প্ৰায় এবছৰমান আগৰে পৰা কল্লাটি নাৰায়নে জক্কামপুড়ি গাঁৱৰপৰা বিজয়ৱাড়া চহৰৰ কৃষ্ণাই নদীৰ বিখ্যাত পুন্নামা ঘাটলৈ ছয় কিলোমিটাৰ বাট খোজকাঢ়ি আহে। পুৱা ১০ বজাৰপৰা আৰম্ভ কৰি সন্ধিয়া ৫ বজালৈ আন কেইজনমান লোকৰ সৈতে নৈত মাছ ধৰি সেয়া বিক্ৰী কৰে।
২৭ বৰ্ষীয় নাৰায়ন, আংশিক অন্ধতাৰ প্ৰতিবন্ধকতা স্বত্বেও আকৌ ছয় কিলোমিটাৰ বাট খোজকাঢ়ি ঘৰলৈ আহে। "অটোৰিক্সাত গৈ ৪০ টকা খৰছ কৰিব নোৱাৰো," তেওঁ কয়,"দৈনিক ৫০ ৰপৰা ১০০ টকামান খৰছ হয়।" তেওঁৰ চাৰি বছৰীয়া আৰু দুই বছৰীয়া জীয়েক দুজনীও আংশিকভাৱে অন্ধ।
নিজৰ জন্মস্থান পুন্নামা ঘাটৰপৰাই নাৰায়নক উচ্ছেদ কৰি এনেদৰে ১২ কিলোমিটাৰ খোজ কাঢ়িবলৈ বাধ্য কৰোৱা হৈছে। ২০১৬ চনৰ মাজভাগত পুন্নামা ঘাটত থকা নাৰায়নৰ ঘৰটো ভাঙি পেলোৱা হৈছিল। সেই ভাল ঘৰটো তেওঁৰ ভায়েকৰ, তেওঁক মাজে মাজে নাৰায়নে ভাড়া দিয়ে। এতিয়া তেওঁ জক্কামপুড়ি গাঁৱত থকা ৱাইএছআৰ কলনিত ১০০০ টকা ভাড়া দি থাকে। (সেই উচ্ছেদৰ পিছত তেওঁৰ ভায়েকটো সেই কলনিলৈ গৈছিল, কিন্তু সেই সৰু ঠাইটোত নাৰায়নৰ পৰিয়ালটো নাটে।)











