আমি আদিবাসী, বনৰ সন্তান
আমি নৈ-পাহাৰত থাকো, গিৰিজন আমাৰ নাম
আমিয়েই যি একমাত্ৰ বনৰ প্ৰাচুৰ্যতাৰ ওপৰত জীয়াই থাকো...
কষ্ট পালে আমি সহ্য কৰো
কিবা হেৰুৱালেও আমি জীৱন সংগ্ৰাম চলাই যাও’


West Godavari, Andhra Pradesh
|TUE, DEC 04, 2018
পলাভৰমৰ অধিকাৰচ্যুতসকলৰ আশাৰ মিছিল
১০ জুলাইৰ পৰা ১৬ জুলাইলৈ আদিবাসী লোকৰ দৃঢ়মনা দল এটাই তেঁওলোকক বসতিস্থলৰ পৰা আঁতৰাই জনগোষ্ঠীটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া পলাভৰম প্ৰকল্পৰ প্ৰতিবাদ জনাই পশ্চিম গোদাবৰী জিলাৰ চিৰাভাল্লি গাঁৱৰ পৰা ইলুৰুলৈ এক প্ৰতিবাদী সমদল উলিয়ায়
Author
Translator
আদিবাসী সমদলটোৰ সৈতে যাত্ৰা কৰা ১৫ বৰ্ষীয় আদিবাসী কিশোৰ কৰাছা আদিত্যই ডাপ্পু বজাই বজাই গাই যায়৷ পিন্ধনত তাৰ নীলা কুৰ্তা, কপালত সেউজীয়া পট্টি আৰু ককালত ৰঙা গামোচা৷
তাৰ ভৰিত পানীজোলা ফুটিছে আৰু বাওভৰিৰ আঠুত তীব্ৰ বিষ৷ কিন্তু সেইবোৰে তেঁওক গতিৰুদ্ধ কৰিব পৰা নাই৷ ‘‘কালি (সমদলৰ আয়োজকৰ পৰা ) পোৱা কিছু দৰৱ আৰু মলমে কিছু সকাহ দিছে,’’ বুট্টায়াগুডেম মণ্ডলৰ গণপভাৰম গাঁৱৰ স্কুল এখনত নৱম শ্ৰেণীত পঢ়ি থকা আদিত্যই কয়৷ আদবাটতে চেণ্ডেল চিঙি যোৱাত তেঁও খালি ভৰিৰেই সেই দীঘলীয়া যাত্ৰা অব্যাহত ৰাখিছে৷
তেঁওকে ধৰি ৫০০ গৰাকী অইন আদিবাসী, তাৰে প্ৰায়ভাগেই কয়া আৰু কন্দাৰেড্ডি সম্প্ৰদায়ৰ লোকে পশ্চিম গোদাবৰী জিলাৰ কুকুনুৰ মণ্ডলৰ চিৰাভাল্লি গাঁৱৰ পৰা ১০ জুলাইত এক প্ৰতিবাদী সমদল উলিয়াইছে৷ ১৬ জুলাইত গন্তব্যস্থল জিলা সদৰ ইলুৰু পায় মানে সমদলত অংশ লোৱা লোকৰ সংখ্যা ১৫০০ মান হোৱা বুলি আয়োজকে জনায়৷ মই দুদিন ধৰি তেঁওলোকৰ সৈতে খোজ কাঢ়িছো, ডেণ্ডুলুৰুৰ পৰা ইলুৰুলৈ৷ তাৰে কিছুমানে ক’লে যে নাচিকৰ পৰা মুম্বাইলৈ ২০১৮ চনৰ মাৰ্চ মাহত হোৱা লং মাৰ্চে বিশেষকৈ আদিবাসী খেতিয়কৰ তাতে অংশগ্ৰহণে তেঁওলোকক অনুপ্ৰাণিত কৰিছিল৷

Venkat Rao Gudelli
