তামিলনাডুৰ কোটাগিৰি পঞ্চায়তৰ ৱেলাৰিকম্বাই গাঁৱত আৰ কৃষ্ণা একপ্ৰকাৰৰ চেলিব্ৰেটিৰ দৰেই। পৰম্পৰাগত কুৰুম্বা শৈলীৰ চিত্ৰৰ কৌশলগত জ্ঞানৰ সাধনাৰে কৃষ্ণাই সুখ্যাতি অৰ্জন কৰিছে। তেওঁৰ শৈলী জ্যামিতিক আৰু ন্যূনতমবাদী। তেওঁৰ বিষয়বস্তুৰ অন্যতম হৈছে নিলিগিৰিৰ আদিবাসীসকলৰ কৃষি-শস্য চপোৱাৰ সময়ৰ উৎসৱসমূহ, ধৰ্মীয় অনুষ্ঠান বা পৰ্ব, মৌচাক সংগ্ৰহ অভিযান আৰু অন্যান্য আচাৰ-বিচাৰ।
কঁঠালৰ ভৰত দোঁখাই থকা গছবোৰ আৰু সেউজীয়া চাহবাগিচাবোৰ অতিক্ৰম কৰি দুঘণ্টীয়া পাহাৰীয়া পথ বগোৱাৰ পাছত ঘন অৰণ্যৰ মাজত তেওঁৰ সৈতে আমাৰ দেখা হল। দুৰ্গম পাহাৰীয়া পথৰ চুলিত মৰা ইউ-টাৰ্ণ আকৃতিৰ ভাঁজটো মই আৰু মোৰ সতীৰ্থ দুজনে সূৰ্যৰ এচমকা পোহৰ দেখি চক খাই উঠিলো। একে সময়তে আমি কৃষ্ণাৰ ওচৰলৈ যোৱা পথটোত সোমাই পৰিলো।
আমাৰ অপ্ৰত্যাশিত আগমনৰ বাবে তেওঁৰ মনত কোনো খং-ক্ষোভ নাছিল। বৰঞ্চ তেওঁ আমাক পাই অত্যন্ত সুখী হৈছিল আৰু আমাৰ সৈতে বহি তেওঁৰ পোৰ্টফ’লিঅত থকা তথ্যপাতিৰ কাগজ-পত্ৰসমূহ থান-থিত লগাইছিল। তেওঁ আমাক দেখুওৱা এটা কমলা জৰাজীৰ্ণ হালধীয়া বস্তাত ৰখা কমলা ৰঙৰ ফ’ল্ডাৰত বাতৰি কাকতৰ বহু কাটি ৰখা খবৰৰ টুকুৰা, ফটো আৰু তেওঁৰ শিল্প-কৰ্মৰ নমুনা দেখিবলৈ পালো। আমি গ্ৰহণ কৰা সাক্ষাৎকাৰৰ লেখীয়া সাক্ষাৎকাৰৰ সন্মুখীন হোৱাৰ কথা মন কৰিয়েই তেওঁ সেই ঠৈলাতো অনবৰতে কঢ়িয়াই লৈ ফুৰে।








