প্ৰায় এবছৰমান আগৰে পৰা কল্লাটি নাৰায়নে জক্কামপুড়ি গাঁৱৰপৰা বিজয়ৱাড়া চহৰৰ কৃষ্ণাই নদীৰ বিখ্যাত পুন্নামা ঘাটলৈ ছয় কিলোমিটাৰ বাট খোজকাঢ়ি আহে। পুৱা ১০ বজাৰপৰা আৰম্ভ কৰি সন্ধিয়া ৫ বজালৈ আন কেইজনমান লোকৰ সৈতে নৈত মাছ ধৰি সেয়া বিক্ৰী কৰে।
২৭ বৰ্ষীয় নাৰায়ন, আংশিক অন্ধতাৰ প্ৰতিবন্ধকতা স্বত্বেও আকৌ ছয় কিলোমিটাৰ বাট খোজকাঢ়ি ঘৰলৈ আহে। "অটোৰিক্সাত গৈ ৪০ টকা খৰছ কৰিব নোৱাৰো," তেওঁ কয়,"দৈনিক ৫০ ৰপৰা ১০০ টকামান খৰছ হয়।" তেওঁৰ চাৰি বছৰীয়া আৰু দুই বছৰীয়া জীয়েক দুজনীও আংশিকভাৱে অন্ধ।
নিজৰ জন্মস্থান পুন্নামা ঘাটৰপৰাই নাৰায়নক উচ্ছেদ কৰি এনেদৰে ১২ কিলোমিটাৰ খোজ কাঢ়িবলৈ বাধ্য কৰোৱা হৈছে। ২০১৬ চনৰ মাজভাগত পুন্নামা ঘাটত থকা নাৰায়নৰ ঘৰটো ভাঙি পেলোৱা হৈছিল। সেই ভাল ঘৰটো তেওঁৰ ভায়েকৰ, তেওঁক মাজে মাজে নাৰায়নে ভাড়া দিয়ে। এতিয়া তেওঁ জক্কামপুড়ি গাঁৱত থকা ৱাইএছআৰ কলনিত ১০০০ টকা ভাড়া দি থাকে। (সেই উচ্ছেদৰ পিছত তেওঁৰ ভায়েকটো সেই কলনিলৈ গৈছিল, কিন্তু সেই সৰু ঠাইটোত নাৰায়নৰ পৰিয়ালটো নাটে।)
২০১৬ চনৰ জুন আৰু জুলাই মাহত, বিজয়ৱাড়াত থকা প্ৰায় ২ হাজাৰৰো অধিক ঘৰ ভাঙি পেলোৱা হৈছিল। তাৰে বেছিভাগেই আছিল মাছমৰীয়া পৰিয়াল। তেওঁলোক থকা ঠাইত প্ৰত্যেক ১২ বছৰৰ মুৰে মুৰে হোৱা কৃষ্ণা পুচকাৰালু উত্সৱ উপলক্ষে ১৮ টাৰো অধিক ঘাট ভক্তসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল। দৰ্শনাৰ্থী আৰু ভক্তসকলৰ বাবে পুৰণি পুন্নামি ঘাটটোও এখন সৰু ঠাইৰপৰা আহল-বহল ৰুপত সাজি তোলা হৈছিল।দেৱী কানাকাদুৰ্গাৰ ইন্দ্ৰকীলাদ্ৰী মন্দিৰৰ নিচেই কাষতে থকা সেইটো আছিল একপ্ৰকাৰ এটা 'ভিআইপি' ঘাট।
চাফা কৰোৱা এলেকাটো নৈৰ পাৰৰ ২০ কিলোমিটাৰ দীঘল, বিজয়ৱাড়া-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰপৰা আৰম্ভ কৰি প্ৰকাশম বাৰেজলৈ। উত্সৱৰ নামত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে অতিকমেও ১০০০ কোটি ৰাজকোষৰ টকা (বাতৰিকাকতৰ প্ৰতিবেদন মতে) ব্যয় কৰিছিল।
উত্সৱৰ এবছৰ পিছত ঘাটতো পৰিত্যক্ত যেন দেখা গৈছে। "ইয়াতে ৭০ বছৰ ধৰি এখন মাছৰ বজাৰ আছিল (আৰু মাছমৰীয়া সম্প্ৰদায়ৰ ঘৰো আছিল। কিন্তু সিদিনা বুল্ডোজাৰে আমাৰ ঘৰবোৰ ভাঙি পেলালে। খেৰ-মাটীবোৰ আমাৰ ভাতৰ কাঁহীতে পৰিছিল। আমাৰো এটা সৰু মন্দিৰ আছিল আৰু বৰষুণত তিতাৰপৰা সাৰিবলৈ ছালি এখনো আছিল। সিহতে সকলোবোৰ ভাঙি পেলালে," পুন্নামা ঘাটত মাছ বচা কাম কৰা ৬০ বৰ্ষীয় নাৰায়নৰ এতিয়াৰ ৱাইএছআৰ কলনিৰ চুবুৰীয়া লংকে মহেশ্বৰীয়ে কয়।