আয়োজকসকলে এই পদযাত্ৰাক এজেন্সী পৰয়াত্ৰা বুলি কয়৷ এজেন্সী মানে হৈছে পঞ্চম অনুসূচীৰ এলেকাৰ জনাজাত নাম৷ বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত এই শব্দটোৰ প্ৰচলন আছে য’ত ঐতিহাসিক আৰু আৰ্থিক অসমানতা দুৰ কৰাৰ বাবে সংবিধানে তেঁওলোকক বিশেষ অধিকাৰ প্ৰদান কৰিছে৷ তেলেগু ভাষাত পৰু মানে হৈছে যুদ্ধ৷
অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ পঞ্চম অনুসূচী এলেকা আঠটা মণ্ডলত বিস্তৃত হৈ আছে৷ গোদাবৰী নৈত থকা ইন্দিৰাসাগৰ (পলাভৰাম) বহুমুখী প্ৰকল্প আৰু জেল্লেৰু জলাশয় (চিন্তালাপুড়ি লিফট্ জলসিঞ্চন আঁচনি)ৰ ফলত আঠটা দ্বীপৰ ভিতৰত দুটা সম্পুৰ্ণৰূপে জলমগ্ন হৈছে, আন ছটা আংশিকভাৱে ডুব গৈ আছে৷ পলাভৰাম প্ৰকল্প ২০০৪ চনত আৰম্ভ হৈছিল আৰু চৰকাৰে প্ৰকল্পটোৰ কাম ৬০ শতাংশ সম্পুৰ্ণ হোৱা বুলি দাবী কৰে৷ আনফালে চিন্তালপুড়ি আঁচনি ২০১৪ চনত আৰম্ভ হৈছিল আৰু এতিয়ালৈ তাৰে নিৰ্মাণকাৰ্য আৰম্ভ হোৱা নাই৷
পলাভৰাম প্ৰকল্পই পশ্চিম গোদাবৰী জিলাৰ প্ৰায় ২০০ খনমান জিলা জলমগ্ন কৰিব আৰ প্ৰায় এক লাখ মানুহক স্থানচ্যুত কৰিব৷ জেল্লেৰু জলশয়ে ১৬ টা জনজাতীয় চুবুৰী সম্পুৰ্ণৰূপে আৰু ১২৭ টা আংশিকভাবে পানীয়ে পুৰাই পেলাব৷ এয়া হৈছে ২০১৭ চনৰ জুন মাহত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মই কৰা দৰ্খাস্তৰ উত্তৰত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৰা পোৱা সঁহাৰিৰ পৰিসংখ্যা৷
এই সপ্তাহত এই চুবুৰী আৰু গাঁওবোৰত বাস কৰা আদিবাসীসকলৰ এই বসতিস্থলৰ মাজেদি ৩০০ কিলোমিটাৰমান বাট আদিবাসীসকলে সম্পুৰ্ণ কৰে৷ প্ৰায় ২০০ খনমান গাঁও আৰু চুবুৰীৰ মাজেৰে পাৰ হোৱা এই পদযাত্ৰা ধাৰাসাৰ বৰষুণ আৰু ওফন্দি উঠা জানজুৰি পাৰ হৈ আহিছে৷ ইলুৰুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত ৰাজহুৱা সভা আৰু ধৰ্ণাৰে পদযাত্ৰাৰ অন্ত পৰে৷
ভিডিঅ’ চাওক: '... লাঠিৰ ছায়াত এটা প্ৰকল্প’
‘আমি ঘোৰ অন্ধকাৰত খালিভৰিৰে এক ককাল বোকাপানীত খোজ দিছিলো৷ কেতিয়াবা হাবি আৰু পথাৰত আমাৰ আঠুলৈকে বোকাত পোত গৈছিল...’
