এটুকুৰা কাপোৰৰ ওপৰত তেনেই ক্ষুদ্ৰ গোলাকাৰ আয়না এখন লগাবলৈ তাম্মিগামাল কাচিমিয়াই তেঁওৰ চশমাযোৰৰ মাজেৰে চাবলৈ চেষ্টা কৰিছে। 'এই ছাংলি চিলাই বৰ টান কাম, কাৰণ আয়নাৰ টুকুৰাটো পিচলি নোযোৱাকৈ ধৰি ৰাখিব লাগিবলগা হয়।’ তামিলনাডুৰ ধৰ্মাপুৰী জিলাৰ ছিত্তিলিংগি উপত্যকাৰ দুখন সৰু লাম্বদি গাঁৱৰ এখন হ’ল এক্কাৰে কাট্টু টান্দা, এই গাঁৱৰ নিজৰ ঘৰত বহি তেঁও আমাক এইদৰে ক’লে।
সম্প্ৰতি ৬০ বছৰত প্ৰৱেশ কৰা তাম্মিগামাল বা 'গাম্মী’য়ে এতিয়ালৈকে ১২ বছৰ ধৰি এই কাম নিষ্ঠাৰে কৰি আহিছে। তেওৰ বন্ধু আৰ নীলাৰ সৈতে নিজৰ ঘেটাৰ সম্প্ৰদায়ক লাম্বাদি এম্ব্ৰইডাৰী শিকাবলৈ চেষ্টা কৰি আহিছে যাতে এই দক্ষতা ৰাজহুৱা স্মৃতিৰ পৰা হেৰাই নাযায়। তদুপৰি এই চিলাই কামৰ পৰা হোৱা উপৰিঞ্চি উপাৰ্জনে মহিলাক আন ঠাইলৈ কাম বিচাৰি প্ৰব্ৰজিত হোৱাৰ পৰাও ৰক্ষা কৰিছে।
লাম্বাদি মহিলাসকলে সাধাৰণতে কামৰ সন্ধানত ছিত্তিলিংগিৰ পৰা ২০০ কিলোমিটাৰ দুৰৰ তিৰুপ্পুৰৰ কাপোৰ মিলত কাম বিচাৰি যায় নতুবা নিৰ্মাণকাৰ্যত নিজক নিয়োজিত কৰে। এই সম্প্ৰদায়ৰ পুৰুষসকলে সাধাৰণতে কেৰালাৰ নিৰ্মাণ শ্ৰমিকৰ কাম বিচাৰি যায় নতুবা গছ কটা কাম কৰে। প্ৰব্ৰজিত শ্ৰমিক- পুৰুষ অথবা মহিলাই গড়ে প্ৰতিমাহে ৯ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ পৰ্যন্ত উপাৰ্জন কৰে।
তামিলনাডুৰ ধৰ্মাপুৰী আৰু তিৰুৱান্নামালাই জিলাৰ গাঁৱত লাম্বাদিসকলে (ৰাজ্যখনত পিচপৰা শ্ৰেণীৰ তালিকাভূক্ত) বাস কৰে। গাঁও পঞ্চায়তৰ বিষয়াৰ মতে ছিত্তিলিংগিৰ ৯২৪ জন লাম্বাদি (আন ৰাজ্যত বাঞ্জাৰা বুলি কোৱা হয়) লোক আছে। ছিত্তিলিংগৰ প্ৰতিটো লাম্বাদি পৰিয়ালৰ এক বা দুই একৰকৈ মাটি আছে- বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি এই মাটিতে তেঁওলোকে নিজৰ বাবে কিছু খেতি কৰে। কিন্তু যোৱা ৩০ বছৰত তেঁওলোকে কুঁহিয়াৰ বা ধানৰ দৰে প্ৰচুৰ পানীৰ প্ৰয়োজন হোৱা অৰ্থকৰী শস্যৰ খেতিৰ ফালে মন দিছে যদিও বৰষুণৰ প্ৰাচুৰ্যতাৰ অভাৱে তেঁওলোকৰ বাবে নগদ ধনৰ প্ৰয়োজন বঢ়াই তুলিছে। ইয়াৰ ১৫ দিনৰ পৰা আৰম্ভ কৰি এবছৰ পৰ্যন্ত তেঁওলোকে আন ঠাইত কাম বিচাৰি যায়।
'ইয়াত প্ৰব্ৰজন জীৱনৰ অবিচ্ছেদ্য কাৰণ হৈ পৰিছে, কিন্তু যিবোৰ পৰিয়ালৰ মহিলাই ঘেটাৰৰ পৰা উপাৰ্জন কৰিছে, তেনে পৰিয়ালৰ লোকে প্ৰব্ৰজিত হ’ব লগা হোৱা নাই।’ ৩৫ বছৰীয়া থাইকুলামে এইদৰে ক’লে।











