কুকুৰ এটাই ভুকিছে। বাঘ এটাই গুজৰি উঠিছে। মানুহৰ চিঞৰ-বাখৰেৰে আকাশ-বতাহ তালফাল লাগিছে।
এয়া একো অস্বাভাৱিক পৰিস্থিতি নহয়। আমি চন্দ্ৰপুৰৰ তাড়োবা আন্ধাৰি টাইগাৰ ৰিজাৰ্ভ (টি.এ.টি.আৰ.)ৰ পৰা বেছি দূৰত নাই।
কিন্তু অস্বাভাবিক এই সকলো মাত বাণীবদ্ধ কৰা; মানুহ আৰু জীৱ-জন্তুৰ শ্ৰুতিকটু সংমিশ্ৰণৰ বাণীবদ্ধ ৰূপ উফৰি আহিছে মাংগি গাঁৱৰ এটা লাউড স্পীকাৰৰ পৰা। বাঁহ এডালত মেগাফোনটো ওলমাই থিয় কৰি তাঁৰেৰে বেটাৰীৰে চলা পেষ্টিচাইড স্প্ৰে পাম্পত সংযোগ কৰা হৈছে। গ্ৰামীণ বিদৰ্ভৰ কপাহ আৰু ৰহৰ দাইলৰ খেতিৰ মাজতে এনেকৈ এলাৰ্মৰ ব্যৱস্থা কৰা হৈছে।
“এই এলাৰ্মটো ৰাতি যদি নবজাও, বনৰীয়া গাহৰি নাইবা নীলগাইয়ে আহি (নিশাচৰ প্ৰাণী) মোৰ খেতিখন খাই পেলাব,” বন্য জীৱ-জন্তুৰ পৰা নিজৰ খেতিখন বচোৱাৰ বাবে উপায়ন্তৰ হৈ শেহতীয়াকৈ এলাৰ্মৰ ব্যৱস্থা কৰা ৪৮ বছৰ বয়সীয়া কৃষক সুৰেশ ৰেংঘে এনেদৰে যুক্তি দৰ্শায়।
সৌৰশক্তি আৰু ৱায়াৰ্ড ফেঞ্চ দিও বন্যজীৱক পথাৰৰ পৰা আঁতৰাই ৰাখিব নোৱাৰাত তেওঁ বেটাৰীচালিত স্প্ৰেয়িং পাম্পটোৰ চকেটত গেজেটটোৰ দুটা পিনৰ প্লাগটো ভৰাই দিয়ে। ক্ষণিকতে মানুহ আৰু জীৱ-জন্তুৰ তীব্ৰ মাতেৰে চৌপাশ ভৰি পৰে।















