হাটানেত চৰকাৰী হস্পিতেল এখনৰ মূল দুৱাৰখনতে অটোৰিক্সা এখনত এগৰাকী মহিলা এবাৰ বাৰে বাৰে অচেতন হৈ পৰিছে। আনজনে বুকুত ভুকুৱাই কান্দিছে: “মাঝা চনিয়া, মাঝা চনিয়া, কুথে গেলা ৰে মাঝা চনিয়া (ক’লৈ গ’লা অ’ মোৰ চনিয়াজনী)?” প্ৰতিটো দিশৰ পৰা কেৱল কান্দোনৰ ৰোল ভাঁহি আহিছে। কিছুমান পৰিয়ালে একলগ হৈ হস্পিতেলত ভৰ্তিৰ কাগজবোৰ পূৰাবলৈ যত্ন কৰিছে। কিছুমানে আন কোনো হস্পিতেলত বে’ড পোৱা যাব নেকি চেষ্টা কৰিছে।

এয়া মে’ মাহৰ আৰম্ভণিৰ ভাগৰ এটা উষ্ম আবেলি। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ হাটানে গাঁৱত থকা ৰেভেৰা হস্পিতেলৰ বাহিৰত পৰিস্থিতি বিষম হৈ পৰিছে।

চিন্তিত গুৰু চৌধাৰীয়ে হস্পিতেল চৌহদৰ গছ এডালৰ তলৰ চিমেণ্টেৰে বনোৱা ঠাইখিনিত বহি ইটোৰ পিছত সিটো ফোনকল লগাইছে। ভনীজোঁৱাইৰ মৃত্যুৰ খবৰ তেওঁ আত্মীয়-কুটুমক দিছে। “দেৱালা প্ৰিয়া ঝালা কাল ৰাত্ৰি (তেওঁ কালি ৰাতি ঢুকাল)।” তেওঁ ফোনত বাৰে বাৰে সেই কথা কৈছে। “তেওঁ মোৰ ভাতৃসম আছিল,” তেওঁৰ মুখখন শুকাই গৈছে। “ভিডিঅ’টো চাওক। তেওঁ সুস্থ হৈ আছে। মোৰ ভনীজনী তেওঁৰ লগতে হস্পিতেলত আছিল। তেওঁৰ অক্সিজেন চিলিণ্ডাৰটো লিক হৈ আছিল… তাই বাৰে বাৰে ডাক্তৰক সেয়া পৰীক্ষা কৰিবলৈ মাতি আছিল…”

গুৰুৰ ভনীজোঁৱাই, ৩৫ বছৰীয়া বমন দিঘাক পৰিয়ালে ৰেভেৰা হস্পিতেললৈ অহাৰ আগেয়ে ২৩ এপ্ৰিলত দুখন সৰু হস্পিতেললৈ নিয়া হৈছিল। “তেওঁ ভালকৈ উশাহ ল’ব পৰা নাছিল। কেইদিনমান ধৰি তেওঁৰ গাত তীব্ৰ জ্বৰো আছিল। আমি ভয় খাই ডাক্তৰৰ ওচৰ চাপিলো,” গুৰুৱে কয়। “ডাক্তৰে কৈছিল যে তেওঁৰ নিউমনিয়া হৈছে আৰু ক’ভিডো হ’ব পাৰে, গতিকে ততালিকে হস্পিতেলত ভৰ্তি কৰাব লাগে। ওচৰৰ কোনো হস্পিতেলত বিচনা নাছিল, অক্সিজেন নাছিল।”

পৰিয়ালটোৱে পালঘৰৰ মোখাৰা তালুকৰ তেওঁলোকৰ গাওঁ টাকপাড়াৰ পৰা এম্বুলেন্স এখনত একেখন জিলাৰ বিক্ৰমগড় তালুকৰ ৰাজ্য চৰকাৰচালিত ৰেবেৰালৈ ৬০ কিলোমিটাৰ বাট তেওঁক এম্বুলেন্স এখনত লৈ গৈছিল। তালুকটোত সেইখনেই একমাত্ৰ ক’ভিড হস্পিতেল, তাত ২০০ খন ক’ভিড বিচনা আছে (তাৰে আধাখিনি আইচ’লেচন বে’ড আৰু বাকীখিনি অক্সিজেন, ভেণ্টিলেটৰ বা আই.চি.ইউ. থকা বে’ড: এই সম্পৰ্কত জিলাৰ চৰকাৰী ৱেবছাইটত থকা ডেটা স্পষ্ট নহয়)।

