মহাৰাষ্ট্ৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি খবৰ পোৱাৰ কেইঘণ্টামান পিছত তেওঁ বীড় জিলাৰ পৰা ১৮০ কিলোমিটাৰ দূৰত, সোলাপুৰলৈ যাবলৈ সন্তোষ খাড়েয়ে বন্ধু এজনক অনুৰোধ জনালে। তাত কুঁহিয়াৰৰ গছেৰে ভৰি থকা খেতিপথাৰত বাঁহ-খেৰ আৰু তিৰ্পাল দি বনোৱা অস্থায়ী ঘৰ এটা তেওঁ বিচাৰি চকু ফুৰালে। ৩০ বছৰৰো অধিক সময় মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ চপোৱা ঋতুত কুঁহিয়াৰ কটা শ্ৰমিক হিচাপে কাম কৰি অহা তেওঁৰ মাক-দেউতাক থকা সেই তিৰ্পাল দিয়া ঘৰটো তেওঁ মিনিটতে ফালি-চিৰি ভাঙি পেলালে।
“মই এনটি-ডি (যাযাবৰ জনজাতিৰ এটা উপ-শাখা) শাখাত শীৰ্ষস্থানত থকা খবৰটোতকৈ মা-দেউতাই দুনাইবাৰ কুঁহিয়াৰ খেতিত শ্ৰমিকৰ কাম কৰিব নলগা কথাটোত মই বহুত বেছি আনন্দ পাইছিলো,” নিজৰ তিনি একৰ মাটিত বৰ্ষানিৰ্ভৰ খেতি কৰা তিনিজনীয়া পৰিয়ালটোৰ ঘৰটোৰ বহল বাৰান্দাখনত প্লাষ্টিকৰ চকী এখনত বহি থকা খাড়েয়ে কয়।
তেওঁৰ খবৰটোৱে হাঁহি-আনন্দৰ এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছিল। খাড়ে হৈছে খৰাং পীড়িত পাটোৰা অঞ্চলৰ পৰা সোলাপুৰ জিলালৈ তিনিটা দশক ধৰি বছৰি প্ৰব্ৰজন কৰি অহা শ্ৰমিক দম্পতিৰ সন্তান। পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কুঁহিয়াৰ খেতি হোৱা অঞ্চললৈ বছৰি খেতি চপোৱাৰ সময়ত ছাৱাৰগাওঁ ঘাটৰ ৯০ শতাংশ পৰিয়ালে তেওঁৰ দৰে প্ৰব্ৰজন কৰে।
বঞ্জাৰি সম্প্ৰদায়ৰ খাড়েয়ে ২০২১ৰ এম.পি.এছ.চি. পৰীক্ষাত খুব ভাল ফলাফল প্ৰদৰ্শন কৰিছিল - তেওঁ এন.টি.-ডি শিতানত শীৰ্ষস্থানত থকাৰ লগতে ৰাজ্যখনৰ সাধাৰণ শ্ৰেণীৰ মাজত ১৬তম স্থান লাভ কৰিছিল।
“এয়া মোৰ মা-দেউতাই বছৰ বছৰ ধৰি কৰি অহা সংগ্ৰামৰ ফল। পশুৰ দৰে জীৱন এটা তেওঁলোকে কটায়,” কুঁহিয়াৰৰ খেতি চপোৱা ঋতুত কাম কৰা শ্ৰমিকৰ জীৱনৰ কথা তেওঁ কয়। “মোৰ প্ৰথম লক্ষ্য আছিল এটা ভাল কাম বিচৰা, যাতে মা-দেউতাই কুঁহিয়াৰৰ খেতিত কাম কৰিবলৈ গৈ থাকিবলগীয়া নহয়।”







