'তই কুকুৰটোক মাৰিছিলি নেকি?' সিহঁতে সুধিলে। সুনন্দা সাহুৱে উত্তৰ দিয়াৰ আগতেই কাঠৰ টুকুৰা এটাৰ প্ৰচণ্ড কোব সুনন্দাৰ মুৰত পৰিল। ইযাৰ পিচত সুনন্দাই যেতিয়া সাৰ পাইছিল, দেখিছিল সেয়া হাস্পতাল।
কুকুৰৰ কথাটো এটা অজুহাত। সিহঁতে কুকুৰটো ভাল নাপায়। যি দুজন ককায়েকে এসময়ত তাইৰ চুলিৰ বেণী গুঠি দিছিল, তাইক পুতলা বুলি কৈছিল, এতিয়া সেই সুনন্দা হৈ পৰিল ঘৃণা-বিদ্বেষপূৰ্ণ অপৰিচিত। কেইবাবছৰৰ আগতে সুনন্দাই অঘৰী বৰ্ণশংকৰ কুকুৰটোক লালন পালন কৰিবলৈ ধৰিলে। 'মৰি যা নহ'লে ইযাৰ পৰা আঁতৰি যা-সিহতে সদায় তেনেকৈ কয়। কুকুৰটোৱে মোৰ নিসংগতা কিছু লাঘৱ কৰে। মই তাক কালু বুলি মাতো।' সুনন্দাই ক'লে।
২০১০ চনত সুনন্দা যেতিয়া ৬ বছৰৰ পিচত ঘৰলৈ ঘূৰি আহিল তাৰ পিচতে এই প্ৰচণ্ড মাৰপিট আৰম্ভ হ'ল আৰু দুমাহৰ পিচত শয্যাগত-ৰুগ্ন পিতৃ কৃষ্ণকান্ত সাহুৰ মৃত্যু হ'ল। দুই পুত্ৰই জীয়ৰীৰ ওপৰত কৰা অত্যাচাৰ তেঁও নীৰৱে চাই আছিল। দুই পুত্ৰৰ উপৰি সিহঁতৰ পত্নীহঁত আৰু ল'ৰা-ছোৱালীয়ে সুনন্দাক অত্যাচাৰ কৰিছিল। সুনন্দাৰ মাতৃ কনকলতায়ো সকলো নীৰৱে চাই ৰৈছিল।
সুনন্দাই ভালকৈয়ে বুজিছিল যে ঘৰখনে তেঁওক বিচৰাও নাই, প্ৰয়োজনো নাই। 'সিহঁতে আনকি মোক চাবোন বা তেল অলপো নিদিয়ে', তেঁও ক'লে। নামমা্ত্ৰ আহাৰ খাবলৈ দিয়ে। এজন সচেতন প্ৰতিবেশীয়ে সুনন্দাৰ বিষয়ে সমাজকৰ্মী এজনক জনালে। গাঁও পঞ্চায়তৰ সহায় ল'বলৈ তেঁও সুনন্দাক উৎসাহিত কৰিলে। প্ৰথমতে চৰকাৰৰ পৰা নিৰ্যাতিত মহিলাৰ বাবে দিয়া মাহে তিনিশ টকা সুনন্দাই পেঞ্চন হিচাপে লাভ কৰিলে। লগতে অন্ত্যোদয়া আঁচনিৰ অধীনত মাহে ২৫ কিলোগ্ৰামকৈ ৰেহাই মূল্যত সুনন্দাক চাউল যোগান ধৰা হ'ল।
উৰিষ্যা ধেনকানাল জিলাৰ গোণ্ডীয়া তহচিলৰ নিহাল প্ৰসাদ গাঁৱৰ বহুতে চতুৰালিৰে সুনন্দাৰ ককায়েকহঁতকে সমৰ্থন কৰিলে। 'সিহতে একো কৰা নাই।' ৰমেশ মহান্তি নামৰ ৪৫ বছৰীয়া এজন প্ৰতিবেশীয়ে ক'লে।
ভগ্নীৰ প্ৰতি দুই ভাতৃয়ে সামান্য অনুকম্পাও প্ৰকাশ নকৰিলে। সিহঁতে ভাবে তাই পৰিয়ালৰ সন্মান ভূলুণ্ঠিত কৰিলে। 'মোৰ লগত সম্পৰ্ক ৰাখিলে সিহঁতক এৰি থৈ গুচি যাব বুলি দুই ভাতৃৰ পত্নীহঁতে ভাবুকি দিলে।' সুনন্দাই ক'লে।
এই শাস্তি সুনন্দাৰ আদিম পাপ-প্ৰেমৰ বাবে। এই পৰিস্থিতিৰ অৱনতি ঘটিল তেতিয়াই, যেতিয়া তাই পৈতৃক সম্পত্তিৰ অংশ বিচাৰিলে। তাৰ পিচত সিহত সুনন্দাৰ প্ৰতি অতি নিষ্ঠুৰ হৈ উঠিল।
২০১৬ৰ মে' মাহত সুনন্দাৰ তেতিয়া বয়স ৩৬ বছৰ হ'ল-তেতিয়া মৃত পিতৃৰ ৯ একৰ ভূ-সম্পত্তি (কৃষিভূমি)ৰ ভাগ বিচাৰিলে। তেঁওৰ কথাটো একেবাৰে সৰল। 'মোৰ দুজনী বাইদেউৰ বিয়া মাটি বিক্ৰী কৰি অনুষ্ঠিত কৰা হৈছিল। যিহেতু মোৰ বিয়া পতা নাই, সেয়ে মোৰ ভাগৰ মাটি মোক লাগে।' বাকী থকা মাটিত মোৰো সমান অংশ আছে বুলি সুনন্দাই দাবী কৰিলে।
সুনন্দাৰ দাবী অগ্ৰহণীয় আৰু অক্ষমনীয়। আমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, য'ত ২০১০-১১ৰ কৃষি জনগণনা সম্পৰ্কীয় সৰ্বভাৰতীয় প্ৰতিবেদনৰ মতে মুঠ কৃষিভূমিৰ ৪৭.২ শতাংশ (অনুষ্ঠানৰ অধীনস্থ ভূমিৰ বাদে) পুৰুষ মালিকানাধীন দেশৰ বৃহত কৃষিভূমিৰ মাত্ৰ অতি ক্ষুদ্ৰ অংশ ১২,৮ শতাংশ মহিলাৰ মালিকানাধীন।
এদিন খং উঠি কালুক মাৰোতে ককায়েকহঁতে তাইক বেয়াকৈ চৰ মাৰিছিল। 'তাই কাইলৈ আমাক মাৰিব' কাঠৰ খৰিৰে মৰাৰ আগতে সিহঁতে এইদৰে চিঞৰিছিল।





