পক্ষীৰ কলৰৱ শুনি ডাঙৰ হোৱা এই লোকজনে ফেঁচাৰ কুৰুলি শুনি তেওঁ ক’ব পাৰে সেয়া কোনটো ফেঁচাই মাতিছে। কোনখন বিলত আহি কণুৱা এটা আহি জলকেলী কৰিব তাকো তেওঁ ভালদৰেই জানে।

বি. চিদ্দানে আধাতে স্কুল এৰিবলগীয়া হৈছিল যদিও তামিলনাডুৰ নিলগিৰি পৰ্বতমালাৰ নিজ ঘৰৰ আশে-পাশে থকা চৰাইবোৰ তেওঁ ভালকৈ চিনে, চৰাইৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা চিদ্দানৰ সেয়াই জীৱনৰ আনন্দ।

“আমাৰ গাওঁ বোক্কাপুৰমত চিদ্দান নামেৰে তিনিজন মানুহ আছিল। মানুহে যেতিয়া সোধে, কোনজন চিদ্দানক বিচাৰিছে, তেতিয়া গাঁৱৰ মানুহে কয়, ‘অঁ, সেই কুৰুৱি চিদ্দানৰ কথা কৈছে - সেই যে চৰাইৰ পিছে পিছে পাগলৰ দৰে ঘুৰি ফুৰাজন,’” তেওঁ কয়, মুখত তেওঁৰ আত্মসন্তুষ্টিৰ হাঁহি এটা বিয়পি পৰে।

তেওঁৰ লিখিত নাম বি. চিদ্দান, কিন্তু মুডুমলইৰ আশে-পাশে থকা গাওঁ আৰু অৰণ্যবোৰত তেওঁক কুৰুৱি চিদ্দান বুলি জানে। তামিল ভাষাত কুৰুৱি মানে হৈছে গছৰ ডালত বহি গীত গোৱা চৰাই, গীত গোৱা চৰাইৰ আধাতকৈ বেছি চৰাই প্ৰজাতিক কুৰুৱি বুলি কয়।

“আপুনি পশ্চিমঘাটৰ য’তেই নাযায় কিয়, চাৰি বা পাঁচ প্ৰকাৰৰ চৰাইয়ে গীত গোৱা আপুনি শুনিবলৈ পাব। আপুনি কেৱল মন দি শুনিব আৰু বুজিব লাগিব,” নিলগিৰি পাহাৰৰ দাঁতিৰ এখন গাওঁ আনকাট্টিৰ প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী ২৮ বছৰীয়া বিজয়া সুৰেশে কয়। মুডুমলই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ কাষৰ যুৱক-যুৱতীসকলক চৰাইৰ সৈতে পৰিচয় কৰাই দিয়া গুৰু হিচাপে কাম কৰা চিদ্দানৰ পৰা তেওঁ চৰাইৰ বিষয়ে শিকা বুলি বিজয়াই কয়। বিজয়াই সেই অঞ্চলটোৰ প্ৰায় ১৫০ বিধ চৰাই চিনি পায় বুলি পাৰিক কয়।

Left: B. Siddan looking out for birds in a bamboo forest at Bokkapuram near Sholur town in the Nilgiri district.
PHOTO • Sushmitha Ramakrishnan
Right: Vijaya Suresh can identify 150 birds
PHOTO • Sushmitha Ramakrishnan

বাওঁফালে: বি. চিদ্দানে নিলগিৰি জিলাৰ চলুৰ চহৰৰ বোক্কাপুৰম নিকটৱৰ্তী বাঁহনিবাৰী এখনত চৰাই বিচাৰি ফুৰিছে। সোঁফালে: বিজয়া সুৰেশে কমেও ১৫০ বিধ চৰাই চিনাক্ত কৰিব পাৰে

The W oolly-necked stork (left) is a winter migrant to the Western Ghats. It is seen near Singara and a puff-throated babbler (right) seen in Bokkapuram, in the Nilgiris
PHOTO • Sushmitha Ramakrishnan
The W oolly-necked stork (left) is a winter migrant to the Western Ghats. It is seen near Singara and a puff-throated babbler (right) seen in Bokkapuram, in the Nilgiris
PHOTO • Sushmitha Ramakrishnan

কণুৱা চৰাইবিধ (বাওঁফালে) পশ্চিমঘাটৰ শীতকালৰ আলহী। সিংগাৰাৰ কাষত এই চৰাইবিধ দেখা যায়। নিলগিৰিৰ বোক্কাপুৰমত এটা পাফ-থ্ৰ’টেড বেবলাৰ (সোঁফালে) দেখা গৈছে

