প্ৰথম দৃষ্টিতে পেৰুৱেম্বা গাওঁখন দেখিলে চামৰা সংশোধন কৰা ঠাই যেন লাগিল। গৰু, ম’হ আৰু ছাগলীৰ ছাল গাওঁখনৰ মানুহৰ চোতালত শুকাবলৈ দিয়া হয়। দেখিলে এনে লাগে যেন বিক্ৰীৰ কাৰণে চামৰা সংসাধন কৰা হৈছে। কিন্তু ঘৰৰ চোতালবিলাকৰ পিছত যেতিয়া ঘৰৰ ভিতৰফালে দৃষ্টি নিক্ষেপ কৰিব, দেখিবলৈ পাব যে অপৰিশোধিত চৰ্মৰাজি কাড়াচি কোল্লান সম্প্ৰদায়ৰ হস্তশিল্পীসকলে উচ্চ মানসম্পন্ন সংগীতৰ ঘাত-বাদ্য যন্ত্ৰলৈ ৰূপান্তৰ কৰিছে।
কেৰালাৰ পালাক্কাড় চহৰৰ পৰা ১৪ কিলোমিটাৰ দূৰত অৱস্থিত পেৰুৱেম্বা গাঁৱত চামৰাৰে তৈয়াৰী বাদ্যযন্ত্ৰৰ প্ৰতি সমগ্ৰ দক্ষিণ ভাৰতৰ সংগীতজ্ঞসকলৰ অতি হেপাহ। “এই বাদ্যযন্ত্ৰবোৰ বজাব পৰা আমি সংগীতজ্ঞ নহয়, কিন্তু ভাল মানসম্পন্ন বাদ্যযন্ত্ৰ তৈয়াৰ কৰাৰ সুক্ষ্মতাৰ বিষয়ে আমি জানো,” এজন কাড়াচি কোল্লান মৃদংগ তৈয়াৰ কৰা ৪৪ বছৰ বয়সীয়া শিল্পী কে. মানিকান্দনে কয়। “আমি আগধন আৰু আগতীয়া বন্দৱস্তৰ ভিত্তিত বাদ্যযন্ত্ৰ তৈয়াৰ কৰো। আমি গ্ৰাহকৰ প্ৰয়োজন অনুসৰি গ্ৰাহকৰ ইচ্ছাপূৰণ কৰো। আমি দোকানত বা বাণিজ্যিক বিক্ৰেতাক আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী নকৰো।”
মন্দিৰৰ সংগীত আৰু কৰ্ণাটকী সংগীতত বহুলভাৱে ব্যৱহৃত মৃদংগম, মাদলম, চেন্দা, তবলা, ঢোল, গঞ্জিৰা আৰু বিভিন্ন ধৰণৰ ঢোল-ডবা আদি পেৰুৱেম্বাৰ কাড়াচি কোল্লানসকলে ন ন আৰ্হিত উৎপাদন কৰে। প্ৰায় ২০০ বছৰ ধৰি এই সম্প্ৰদায়ৰ লোকসকলে সংগীতৰ ঘাত-বাদ্য যন্ত্ৰ তৈয়াৰ কৰি আহিছে। এই বৃত্তিত জড়িত হোৱাৰ আগতে এই সম্প্ৰদায়ৰ লোকসকল বৃত্তিত কমাৰ আছিল আৰু তেওঁলোকে কৃষি-সঁজুলি তৈয়াৰ কৰিছিল বুলি মানিকান্দনে কয়। কৰ্ণাটকী সংগীতৰ কেন্দ্ৰৰূপে পালাক্কাড় খ্যাত হোৱাটোৱে পেৰুৱেম্বা গাঁৱৰ কাড়াচি কোল্লানসকলকো অনুপ্ৰাণিত কৰে। এই গাওঁখন পালাক্কাড় জিলাৰ পেৰুৱেম্বা গ্ৰাম পঞ্চায়তৰ অধীনস্থ, ভাল উপাৰ্জনৰ বাবে ইয়াৰ লোকসকলে বাদ্যযন্ত্ৰ সজা কামত ধৰে।
কালক্ৰমত কেৰালাৰ বাহিৰৰ কৰ্ণাটকী সংগীত মহলতো পেৰুৱেম্বাৰ সুনাম বিয়পি পৰিল। মৃদংগম বিশাৰদ পালঘাট টি এছ মণি আয়াৰ (১৯১২-১৯৮১) পেৰুৱেম্বাৰ মৃদংগৰে শ্ৰেষ্ঠত্ব লাভ কৰাৰ পিছত পেৰুৱেম্বাৰ খ্যাতি বিয়পি পৰে। তেওঁ মাদ্ৰাছ (বৰ্তমান চেন্নাই)ৰ বহুতো সংগীতজ্ঞক গাওঁখন চাবলৈ আমন্ত্ৰণ জনায়, বহুতো কাড়াচি কোল্লান হস্তশিল্পীসকলৰ স্থায়ী গ্ৰাহকলৈ পৰিণত হয়। মানিকান্দনৰ পিতৃ কৃষ্ণন মুৰুথালাপাৰাম্বুয়ে আয়াৰে ব্যৱহাৰ কৰা মৃদংগমসমূহ তৈয়াৰ কৰিছিল আৰু এই হস্তশিল্পীজনৰ সৈতে সংগীতজ্ঞজনৰ ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল।








