডুকোট্টাইৰ অতিকৈ সংৰক্ষণশীল পৰিয়ালৰ কম বয়সীয়া মুছলমান মহিলাই ৰাস্তাত চাইকেল চলাইছে। কিছুমানে আকৌ চকাৰ ওপৰৰ মাডগাৰ্ড খুলি লৈছে। চাইকেল চলাবলৈ লোৱা জামীলা বিবি নামে কম বয়সীয়া মুছলমান ছোৱালীজনীয়ে মোক কয়ঃ “এয়া মোৰ অধিকাৰ। আমি য’লৈ মন যায় যাব পাৰো। এতিয়া বাছৰ বাবে ৰৈ থাকিব নালাগে। চাইকেল চলাওতে মানুহে কটু মন্তব্য কৰে বুলি মই জানো, কিন্তু কেৰেপ নকৰো।”
ফাটিমা উচ্চতৰ মাধ্যমিক স্কুল এখনৰ শিক্ষয়িত্ৰী। তেওঁ চাইকেল চলাই ইমান ভাল পায় যে সন্ধিয়া চলাবলৈ বুলি আধাঘণ্টাৰ কাৰণে চাইকেল এখন ভাড়া কৰি আনে (চাইকেলৰ দাম ১,২০০ টকা, তেওঁ কিনিব নোৱাৰে)। তেওঁ কয়, “চাইকেল চলোৱাত এক স্বাধীনতা আছে। আমি আন কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। এয়া মই কেতিয়াও এৰিব নোৱাৰো।” জামীলা, ফাটিমা আৰু তেওঁলোকৰ বন্ধু আৱাকান্নি, আটাইৰে বয়স ২০ৰ আশে-পাশে, তেওঁলোকে নিজৰ বহু সমনীয়াক চাইকেল চলোৱা বিদ্যা শিকাইছে।