চিদ্দানৰ ঘৰ বোক্কাপুৰমত। গাওঁখন মুডুমলই ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ বাফাৰ জ’নত পৰে। তেওঁ যোৱা আঢ়ৈ দশক ফৰেষ্ট গাইড, পক্ষী নিৰীক্ষক আৰু খেতিয়ক হিচাপে কাম কৰিছে। ৪৬ বৰ্ষীয় পক্ষীবিদজনে ভাৰতৰ ৮০০ বিধৰো অধিক চৰাইৰ নাম জানে আৰু সিহঁতৰ বিষয়ে কৈ যাব পাৰে। তামিলনাডুৰ অনুসূচিত জনজাতি ইৰুলাৰ সম্প্ৰদায়ৰ (ইৰুলা বুলিও কয়) চিদ্দানে মুডুমলইৰ স্কুলত প্ৰেজেণ্টেছন দি, কথা-বতৰাৰে আৰু অৰণ্যলৈ ফুৰাবলৈ নি সৰু ল’ৰা-ছোৱালীক তেওঁ চৰাই-চিৰিকতি আৰু প্ৰকৃতিৰ বিষয়ে শিকায়।

আৰম্ভণিতে পক্ষীৰ প্ৰতি তেওঁৰ আগ্ৰহক ল’ৰা-ছোৱালীয়ে সিমান গুৰুত্ব দিয়া নাছিল। “কিন্তু পিছলৈ সিহঁতে চৰাই এবিধ দেখাৰ পিছত মোৰ ওচৰলৈ আহি চৰাইবিধৰ বৰ্ণনা দিবলৈ লয়, তাৰ ৰং, আকাৰ আৰু চৰাইবিধে কেনেকৈ মাতে, সেইবিষয়ে ক’বলৈ ধৰে।”

৩৮ বছৰ বয়সীয়া ৰাজেশ ময়াৰ গাঁৱৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। তেওঁক পক্ষীবিদ চিদ্দানে কোৱা কথাষাৰ মনত পেলায়, “তেওঁ মোক বাঁহৰ পাত পৰি থকা ঠাইৰে নাযাবলৈ কৈছিল, দিনকণা চৰাইয়ে গছৰ বাহত কণি নাপাৰি সেই বাঁহৰ পাততে হেনো কণি পাৰে। প্ৰথমে এনে সৰু সৰু কথাবোৰক লৈ মই উৎসুক হৈ পৰিছিলো, পিছলৈ তেনেকৈয়ে মই চৰাই জগতখনৰ প্ৰতি আকৰ্ষিত হৈ পৰিলো।”

নিলগিৰিখন বিভিন্ন আদিবাসী সম্প্ৰদায় যেনে তোড়াচ, কোটাচ, ইৰুলাৰ, কাটনায়াকনচ আৰু পানিয়াচসকলৰ ঘৰ। চিদ্দানে কয়, “আমাৰ চুবুৰীয়া জনজাতীয় লোকৰ ল’ৰা-ছোৱালীয়ে যেতিয়া আগ্ৰহ দেখুৱালে, মই সিহঁতক পুৰণি বাহ এটা দিও নাইবা পোৱালী থকা বাহ এটাৰ দায়িত্ব দিওঁ।”

মাচিনাগুৰি ইক’ নেচাৰেলিষ্ট (এম.ই.এন.চি.)য়ে তেওঁক বোক্কাপুৰম চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীক চৰাইৰ বিষয়ে ক’বলৈ আমন্ত্ৰণ কৰাৰ পিছৰে পৰা তেওঁ স্কুলীয়া শিক্ষাৰ্থীক শিকাবলৈ লয়। “তাৰপিছত কাষৰে গাওঁবোৰৰ আন আন স্কুলৰ পৰা মোলৈ আমন্ত্ৰণ আহিল।”

‘আমাৰ গাওঁ বোক্কাপুৰমত চিদ্দান নামেৰে তিনিজন মানুহ আছিল। মানুহে যেতিয়া সোধে, কোনজন চিদ্দানক বিচাৰিছে, তেতিয়া গাঁৱৰ মানুহে কয়, ‘অঁ, সেই কুৰুৱি চিদ্দানৰ কথা কৈছে - সেই যে চৰাইৰ পিছে পিছে পাগলৰ দৰে ঘুৰি ফুৰাজন’ ’

ভিডিঅ’টো চাওক: অৰণ্যখন বাচি থাকিবলৈ মানুহৰ প্ৰয়োজন

*****

চিদ্দানে অষ্টম শ্ৰেণীৰ পৰা পঢ়া এৰি তেওঁৰ মাক-দেউতাকৰ সৈতে খেতিৰ কামত লাগে। ২১ বছৰ বয়সত তেওঁক বন বিভাগৰ বঙলা এটাৰ চকীদাৰ হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ কাম আছিল গাওঁ আৰু খেতিপথাৰত হাতী সোমালে খবৰ দিয়া আৰু পাকঘৰৰ কাম কৰা আৰু শিবিৰ নিৰ্মাণত সহায় কৰা।