প্ৰায়ভাগ ঘৰৰে তাতে পট্টা নাছিল আৰু ৰাজ্য চৰকাৰে তেওঁলোকক 'বেদখলকাৰী' বুলিয়ে বিবেচনা কৰিলে আৰু ক্ষতিপুৰণৰ কথাও নাহিল। কিন্তু উচ্ছেদস্থলীত ভুক্তভোগী পৰিয়ালবোৰ আৰু কেতবোৰ সংস্থাই কৰা প্ৰতিবাদৰ লগতে কাষৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰাৰ পৰিপ্ৰেক্ষিততে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত ৰাজহ বিভাগ আৰু উপায়ুক্তই প্ৰত্যেক পৰিয়ালকে ৬৬ হাজাৰকৈ টকা দিবলৈ ক'লে- তাৰ বিনিময়ত ৱাইএছআৰ কলনিত ঘৰ দিয়া হ'ব। যিসকলে দিব পাৰিলে, দিলে। নাৰায়নৰ দৰে অক্ষম পৰিয়ালে ভাড়াতে থাকিবলগীয়া হ'ল।
ৱাইএছআৰ কলনিটো ৰাজ্য চৰকাৰে জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় নগৰ নৱীকৰণ মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছিল। বিজয়ৱাড়া এলেকাত হোৱা বিভিন্ন আন্তঃগাথনিমূলক প্ৰকল্পৰ ফলত স্থানচ্যুত হোৱা ভালেমান সম্প্ৰদায়ৰ লোকক তাতে পুনৰ্সংস্থাপন কৰোৱা হৈছিল। কিন্তু কলনিটোৰ আন্তঃগাথনি পুতৌলগা। কলনিটো তেনেই দুৰণিবটীয়া ঠাইত, চহৰৰপৰা কোনো গাড়ী-মটৰ তালৈ নাযায়, অনাময়ৰ কোনো ব্যৱস্থা নাই। ওচৰে-পাজৰে কোনো চৰকাৰী হস্পিতাল অথবা স্কুলো নাই।
কৃষ্ণাই নদীৰ বাওফালে থকা বিজয়ৱাড়া এলেকা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণাই আৰু গাণ্টুৰ জিলাৰ মাজত আছে। নদীখনৰ সোঁফালেও ভালেমান সম্প্ৰদায়ৰ লোক স্থানচ্যুত হ'ব। চৰকাৰৰ প্ৰদৰ্শনীমূলক নতুন প্ৰকল্প অমৰাৱতীৰ পৰিকল্পনা নদীখনৰ সোঁফালে কৰা হৈছে। ১০ টা মাছমৰীয়া ঘাটৰ লগতে প্ৰায় ৪ হাজাৰ পৰিয়ালক তাৰপৰা আঁতৰ কৰা হ'ব পাৰে। ঘাটৰ কাষত থকা ১০ খন গাঁও হৈছে ৫০ হাজাৰৰো অধিক লোকৰ আশ্ৰয়স্থলী (কেপিটেল ৰিজন ডেভলপমেণ্ট অথৰিটিৰ নথিত থকা অনুসাৰে)।
এই ১০ টা বন্দৰৰে এটা হৈছে পোলকামপাডু। ২০১৭ চনৰ আৰম্ভণিৰ ভাগত এই ঘাটতে মত্স্যকৰ্মীসকলে কোন্দাৱিতী ভাগু ফ্লাড ৱাটাৰ পাম্পিং আঁচনিৰ বিৰোধীতা কৰি ১০৮ দিন ধৰি কৰা অনাহাৰ অনশনত বহিছিল। এতিয়া তাতে 'বিশ্বমানৰ' চহৰৰ সেয়া প্ৰৱেশদ্বাৰ। আঁচনিখন অমৰাৱতীৰ দক্ষিণ দিশে কৰা হৈছিল প্ৰায় ২৩০ কোটি টকাৰ বাজেটেৰে (আঁচনিৰ নথি অনুযায়ী)। ৰাজধানী অঞ্চলটো বানপানীমুক্ত কৰি ৰখাৰ উদ্দেশ্যে এয়া কৰা হৈছিল। ৰাজধানী এলেকাটো কোন্দাৱিতী ভাগু (খাল)ৰপৰা কৃষ্ণাইৰ পাৰলৈকে বহল।
"বানপানী প্ৰৱণ এলেকাত ৰাজধানী পতা আৰু তাৰপিছত বানপানীৰ সমস্যা সমাধান কৰাৰ বাবে কোন্দাৱিতীৰ পৰিকল্পনা কৰাটোৱে চৰকাৰৰ মুৰ্খামী," মাছ বচা কাম কৰি পোলাকামপাডুত জীৱিকা নিৰ্বাহ কৰা ৫৫ বৰ্ষীয় ৰাৱুলা মহালক্ষ্মীয়ে কয়।