Malati Digha, Vaman's grieving wife (left) and relatives outside ReVera Hospital in Vikramgad: 'He could have recovered...'
PHOTO • Shraddha Agarwal
Malati Digha, Vaman's grieving wife (left) and relatives outside ReVera Hospital in Vikramgad: 'He could have recovered...'
PHOTO • Shraddha Agarwal

বিক্ৰমগড়ৰ ৰেবেৰা হস্পিতেলতৰ বাহিৰত মালতি দিঘা , বমনৰ শোকাৰ্ত পত্নী (বাওঁফালে) আৰু আত্মীয়বৰ্গ

“তেওঁৰ তিনিবাৰকৈ ক’ভিড নিগেটিভ আহিছিল যদিও তেওঁক হস্পিতেলৰ ক’ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল। ভিতৰত থকা বিচনাত বিচনাচাদৰ আৰু গাৰু নাছিল। তেওঁলোকৰ গৰম পানীৰ ব্যৱস্থাও নাছিল। তেওঁ সেই ৱাৰ্ডটোত ১০ দিন আছিল। তেওঁৰ মৃত্যুৰ আগদিনা তেওঁ পেচাৱ কৰিব পৰা নাছিল। তেওঁৰ অৱস্থা হঠাতে শোচনীয় হৈ পৰিছিল। মোৰ ভনীজনীয়ে ডাক্তৰক মাতি থাকিছিল যদিও তেওঁলোক্ সকলো সময়তে ব্যস্ত হৈ থাকিছিল আৰু কোনেও গুৰুত্ব দিয়া নাছিল,” গুৰুৱে কয়।

বমনে টাকপাৰাৰ স্থানীয় পঞ্চায়ত এখনত কাম কৰিছিল। তেওঁ পৰিয়ালটো ঠাকুৰ আদিবাসী সম্প্ৰদায়ৰ, ৮ আৰু ৬ বছৰীয়া দুটা ল’ৰাসন্তান আছে আৰু তেওঁৰ এই ৩১ বছৰীয়া পত্নী মালতি দিঘা। তেওঁৰ লগতে বমনৰ পৰিয়ালটোৱে তেওঁলোকৰ দুই একৰ মাটিক নিজে পাচলি, বজৰা আৰু ধানখেতি কৰে। “মই ডাক্তৰক মাতি মাতি ভাগৰি পৰিছিলো। অক্সিজেন থকা স্বত্ত্বেও তেওঁ ভালকৈ উশাহ ল’ব পৰা নাছিল। ৱাৰ্ডটোৰ ভিতৰখন ইমান লেতেৰা আছিল। তেওঁৰ সঠিক যত্ন লোৱা হ’লে আজি তেওঁক আমি নেহেৰুৱালোহেঁতেন,” মালতিয়ে কান্দি কান্দি কয়।

কিন্তু হস্পিতেলৰ মেডিকেল অধীক্ষকজনে মোক কয়: “ৰোগীৰ আত্মীয়ই যি পায় তাকে কয়। আপুনি সেইবোৰ বিশ্বাস নকৰিব। ভিতৰত কি ঘটি আছে তেওঁলোকে নাজানে।”

হস্পিতেলৰ আন এটা চুকত মিনা পাগি মাটিতে পৰি আছে। কাষৰ কিছুমানে তেওঁক নপৰাকৈ ধৰি আছে। তেওঁ উঠিবৰ চেষ্টা কৰিছে যদিও পৰা নাই। কিছুসময়ৰ পিছত তেওঁ বহি ল’লে আৰু থৰ পৰা কপৌৰ দৰে হ’ল। “পুৱাৰে পৰা তাই এইখিনিতে এনেকৈ পৰি আছে। তাইৰ গিৰীয়েকটো ঢুকাইছে আৰু এতিয়া চাৰিজনী ছোৱালীৰে তাই সংসাৰ,” তাইৰ পৰিয়ালৰ বন্ধু, কৃষক শিৱৰাম মুখনে কয়।

১ মে’ৰ দিনা মংগেশ (৪৮)ৰ বুকুৰ বিষ আৰম্ভ হোৱাত তেওঁ মীনা (৪৫)ক লৈ এম্বুলেন্সত ৰেবেৰা হস্পিতেললৈ আহে। সেইদিনাই শিৱৰামে কয় যে মংগেশে বিক্ৰমগঢ় তালুকৰ খোস্তে গাঁৱৰ পৰা ১৫ কিলোমিটাৰ মটৰ চাইকেল চলাই হস্পিতেল এখনলৈ গৈছিল, লগত মীনাকো নিছিল। তেতিয়া তেওঁৰ গাত তীব্ৰ জ্বৰ আছিল আৰু উশাহ লোৱাতো কষ্ট পাই আছিল। দুদিন পিছত, ৩ মে’ৰ দিনা মংগেশে প্ৰাণ হেৰুৱায়।