১৬ জুলাইত পদযাত্ৰা আয়োজন কৰা গোট অন্ধ্ৰ প্ৰদেশ গিৰিজন সংঘম (এপিজিএছ), সৰ্বভাৰতীয় কৃষি শ্ৰমিক সংঘ আৰু অন্ধ্ৰ প্ৰদেশ প্ৰজেক্ট ডিচপ্লেচড্ পিপলচ্ ইউনিয়নৰ নেতাসকলে লগ লাগি জিলা উপায়ুক্তক লগ ধৰি ২২ টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ দাখিল কৰে৷
বন অধিকাৰ আইন (এফআৰএ), ২০০৬ৰ অধীনত আদিবাসীসকলৰ বন অধিকাৰক স্বীকৃতি দিয়া, পলাভৰাম বান্ধ আৰু জেল্লেৰু জলাশয়ৰ ফলত বসতিচ্যুত হোৱা লোকসকলক ভূমি অধিগ্ৰহণ, পুনৰ্স্থাপন আৰু পুনৰ্সংস্থাপন (এলএআৰআৰ) আইন, ২০১৩ ৰ অধীনত যথোচিত পুনৰ্স্থাপন আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰা, ভূমি স্থানান্তৰণ অধিনিয়ম (এলটিআৰ) আইন, ১৯৭০ আৰু পঞ্চায়তত (অনুসূচীত এলেকালৈ প্ৰসাৰণ) আইন (পিইএছএ), ১৯৯৮ খন যথোচিতভাৱে ৰূপায়ন কৰা- এইকেইটা হৈছে লেখত ল’বলগীয়া দাবী৷
এফআৰএৰ মতে বন অধিকাৰ স্বীকৃতি দিয়া উচিত আৰু জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰা আদিবাসী সম্প্ৰদায়ৰ লোকৰ পৰা ভূমি অধিগ্ৰহণ কৰাৰ পূৰ্বে ভূমিৰ ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা কৰাব লাগে বুলিও এফআৰএ-ত উল্লেখ আছে৷ তেঁওলোকে বনভূমিত খেতি কৰে আৰু বনজ পণ্য যেনে তেঁতেলী, মৌ আৰু বাঁহ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে৷ এফআৰএৰ মতে এই পাৰম্পৰিক অধিকাৰসমূহক স্বীকৃতি দি আদিবাসীসকলক খেতি কৰা মাটিৰ স্বতন্ত্ৰ অধিকাৰ আৰু বনাঞ্চলৰ সামূহিক খেতিপথাৰত সামূহিক স্বীকৃতি দিব লাগে৷ জনজাতীয় লোকৰ পৰা ভূমি অধিগ্ৰহণ কৰাৰ পূৰ্বে গাঁও সভা (এক সম্পূৰ্ণ গ্ৰাম সভা)ৰ সিদ্ধান্ত গৃহীত কৰোৱাটো বাধ্যতামূলক বুলি কোৱা হৈছে এলএআৰআৰ আৰু পিইএছএ আইন দুখনত৷ তদুপৰি স্বতন্ত্ৰ আৰু সামূহিক বনভূমি অধিকাৰ স্বীকৃতিৰ কথাও কৈছে এই আইন দুখনে৷ আকৌ এলটিআৰ আইনখনে অজনজাতীয় লোকলৈ জনজাতীয় লোকৰ ভূমি হস্তান্তৰ কৰাৰ অনুমতি নিদিয়ে৷

Rahul Maganti

Rahul Maganti