দুবছৰতকৈ কম দিন কাম কৰি তেওঁ সেই চাকৰিটো এৰিলে। “পাঁচমাহ ধৰি যেতিয়া মোৰ ৬০০ টকাৰ দৰমহা নাপালো, মই এৰিবলগীয়া হ’ল,” তেওঁ কয়। “মই ইমান বেছি হেঁচাত নথকা হ’লে বিভাগটোত চাকৰিটো কৰি থাকিলোহেঁতেন। মই মোৰ কাম ভাল পাইছিলো। মই অৰণ্যখন এৰিব পৰা নাছিলো কাৰণে বনৰক্ষী হৈছিলো।”

নব্বৈৰ দশকত যেতিয়া তেওঁৰ বয়স ২৩ বছৰ আছিল, তেওঁ অঞ্চলটোত পক্ষীৰ পিয়লৰ বাবে অহা প্ৰকৃতিবিদ কেইগৰাকীমানৰ লগত অৰণ্যলৈ যোৱাৰ সুযোগ পাইছিল। তেওঁৰ কাম আছিল তেওঁলোকক হাতীৰ জাক ওচৰত আছে নেকি তাৰ সম্ভেদ দিয়া, কিয়নো, তেওঁ কয়, “পক্ষী নিৰীক্ষক এজনে চৰাই চাই থকাৰ সময়ত আশে-পাশে কিবা বিপদ আছে নেকি, তালৈ নজৰ নিদিয়ে।”

Left: Siddan looking for birds in a bamboo thicket.
PHOTO • Sushmitha Ramakrishnan
Right: Elephants crossing the road near his home, adjacent to the Mudumalai Tiger Reserve in the Nilgiris
PHOTO • Sushmitha Ramakrishnan

বাওঁফালে: চিদ্দানে বাঁহনি এডৰাত চৰাই বিচাৰিছে। সোঁফালে: নিলগিৰিৰ মুডুমলই ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ গাতে লাগি থকা তেওঁৰ ঘৰৰ কাষেৰে হাতী পাৰ হৈছে

সেই ট্ৰিপটোত মই নভবা-নেদেখা কিছুমান কাৰ্য্যকলাপ দেখিলো। তেওঁ দেখিলে, “মস্ত মস্ত মানুহবোৰে চিৰিকটি এটা দেখি মাটিত শুই দিছিল, মই মনযোগ দি চাইছিলো তেওঁলোকে কি চাই আছিল - সেয়া আছিল এটা হোৱাইট বেলিড ফেঁচুলুকা।” তেতিয়াৰে পৰা চিদ্দানে যি তামিল আৰু কান্নাড়া ভাষাত চৰাইৰ নামবোৰ শিকিবলৈ ধৰিলে, কেতিয়াও পিছলৈ ঘুৰি চোৱা নাই। কেইবছৰমান পিছত সেই অঞ্চলৰে জ্যেষ্ঠ পক্ষী নিৰীক্ষক কুট্টাপম সুদেশন আৰু ডেনিয়েলে তেওঁক লগৰ ৰাখি প্ৰশিক্ষণ দিয়ে।

পশ্চিমঘাট পৰ্বতমালা উত্তৰ মুম্বাইৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত আৰু ৫০৮ টা প্ৰজাতিৰ চৰাইৰ ঘৰ, এয়া ২০১৭ৰ ফৰেষ্ট গাৰ্জিয়ানচ ইন দা ৱেষ্টাৰ্ণ ঘাটচ্ শীৰ্ষক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য। ইয়াৰে ১৬ বিধ চৰাই স্থানীয়, তাৰে ভিতৰত কিছুমান হৈছে ৰাফছ-ব্ৰেষ্টেড লাফিংথ্ৰাছ, নিলগিৰি উড-পিজিয়ন, হোৱাইট-বেলিড চৰ্টৱিং আৰু ব্ৰড-টেইলড্ গ্ৰাছবাৰ্ড, ৰাফছ বেবলাৰ আৰু গ্ৰে-হেডেদ বুলবুল।

হাবিত দিনটোৰ ভালেখিনি সময় কটোৱা চিদ্দানে কয় যে কিছুমান সচৰাচৰ দেখা চৰাই বিৰল হৈ পৰিছে। “এই ঋতুত মই এটাও গ্ৰে-হেডেদ বুলবুল দেখা নাই। এই চৰাইবিধ সচৰাচৰ দেখা গৈছিল, এতিয়া কাচিৎহে দেখা যায়।”