"মই দেওবাৰে ১৫০ টকা আৰু আন দিনবোৰত ৫০ টকা পাও," তেওঁ কয়। "কিন্তু এতিয়া নৈত এতিয়া মাছেই নাই (ঔদ্যোগিক কাৰ্যকলাপে প্ৰদুষণ বঢ়োৱাৰ ফলত)…" তেওঁ দুখ কৰে। মহালক্ষ্মীৰ দুগৰাকী জীয়ৰীৰ এগৰাকীৰ বিয়া হোৱা নাই, আনগৰাকী বিবাহ বিচ্ছেদিত। নতুন ৰাজধানীৰ নামত হোৱা নিৰ্মাণকাৰ্যই তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰা খেতিপথাৰবোৰ আৱৰি পেলোৱাৰ ফলত যোৱা দুবছৰ ধৰি জীৱিকা হেৰুৱাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। "আগতে আমি ভাল মাছ পালে চুবুৰীয়াৰ সৈতে ভগাই খাইছিলো। এতিয়া আমি একোৱে কৰিব নোৱাৰো আৰু আটাইবোৰ মাছেই বিক্ৰী কৰিবলগীয়া হয়। তথাপিও আমি ভাল উপাৰ্জন কৰিবলৈ অক্ষম।" মহালক্ষ্মীয়ে কয়।
"কোন্দাৱিতী ভাগু আঁচনিৰ কাৰণটো হৈছে মুখ্যমন্ত্ৰীয়ে দামী কাৰত অহা-যোৱা কৰা চুট-বুট পিন্ধা লোকৰ বাবে সজা তেওঁৰ বিশ্বমানৰ চহৰখনৰ প্ৰৱেশদ্বাৰত শ্ৰমিক (আৰু মাছমৰীয়া) থকাটো নিবিচাৰে। তেওঁ আমাক খেদিব বিচাৰিছে আৰু এই আঁচনিখন সেইবাবেহে তৈয়াৰ কৰা হৈছে,"পোলাকামপাড়ু মাছমৰীয়া সমবায় চচাইটি (১৯৫৪ চনত স্থাপিত)ৰ সচিব ভেংকট নাৰায়নে কয়। গুণ্টুৰ জিলাৰ টাডেপাল্লি, উনদাবালি আৰু সীথানাগাৰামৰ গাওঁবোৰৰ প্ৰায় ৪০০ ৰো অধিক পৰিয়াল এই চচাইটিৰ সদস্য।
কোন্দাৱিতী খাল প্ৰকল্পৰ অংশ হিচাপে দুই একৰ মাটিৰ মাছমৰীয়াৰ বন্দৰ আৰু ১০ খনমান চালি থকা বজাৰ এখন জানুৱাৰী মাহত ভাঙি পেলোৱা হৈছিল। তাৰে আগেয়ে মত্স্যকৰ্মীসকলক পুনৰ্সংস্থাপন অথবা ক্ষতিপুৰণ দিওৱাৰ একো চৰকাৰী পৰিকল্পনা নাছিল। স্থানচ্যুত পৰিয়ালে পিছত প্ৰতিবাদ কৰাৰ পিছত চৰকাৰে প্ৰত্যেকখন নাৱৰ বাবদ ৫০ হাজাৰ টকা আৰু মাছ বচা কাম কৰি জীৱিকা নিৰ্বাহ কৰা মহিলাসকলক ২৫ হাজাৰ টকাৰ ক্ষতিপুৰণ দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছিল।কিন্তু এতিয়ালৈ তেনে কোনো ক্ষতিপুৰণ দিয়া হোৱা নাই।
পোলাকামপাডু বন্দৰ আৰু বজাৰৰ বাবে চৰকাৰে এক একৰ মাটি বিকল্প হিচাপে আবণ্টন দিছিল, ঠাইখন আছিল ২০০ মিটাৰমান দুৰৈত। কিন্তু সেই ঠাই কোনো ৰাজনৈতিক নেতাৰ দখলত আছিল আৰু সেই ঠাইত তেওঁ বেৰ দি লৈছিল।আৱণ্টিত নতুন স্থানত মত্স্যকৰ্মীৰ দৈনিক জীৱিকা নিৰ্বাহ কৰাৰ জোখাৰে কোনো ধৰণৰ আন্তঃগাথনি নাছিল, আছিল মাত্ৰ এখন চালি।
অমৰাৱতীক লৈ অইন পৰিকল্পনাবোৰো আগবাঢ়িছে। তাৰে ভিতৰত আছে ৱাটাৰ পাৰ্ক আৰু নৈৰ পাৰত ৱিকেণ্ড গেটৱে। ইয়াৰ মাজতে নৈত মাছ কমি অহাৰ ফলত মত্স্যকৰ্মীসকলৰ আয়ৰ মুল উত্সতে সংকটে দেখা দিছে।"আমাৰ চচাইটিৰ ৪০০ মাছমৰীয়াৰ ১০০ জনমানেহে মাছ মৰা কাম কৰি আছে," ভেংকটে কয়। "বাকী বেছিভাগেই বিজয়ৱাড়া আৰু গুণ্টুৰৰ কনষ্ট্ৰাকছন ছাইটবোৰত দিনহাজিৰা কৰে।" নিজৰ ঘৰ-বাৰী আৰু জীৱিকা হেৰুওৱা ঠাইতে বোধকৰো তেওঁলোকে দিনহাজিৰা কৰে।