‘মই বৰ সুখী হৈছিলোঁ, নমস্কাৰ জনাইছিলোঁ। তেখেতে (ৰাষ্ট্ৰপতিয়ে) মোক প্ৰতি-সম্ভাষণ জনাই কৈছিল- ৰাষ্ট্ৰপতি ভৱনলৈ স্বাগতম,’ পদ্মশ্ৰী সন্মান লাভ কৰা কমলা পূজাৰীয়ে এই বছৰ মাৰ্চ মাহত নতুন দিল্লীলৈ বঁটা গ্ৰহণৰ বাবে যোৱাৰ দিনটো মনত পেলাই কৈ গ’ল।
বীজ সংৰক্ষণৰ ক্ষেত্ৰত কৰা সাধনাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে কমলাজীক সেই সন্মান প্ৰদান কৰিছিল(বেটুপাতৰ আলোকচিত্ৰখনত কমলাজী)। কমলাজীয়ে আজিৰ পৰা চাৰিটা দশক পূৰ্বে বিয়া হোৱাৰ পিছত ওড়িশাৰ কৰাপুত জিলাৰ পাত্ৰপুত অঞ্চললৈ অহাৰ দিনধৰি থলুৱা বীজ সংৰক্ষণৰ কামত লাগিছিল। তেতিয়া গাঁৱৰ মানুহে প্ৰায় ১৫ বিধ মান থলুৱা ধানৰ খেতি কৰিছিল। কালাজিৰা, গোথিয়া, হালাদিচুড়ি, উমুৰিয়াচুড়ি, মাচ্ছাকাণ্টা, ভুড়েই, ডৰিয়াকাবুৰি আদি বিভিন্ন ধানৰ খেতিৰে পথাৰ উপচি পৰিছিল।
‘প্ৰতিটো পৰিয়ালেই দুই-তিনি বিধ ধানৰ খেতি কৰিছিল, প্ৰতি বিধেই আছিল ভিন্ন গুণসম্পন্ন,’ কমলাই কয়। ‘শস্য চপোৱাৰ পিছত খেতিয়কে শস্যৰ দানা আৰু বীজ বিনিময় কৰিছিল। তেনেদৰেই গাঁৱৰ মানুহৰ হাতলৈ ভিন্ন প্ৰজাতিৰ বীজ আহিছিল।’
কিন্তু যোৱা ২৫ বছৰ মানৰ পৰা পথাৰত ধানৰ প্ৰজাতিৰ বৈচিত্ৰ কমিবলৈ ধৰে। ‘থলুৱা প্ৰজাতিৰ বৈচিত্ৰ নাইকিয়া হ’বলৈ ধৰা মোৰ চকুত পৰিল। মোৰ মনলৈ ভাৱ আহিল যে সেয়া মই সংৰক্ষণ কৰা উচিত,’ তিনি কুৰি বছৰ গৰকা ভুমিয়া জনজাতি সম্প্ৰদায়ৰ কমলাজীয়ে কয়।
ডাঙৰ পৰিয়ালবোৰ ভাগি ক্ষুদ্ৰ পৰিয়াল হ’ল, সকলোৱে অধিক উৎপাদনক্ষম সংকৰ প্ৰজাতিৰ খেতিত গুৰুত্ব দিলে। ফলত ধানৰ বৈচিত্ৰ লোপ পাবলৈ ধৰিলে, কমলাই কয়। অৱশ্যে এই পৰিৱৰ্তনৰ সোঁত বোৱাই অনাত চৰকাৰী নীতিয়েও ইন্ধন যোগাইছিল। ‘গঢ় মানৰ তুলাচনীত যোগ্য বিবেচিত নোহোৱা বাবে আটাইবোৰ ভিন্ন প্ৰজাতিৰ ধান বজাৰ(চৰকাৰী বীজ আহৰণ কেন্দ্ৰ)ত গ্ৰহণ কৰা নহয়,’ কমলাজীৰ পুত্ৰ টংকধৰ পূজাৰীয়ে কয়। ‘কেতিয়াবা কিছুমান প্ৰজাতিৰ ধান যেনে মাচ্ছাকাণ্টা মানসম্পন্ন হ’লে বজাৰত বিক্ৰী হয়। সাধাৰণতে আমি মাচ্ছাকাণ্টা আৰু হালাদিচুড়িৰ খেতি ঘৰত খাবলৈ কৰোঁ আৰু বজাৰত বিক্ৰীৰ বাবে ‘চৰকাৰী ধান ১০১০’ ধানৰ(এক নতুন সংকৰ প্ৰজাতি) খেতি কৰোঁ।’










