‘এই বগা চাফা বিনকেইটা দেখিছেনে?’ অশোক গাটকালে হাতৰ তলুৱাত বিন কেইটামান লৈ কয়। ‘ইয়াৰ বজাৰমূল্য কুইণ্টলে প্ৰতি ৩০০০ৰ পৰা ৩৫০০ টকা। কিন্তু এইবাৰ প্ৰায়ভাগ বিনতেই ক’লা দাগ পৰিছে আৰু ভেঁকুৰে ধৰিছে,’ তেওঁ আনখন হাতত থকা বেয়া ছ'য়াবিনবোৰ দেখুৱালে। ‘এনে বিন বজাৰত বিক্ৰী নহয়। ইয়াৰ পৰা মোৰ একোৱেই উপাৰ্জন নহ’ব।’
১১ নৱেম্বৰৰ দিনা ৰথগাল্লি গাঁৱত গাটকালৰ খেতিখন চাবলৈ যাওঁতে তেওঁ কাঁচি এখন লৈ বেয়া হোৱা শস্যবোৰ চিকুণাই আছিল। তেওঁ অকলে কাম কৰি আছিল। ‘মই কেনেকৈ হাজিৰা দিম (কৃষি শ্ৰমিকক)?’ তেওঁ ওলোটাই প্ৰশ্ন কৰে। কথাখিনি কৈ থকা সময়ত কপালৰ পৰা আৰু নাকেৰে তেওঁৰ বৈ অহা ঘাম টোপাটোপে সৰিছে।
গাটকালৰ তিনি একৰ মাটিৰ খেতিখিনি অক্টোবৰ মাহত প্ৰায় দুসপ্তাহৰ কাৰণে পানীৰ তলত আছিল। যোৱা মাহৰ মূষলধাৰ বৰষুুুুুুুুুুুুুুুুণৰ ফলত তেওঁৰ ছ'য়াবিনৰ খেতিৰ প্ৰায় ৯০ শতাংশ পচি গৈছিল। তেওঁৰ গাওঁখন থকা দিন্দৰি তালুকখন নাচিক জিলাত অৱস্থিত। তাতে ১ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ প্ৰায় ১৭৩.২ মি.মি. বৰষুণ হৈছিল। সেইখিনি সময়ত সাধাৰণ বৃ্ষ্টিপাত প্ৰায় ৭১ মি.মি.ৰ ওচৰা-উচৰি (ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্য মতে)।
বৰ্ষাকালৰ আৰম্ভণিতে জুন মাহত ৰথগাল্লিত নিম্ন বৃষ্টিপাত বাঢ়ি ছেপ্তেম্বৰৰ ফালে ভাল হয়। তাকে দেখি ৫১ বৰ্ষীয় অশোকৰ মনত কিছু আশা জাগে। কিন্তু অক্টোবৰৰ অপ্ৰত্যাশিত বৰষুণে তেওঁক বিধ্বস্ত কৰি পেলায়। অক্টোবৰৰ শেষৰ ফালে তালাথি কাৰ্যালয়ত শস্যপথাৰৰ ক্ষতিৰ বিষয়ে জনায় যদিও তাৰে দুসপ্তাহ পিছতো কোনোৱে নিৰীক্ষণৰ কাৰণে নাহিল।