The hospital’s Medical Superintendent told me: 'The relatives of the patients will say anything. You should not believe them'
PHOTO • Shraddha Agarwal
The hospital’s Medical Superintendent told me: 'The relatives of the patients will say anything. You should not believe them'
PHOTO • Shraddha Agarwal

হস্পিতেলৰ মেডিকেল অধীক্ষকজনে মোক কয় : “ৰোগীৰ আত্মীয়ই যি পায় তাকে কয় আপুনি সেইবোৰ বিশ্বাস নকৰিব

“সেই হস্পিতেলত থকা ডাক্তৰে তেওঁক ৰেবেৰাত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিলে। তেওঁলোকে এখন পত্ৰ লিখি দিলে আৰু এম্বুলেন্স এখনৰ যোগাৰ কৰি দিলে। কেবাঘণ্টাও যোৱাৰ পিছত তেওঁক ৰেবেৰাত ভৰ্তি কৰোৱা হ’ল,” শিৱৰামে কয়। “তেওঁৰ পত্নীয়ে মোক খবৰ দিলে যে তেওঁক অক্সিজেনৰ প্ৰয়োজন আৰু অক্সিজেন দিয়াৰ পিছত তেওঁৰ অৱস্থা ভাললৈ আহে। কিন্তু ডাক্তৰে এটা পৰীক্ষা কৰি তেওঁক ক’ভিড ৱাৰ্ডলৈ নিয়ে। তাতে তেওঁলোকে দুটা দিনৰ ভিতৰত তেওঁক ১০-১২ টা বেজী দিয়ে। বেজী দিয়াৰ পিছতো তেওঁৰ অৱস্থা শোচনীয় হৈয়ে থাকিল। সেয়ে আমি আন এখন হস্পিতেললৈ তেওঁক নিয়াৰ পৰিকল্পনা কৰিলো। কিন্তু মাজনিশা (৩ মে’ৰ দিনা) তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰাত তেওঁক আই.চি.ইউ.লৈ নিয়া হয়। তাত দুঘণ্টামান পিছত তেওঁ ঢুকাল বুলি আমাক খবৰ দিয়া হ’ল।”

মই ডাক্তৰক দেখা কৰাৰ চেষ্টা কৰিলো যদিও লগ নাপালো।

মংগেশে সাতজনীয়া পৰিয়াল এৰি গ’ল - তেওঁৰ মা-দেউতা, মীনা আৰু ১৯,১৭, ১১ আৰু ৭ বছৰীয়া চাৰিজনী জীয়াৰী। তেওঁ পৰিয়ালৰ এক একৰ মাটিত ধান, গমধান আৰু বজৰাৰ খেতি কৰি চলিছিল। তেওঁৰ পৰিয়ালটো কাটকাৰি আদিবাসী সম্প্ৰদায়ৰ আৰু এতিয়া গোটেই পৰিয়ালটোৱে মীনাৰ দিনহাজিৰাৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব। তেওঁ ওচৰৰে পাম আদিত কাম কৰি দিনে ১৫০-২০০ টকা উপাৰ্জন কৰে। “আমাৰ গাঁৱত আমি দুমাহ ধৰি একো কাম পোৱা নাছিলো (ক’ভিডৰ বাধা-নিষেধৰ কাৰণে)। তেওঁলোকে ইতিমধ্যে টকাৰ অভাৱত জুৰুলা হৈছিল আৰু এতিয়া কেনেকৈ চলিব আমি কল্পনা কৰিব পৰা নাই,” শিৱৰামে কয়।

ইপালে বমন আৰু মংগেশে হস্পিতেল বে’ড পাবলৈ সক্ষম হৈছিল যদিও শ্যাম মাদিয়ে সময়ত বে’ড নাপালে। এপ্ৰিলৰ শেষ সপ্তাহত, ২৮ বছৰ বয়সীয়া শ্যামৰ বিক্ৰমগড় তালুকৰ যশৱন্তনগৰ গাঁৱৰ নিজ ঘৰত খুব জ্বৰ উঠে। “আমি তেওঁক স্থানীয় (চৰকাৰী) হস্পিতেললৈ লৈ গ’লো। তাতে তেওঁক দৰৱ দিয়াত অলপ জ্বৰ থামিল। ডাক্তৰে কিছু পৰীক্ষা কৰিবলৈ দিলে কিন্তু বিক্ৰমগড়ত থকা একমাত্ৰপ পেথ’লজি লেবটো বন্ধ আছিল। কিছুদিন যোৱাৰ পিছত এদিনাখন ৰাতি ৩ বজাত উশাহ লোৱাত তেওঁ কষ্ট পাবলৈ ধৰে,” মহেশ মৰাঘাই তেওঁৰ পত্নীৰ ভায়েকজনৰ ২৬ এপ্ৰিলৰ দিনা কি হৈছিল সেয়া মনত পেলাইছে।

