দক্ষিণ কলকাতাৰ লেক মাৰ্কেটৰ এটা সাংস্কৃতিক মিলনথলীত মীনাই গ্ৰাহক, বন্ধু আৰু হ্ৰদৰ ৰাস্তা সোধা অচিনাকি মানুহৰ লগত কথা পতাৰ সময়ত ভোজপুৰী, বাংলা আৰু হিন্দী তিনিওটা ভাষা প্ৰয়োজন সাপেক্ষে সলাই সলাই কয়। “কলকাতাত এয়া (ভাষা) কোনো সমস্যা নহয়,” প্ৰব্ৰজনকাৰী হিচাপে মীনাই দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে কয়।
“বিহাৰী মানুহ বিহাৰতে থাকিব - এয়া কেৱল কোৱা কথা। কিন্তু শাৰীৰিক কষ্টৰ প্ৰয়োজন হোৱা আটাইবোৰ কাম দেখোন আমিয়েই কৰোঁ। প’ৰ্টাৰ, কুলি, পানী কঢ়িওৱা আটাইবোৰ বিহাৰী। এয়া বেংগলীয়ে কৰিব নোৱাৰিব। আপুনি নিউ মাৰ্কেট, হাওৰা, শিয়ালদহ যাওক… আপুনি মেটমৰা বোজা বিহাৰীকে কঢ়িওৱা দেখিব। কিন্তু ইমান কষ্ট কৰিও তেওঁলোকে সন্মান নাপায়। বিহাৰীযে সকলোকে বাবু বুলি সম্বোধন কৰে…কিন্তু তেওঁলোকক সকলোৱে নীচ চকুৰে চায়। আমৰ মঙহখিনি বেংগলী বাবুৰ, গুটিটোহে আমাৰ বাবে থাকে,” তেওঁ একে উশাহতে কথাখিনি কয়।
মীনাই ভাষা আৰু পৰিচয়ৰ ৰাজনীতিৰ বিষযে কৈ যায়।
“চেন্নাইত আমি অসুবিধাৰ সন্মুখীন হৈছিলো (কথা-বতৰাত),” তেওঁ কৈ যায়। “তেওঁলোকে হিন্দী বা ভোজপুৰী ভাষাত কিবা সুধিলে উত্তৰ নিদিয়ে। তেওঁলোকে নিজৰ ভাষা কয়, যিটো আমি বুজি নাপাও। কিন্তু ইয়াত তেনেকুৱা নহয়,” মীনাই কয়। “চাওক, বিহাৰী বুলি এটা ভাষা নাই। ঘৰত আমি ৩-৪ টা ভাষা কওঁ। কেতিয়াবা আমি ভোজপুৰী কওঁ, কেতিয়াবা হিন্দী, কেতিয়াবা দাৰভাংগীয়া আৰু কেতিয়াবা বাংলাও কওঁ। কিন্তু দাৰভাংগীয়া (মৈথিলি) ক’বলৈ সহজ পাওঁ,” বিহাৰৰ চাপ্ৰাৰ বয়সীয়া মাকৈ বেচা ৪৫ বছৰ বয়সীয়া মীনাই কয়।
“আমি আৰাহ আৰু চাপ্ৰা ভাষাও কওঁ। সমস্যা একো নাই, যিটো ভাষাতে কথা পাতিব খোজো, সিটোতে পাতো,” কুশলী বহুভাষীৰ দৰে তেওঁ ক’লে। কিন্তু এই যে ভাষা জনাটোৰ সৈতে তেওঁৰ ব্যতিক্ৰমী কৌশলৰ সৈতে সম্পৰ্ক আছে, সেই কথাৰে তেওঁ নিজকে পতিয়ন নিয়াব নোখোজে।


