"পলামভৰম প্ৰকল্পৰ কাম ততাতৈয়াকৈ সম্পূৰ্ণ কৰিবলৈ ৰাইজৰ সকলো আপত্তি-অভিযোগ চৰকাৰে আওকান কৰিচে আৰু আদিবাসীৰ বিৰুদ্ধে কিছুমান মিছা গোচৰ তৰি তেঁওলোকৰ প্ৰতিৰোধ সংগ্ৰাম দমন কৰিবলৈ চৰকাৰে নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰিছে।" অন্ধ্ৰ প্ৰদেশ গিৰিজন সংঘমৰ সভাপতি তেল্লাম ৰামকৃষ্ণই কয়। তেঁওৰ বিৰুদ্ধে চৰকাৰে জাপি দিয়া আধা ডজনৰ বেছি গোচৰ আছে। ৰামকৃষ্ণ কয়া আদিবাসী আৰু তেঁও বাস কৰা গাঁওখনো জালেৰু কৃত্ৰিম জলাশয়ে জলমগ্ন কৰিবপৰা অঞ্চলত অৱস্থিত।
'আমি আমাৰ শৰীৰৰ মেদ কমাবলৈ পদযাত্ৰা কৰা নাই, আমি আমাৰ ভূমি ঘূৰাই পাবলৈ পদযাত্ৰা কৰিছো।' জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত পদযাত্ৰা কৰি আহি সমবেত হোৱা ২০০০ৰো অধিক ৰাইজৰ আগত দিয়া ভাষণত ৰামকৃষ্ণই এইদৰে কয়। জনজাতি কল্যাণ দপ্তৰৰ প্ৰাক্তন মন্ত্ৰী ৰেদ্যা নায়কৰ দিনত ২০০৬ ৰ এক বিবৃতি অনুসৰি কেৱল গোদাবৰী জিলাত আদিবাসী লোকে ভোগ-দখল কৰি থকা ৫৫,০০০ একৰ ভূমি চৰকাৰে কাঢ়ি লৈছিল। উপস্থিত জনতাক উদ্দেশ্যি ৰামকৃষ্ণই কয়, 'মাটি আমাৰ মৌলিক অধিকাৰ। আমাৰ মাটি আমাক ঘুৰাই লাগে।' উপস্থিত প্ৰতিবাদী সমবেত জনতাই তেঁওৰ কথাত সমৰ্থন জনায়।
সমগ্ৰ পদযাত্ৰাত মহিলাৰ ব্যাপক অংশগ্ৰহণে পুৰুষক নস্যাত কৰিছিল। তেঁওলোকে লগত প্লা্ষ্টিকৰ বাল্টি তথা পানী-খাদ্যৰ টোপোলাৰ সৈতে কাপোৰৰ বেগ লৈ আহিছিল। পানীৰ বটল আৰু খাদ্যৰ পেকেট আয়োজকসকলে দিছিল। ইয়াৰ উপৰি তেঁওলোকৰ নিজা আহাৰৰ টোপোলাও লগত লৈ আহিছিল। জীলিগু মিল্লি মণ্ডলৰ আন কান্না গুডেম গাঁৱৰ সৱৰাম লক্ষ্মীয়ে গোটেই পদযাত্ৰা খোজকাঢ়ি আহিছে। তেঁও ক'লে, 'কেতিয়াবা আমি বহু দূৰলৈকে পানী খোৱা নাই। কিছুমান ঠাইত অতি বৃষ্টিপাত হৈছে। কিন্তু আমি এতিয়াও খোজ কাঢ়িবলৈ এৰা নাই।'

Rahul Maganti

Rahul Maganti
'পোৱা ৮ বজাতে আমি যাত্ৰা আৰম্ভ কৰো আৰু নিশা ১০ বজাত যাত্ৰাৰ সামৰণি মাৰো (দিনে কমেও ৪০-৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰো)। দুদিনমান বতৰ বেয়া হোৱাৰ বাবে যাত্ৰা দেৰিকৈ আৰম্ভ কৰাৰ কাৰণে আমি নিশা দুপৰলৈকে যাত্ৰা কৰিছিলো। ঘিটমিটিয়া আন্ধাৰত, একঁকাল পানী, কেতিয়াবা আঠুৱনীয়া বোকাত সোমাই আমি খালি ভৰিৰে বন-জংঘল-পথাৰৰ মাজেৰে খোজ কাঢ়িছিলো।' জিলিগু মিল্লি মণ্ডলৰ বাৰিনকালাপাডুৰ পৰা পদযাত্ৰাত অংশগ্ৰহণ কৰা ৩২ বছৰীয়া কৰাছা দুৰ্গাই নিজৰ জোলা ফুটা ভৰি দুখন দেখুৱাই আমাক ক'লে।