Mangesh Pagi’s parents mourn the loss of their son outside ReVera Hospital while his wife, Mina (right) sits stunned
PHOTO • Shraddha Agarwal
Mangesh Pagi’s parents mourn the loss of their son outside ReVera Hospital while his wife, Mina (right) sits stunned
PHOTO • Shraddha Agarwal

ৰেবেৰা হস্পিতেলৰ বাহিৰত পুত্ৰশোকত দগ্ধ মংগেশ পাগিৰ পিতৃ -মাতৃ, ইফালে তেওঁৰ পত্নী মীনাই (সোঁফালে) থৰ লাগি ৰৈছে

“আমি প্ৰথমতে তেওঁক আন এখন হস্পিতেললৈ (বিক্ৰমগড়তে) লৈ গ’লো। তেওঁলোকে তেওঁক ক’ভিড কেন্দ্ৰলৈ লৈ যোৱাৰ কথা ক’লে। তেতিয়াও তেওঁ ভালকৈ উশাহ ল’ব পৰা নাছিল। আমি প্ৰাইভেট হস্পিতেল এখনৰ পৰা এম্বুলেন্স এখন যোগাৰ কৰিলো। তাত আক্সিজেন আছিল। কিন্তু ৰেবেৰা হস্পিতেলত আমি বে’ড নাপালো। আমি কাবৌ-কাকূতি কৰিলো, কিন্তু ডাক্তৰে ক’লে যে বিচনা খালি নাই,” মহেশে কয়। ৰেবেৰা হস্পিতেলত বে’ড বিচৰা হৈছিল পুৱা ৮ বজাত।

পালঘৰ জিলাৰ আঠটা তালুক - দাহানু, জৱাহৰ, মোখাৰা, পালঘৰ, তালচাৰি, বাচাই, বিক্ৰমগড়, ৱাৰা - এই গোটেইকেইটা মিলি প্ৰায় ৩০ লাখ জনসংখ্যাৰ বাবে হাটানে গাঁৱত থকা ৰেবেৰা হস্পিতেলকৈ ধৰি মুঠ ১২ খন উৎসৰ্গিত ক’ভিড হস্পিতেল আছে। এই হস্পিতেলত ২,২৮৪ খন আইচ’লেচন বে’ড, ৫৯৯ অক্সিজেন বে’ড, ৪২ খন আই.চি.ইউ বে’ড আৰু ৭৫ টা ভেণ্টিলেটৰ ফেচিলিটি আছে। ১২ মে’ৰ দিনা ৭৩ খন অক্সিজেন বে’ড আৰু আধাসংখ্যক আইচ’লেচন বে’ড খালি আছিল, এয়া জিলা চৰকাৰী ৱেবছাইটৰ তথ্য। এই তাৰিখত কেৱল এখন আই.চি.ইউ. বে’ড আৰু ৩ টা ভেণ্টিলেটৰ ফেচিলিটি উপলব্ধ আছিল।

জিলাখনত এতিয়ালৈ ১ লাখৰ ওচৰা-উচৰি (৯৯,৫৩৯) টা ক’ভিড পজিটিভ কে’চ ধৰা পৰিছে, ১,৭৮২ জনৰ মৃত্যু ঘটিছে।

শ্যামৰ কাৰণে বে’ড বিচাৰি হাহাকাৰ কৰি থকাৰ মাজতে শ্যামৰ আনজনী ভনীয়েক পুজাক বিয়া পতা পংকজ পাটকাৰে চিপিএম কৰ্মী এজনৰ লগ লাগি কোনোমতে পালঘৰ জিলাৰ ৱাৰা চহৰৰ পৰা এটা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰিব পাৰিলে। “এম্বুলেন্সখনত থকা চিলিণ্ডাৰটোৰ অক্সিজেন শেষ হ’বলৈ ধৰিছিল আৰু আমি আন এটা চিলিণ্ডাৰৰ যোগাৰ কৰিলো,” মোৰ সৈতে ফোনত কথা পাতোতে পংকজে কয়। “আমি তেওঁক বৈচাৰৰ এটা ক’ভিড কেন্দ্ৰলৈ (প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা) নিলো। তেওঁলোকে চিটি স্কেনো কৰিলে, কিন্তু তাতো আমি বে’ড নাপালো। আমি ভিৱাণ্ডি আৰু থানেতো হস্পিতেল বে’ড বিচাৰি হতাশ হ’লো।” এই চহৰকেইখন বিক্ৰমগড়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত অৱস্থিত।

