ধনু আৰু কাঁড় বনোৱা কলাত চেৰিং দৰ্জী ভুটিয়া ইমানেই মগ্ন যে পাকয়ং জিলাৰ কাৰ্থক গাঁৱৰ তেওঁৰ নিজ ঘৰত আমাৰ সৈতে কথা পাতোতে কেৱল সেই বিষয়েই তেওঁ কৈ থাকিল। পৰম্পৰাগত এই শিল্পকৰ্মত জীৱনটো নিমজ্জিত কৰা চেৰিঙৰ কথা-বতৰাৰ পৰা বিশ্বাস কৰিবলৈ টান লাগে যে সেই শিল্প তেওঁৰ জীৱিকাৰ উৎস নহয়। জীৱনৰ তিনিকুৰি বছৰ তেওঁ কাঠমিস্ত্ৰী কাম কৰি পেট পুহিছে। কাঠমিস্ত্ৰী মানে আচলতে ঘাইকৈ কাঠৰ আচবাব তেওঁ মেৰামতি কৰে। কিন্তু গৃহৰাজ্য চিক্কিমৰ পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জৰিত হৈ থকা ধনুশিল্পৰ পৰা তেওঁ সদায় অনুপ্ৰাণিত হৈ আহিছে, তেওঁ কয়।
কাঠৰ কাম কৰা বহুদশক হ’ল, তেওঁৰ দুহাত নিপুণ যদিও তেওঁক পাকয়ঙৰ ধনু-কাঁড় নিৰ্মাতা হিচাপেহে মানুহে জনাটো তেওঁ বিচাৰে।
“মোৰ বয়স ১০ কি ১২ আছিল, তেতিয়াই মই কাঠৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ লৈছিলো। লাহে লাহে সেই সামগ্ৰীবোৰৰ আকাৰ ধনুৰ দৰে হৈ পৰিল আৰু মানুহেও কিনিবলৈ ধৰিলে। তেনেকৈয়ে এই ধনুমানৱৰ জন্ম হ’ল,” চেৰিঙে পাৰিৰ আগত কয়।
“আগতে ধনুবোৰ অলপ বেলেগ ধৰণে সজা হৈছিল,” তেওঁ সজা কিছুমান ধনু দেখুৱাই আমাক দেখুৱাই কয়। “আগৰ এনে ধনুবোৰক তাবজু (নেপালী ভাষাত) বুলি কোৱা হয়। দুডাল দণ্ড একেলগে জোৰা লগাই বান্ধি লৈ তাৰ ওপৰত চামৰা মেৰিয়াই এই ধনু সজা হৈছিল। আমি এতিয়া সজাবোৰক ‘বোটডিজাইন’ বুলি কোৱা হয়। এখন ধনু সাজোতে অতিকমেও তিনিদিন লাগে। কিন্তু নিপুণ হাতৰ ডেকাইহে সেয়া তিনিদিনত কৰিব পাৰে। বয়সীয়া মানুহক তাতকৈ বেছি দিন লাগে,” দুষ্টালিভৰা হাঁহিৰে চেৰিঙে কয়।