গোটেই পদযাত্ৰাত খোজকাঢ়ি অহা ২৫ বছৰীয়া তামাৰাম ভেংকয়াম্মাই আমাক ক'লে-'আমাৰ পূৰ্বপুৰুষে ছয় একৰ মাটিত খেতি কৰিছিল আৰু এতিয়াও খেতি কৰি আছিলো, কিন্তু আমাৰ নামত কোনো মাটিৰ পট্টা বা কাগজ নাছিল। কৃত্ৰিম জলাধাৰৰ পানীত আমাৰ মাটি বুৰ গ'ল। আমাক মাটিৰ পট্টা লাগে আৰু ক্ষতিপূৰণ লাগে।' বহুতো আদিবাসী কৃষকে বন অধিকাৰ কমিটিৰ জৰিয়তে মাটিৰ পট্টাৰ বাবে জনোৱা আবেদন আৰু কাগজ-পত্ৰবোৰ জিলা কমিটিত গোট খাই আছে (পট্টা ইচ্ছ্যু কৰিব পৰা কৰ্তৃত্ব থকা জিলা উপায়ুক্ত জিলা কমিটিৰ মুৰব্বী)।
'জলমগ্ম অঞ্চলৰ ৰাইজৰ আপত্তি আৰু দাবী মানি নল'বলৈ বন বিভাগ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ মাজত এক অঘোষিত বুজা-পৰা আছে, এনে আপত্তিসমূহ মানি ল'লে আদিবাসীসকলক পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ ব্যাপক পৰিমানৰ ভূমিৰ আৱশ্যক হ'ব।' আদিবাসীসকলৰ হৈ আইনী যুঁজত লাগি থকা অন্ধ্ৰপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ আইনবিদ পি সুৰেশ কুমাৰে এইদৰে কয়।

Rahul Maganti

Rahul Maganti
আদিবাসীসকলে কিয় এই কষ্টকৰ আৰু শ্ৰমসাধ্য পদযাত্ৰা কৰাৰ সিদ্ধান্ত ল'লে? 'আমাৰ মাটি আন খেতিয়কে (অনা-আদিবাসী) দখল কৰাৰ বিৰুদ্ধে আমি বহুবাৰ আবেদন-নিবেদন জনাইছো, কিন্তু কোনেও গুৰুত্ব নিদিলে। আমাৰ আবেদনৰ প্ৰতি জিলা উপায়ুক্তই গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰি আি পদযাত্ৰা কৰি ইয়ালৈ আহিছো।' দুৰ্গাই ক'লে।
কিন্তু উপায়ুক্ত কাটামানেনি ভাস্কৰে পদযাত্ৰা কৰি শ্বাসৰুদ্ধ হৈ পৰা আদিবাসীসকলক সাক্ষাত নকৰিলে। তেঁও জিলা ৰাজহ বিষয়া এন সত্যনাৰায়নক প্ৰেৰণ কৰিলে। ৰাজহ বিষয়াজনে প্ৰতিবাদকাৰী দলক এটা কথাও নোকোৱাকৈ স্মাৰকপত্ৰখন গ্ৰহণ কৰি আঁতৰি গ'ল।
দুৰ্গা, ভেংকয়া্ম্মা আৰু আন পদযাত্ৰাকাৰীসকলে এতিয়াও ভাৱে যে ৩০০ কিলোমিটাৰ পদযাত্ৰা কৰাৰ অৰ্থ আছে। পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে ২৫ বছৰীয়া আদিত্যই স্কুলৰ পৰা এসপ্তাহৰৰ ছুটী ল'লে। 'মই পদযাত্ৰা কৰিছো আমাৰ মানুহবোৰৰ বাবে, আমাৰ বনভূমিৰ বাবে, আমাৰ বনাঞ্চল ৰক্ষাৰ বাবে।' আদিত্যই কয়।
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/পলাভৰমৰ-অধিকাৰচ্যুতসকলৰ-আশাৰ-মিছিল