Sumitra Moragha (left) says: 'No hospital gave him a bed. My brother couldn’t breathe. His new bride [Rupali, right, in blue] hasn’t eaten in days'
PHOTO • Shraddha Agarwal
Sumitra Moragha (left) says: 'No hospital gave him a bed. My brother couldn’t breathe. His new bride [Rupali, right, in blue] hasn’t eaten in days'
PHOTO • Shraddha Agarwal

সুমিত্ৰা মৰাঘাই (বাওঁফালে) কয়: ‘কোনো হস্পিতেলেই তেওঁক বে’ড নিদিলে মোৰ ভাইটোৱে উশাহ ল ’বপৰা নাছিল তেওঁৰ নৱপৰিণীতা (ৰূপালী, সোঁফালে নীলা পোচাক পৰিহিতা)য়ে মুখত একো নিদিয়া হৈছে’

“কিন্তু আমি ব্যৱস্থা কৰিব নোৱাৰিলো আৰু তেওঁক পুনৰাই ৰেবেৰালৈ লৈ আহিলো,” পংকজে কয়। দ্বিতীয়বাৰ তেওঁলোকে আবেলি ৩ বজাত ৰেবেৰাত পুনৰাই বে’ড বিচাৰিলে। প্ৰথমবাৰ চেষ্টা কৰাৰ প্ৰায় সাত ঘণ্টা পাছত। এম্বুলেন্সত ৮,০০০ টকা খৰছ হৈছিল, ঠাকুৰ আদিবাসী সম্প্ৰদায়ৰ পৰিয়ালটোৱে সম্পৰ্কীয়ৰ পৰা সেই টকা ধাৰ কৰি আনিছিল।

“আমি ইফালে তাত তেওঁক ভৰ্তি কৰাবলৈ ডাক্তৰক কাবৌ-কাকূতি কৰি থকাৰ মাজতে শ্যামে শেষ নিশ্বাস ত্যাগ কৰে,” পংকজে কয়।

“তেওঁ উশাহ ল’বপৰা নাছিল,” শ্যামৰ ভনী সুমিত্ৰাই কয়। “তেওঁক হস্পিতেললৈ নিয়া হৈছিল যদিও ক’তো আমি বে’ড নাপালো। কোনেও তেওঁক অক্সিজেনৰ ব্যৱস্থা কৰি নিদিলে। মোৰ ভাইটোৱে উশাহ ল’বপৰা নাছিল। তেওঁৰ নকইনাজনীয়ে কেবাদিনো ধৰি মুখত একো এটি দিয়া নাই। তাইক চোৱাগৈ, তাই কিমান আঘাত পাইছে।”

স্থানীয় অটোমটিভ কোম্পানী এটাত কাম কৰা শ্যামে বিয়া পতা মাত্ৰ দুমাহ হৈছিল। যশৱন্তনগৰ গাঁৱৰ নিজৰ মাকৰ ঘৰত তেওঁৰ নৱপৰিণীতা পত্নী ২৪ বছৰীয়া ৰূপালীয়ে বাৰান্দাত ডাঠ গুলপীয়া ৰঙৰ প্লাষ্টিক চকী এখনত বহি আছে। তেওঁৰ ভনীজনীয়ে তেওঁক ধৰি আছে, যাতে তাই পৰি নাযায়। গিৰীয়েক ঢুকোৱাৰ পিছৰে পৰা তাই একো নোখোৱা হৈছে, তাই মনৰ শোকত কৈছে: “আমি অক্সিজেনৰ কাৰণে কিমান কাকূতি কৰিলোঁ। তেওঁক কেৱল অক্সিজেন লগা আছিল। তোমালোকৰ কিবা হ’লে মুম্বাইত ডাঙৰ হস্পিতেল আছে। কিন্তু গাঁৱৰ আমাৰ দৰে মানুহক কোনে অক্সিজেন দিব?”

অনুবাদ: পংকজ দাস

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

यांचे इतर लिखाण Shraddha Agarwal
Editor : Sharmila Joshi

शर्मिला जोशी पारीच्या प्रमुख संपादक आहेत, लेखिका आहेत आणि त्या अधून मधून शिक्षिकेची भूमिकाही निभावतात.

यांचे इतर लिखाण शर्मिला जोशी
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das