*****

হঁয়কলী (ৰেড-ৱেটলড লেপৱিঙ) চিঞৰে গোটেই জংগলখন কঁপাই তোলে।

“এনেকৈয়ে বীৰপ্পানাই বহুদিন ধৰি আটক নোহোৱাকৈ থাকিছিল,” এন. শিৱনে কাণে কাণে কয়। তেওঁ চিদ্দানৰ বন্ধু আৰু পক্ষী নিৰীক্ষক। বীৰাপ্পানাক চোৰাং চিকাৰ, চন্দনকাঠৰ চোৰাং বেপাৰ আৰু বিভিন্ন অপৰাধত অভিযুক্ত আছিল আৰু স্থানীয় লোকে কয় যে তেওঁ বহুদশক ধৰি হাবিত থাকি পুলিচৰ হাত সাৰিছিল, “হঁয়কলীৰ মাত শুনি তেওঁ জানিছিল যে পুলিচ আহিছে (এই চৰাইবিধে মানুহ দেখিলে হাবিখনৰ জীৱ-জন্তুক সতৰ্ক কৰি দিয়ে)।”

Left: The call of the Yellow-wattled Lapwing (aalkaati paravai) is known to alert animals and other birds about the movement of predators.
PHOTO • Sushmitha Ramakrishnan
Right: N. Sivan says the call also alerts poachers about the movement of other people
PHOTO • Sushmitha Ramakrishnan

বাওঁফালে: হঁয়কলীৰ মাতে হাবিত চিকাৰীৰ আগমন ঘটিলে চিঞৰি সকলো জীৱ-জন্তুক সতৰ্ক কৰি দিয়ে। সোঁফালে: এন. শিৱনে কয় যে এই মাতে চোৰাং চিকাৰীকো আন মানুহৰ পৰা সতৰ্ক কৰি দিয়ে

Siddan (right) is tracking an owl (left) by its droppings in a bamboo forest at Bokkapuram
PHOTO • Sushmitha Ramakrishnan
Siddan (right) is tracking an owl (left) by its droppings in a bamboo forest at Bokkapuram
PHOTO • Sushmitha Ramakrishnan

চিদ্দানে বোক্কাপুৰমৰ বাঁহৰ হাবি এখনত ফেঁচা এটাৰ মল চাই (বাওঁফালে) ফেঁচাটোক অনুসৰণ কৰিছে

“হঁয়কলীয়ে হাবিত বাহিৰৰ কোনোবা সোমালে বা চিকাৰী সোমালে সতৰ্ক কৰি দিয়ে। আকৌ জাংগল বেবলাৰে গছৰ একেবাৰে ওপৰত বহি লৈ জীৱ-জন্তুৰ গতিবিধি চাই চিকাৰীটোক অনুসৰণ কৰে,” চৰাই দেখিলেই টোকাবহীত টুকি ৰখা এন. শিৱনে কয়। “আমি এবছৰ এনেকৈ প্ৰশিক্ষণ লৈছো,” চৰাইৰ নাম মনত পেলাব চেষ্টা কৰা ৫০ বছৰ বয়সীয়া শিৱনে কয়। “চৰাই আমাৰ বাবে প্ৰয়োজনীয়। শিকিব পাৰিম বুলি মই জানিছিলো,” তেওঁ যোগ দিয়ে।

নব্বৈৰ দশকৰ মাজভাগত চিদ্দান আৰু শিৱনক বোক্কাপুৰমৰ এখন প্ৰাইভেট ৰিজ’ৰ্টে ট্ৰেকিং গাইড হিচাপে নিযুক্তি দিছিল, তেতিয়াই তেওঁলোকে বিশ্বৰ বিভিন্ন অঞ্চলৰ পক্ষী নিৰীক্ষক আৰু তেনে কামত আগ্ৰহী লোকক লগ পাইছিল।

*****

চিদ্দানে মাচিনাগুৰিৰ বজাৰৰ মাজেৰে পাৰ হৈ গ’লে তেওঁক ডেকা ল’ৰাবোৰে “হেল্লো ছাৰ!” বুলি সম্বোধন কৰে। তেওঁৰ ছাত্ৰ হৈছে মুডুমলইৰ আশে-পাশে বাস কৰা আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ লোক।

Left: B. Siddan sitting with his family outside their house in Bokkapuram. His youngest daughter, Anushree (third from the right) is also interested in birds, and says. 'I was very excited when I saw a bulbul nest.
PHOTO • Sushmitha Ramakrishnan
Right: S. Rajkumar, 33, visiting B. Siddan at his home
PHOTO • Sushmitha Ramakrishnan

বাওঁফালে: বি. চিদ্দানে তেওঁৰ পৰিয়ালৰ সৈতে বোক্কাপুৰমৰ নিজ ঘৰৰ বাৰান্দাত। তেওঁৰ সৰুজনী কন্যা অনুশ্ৰী (সোঁপালৰ পৰা তৃতীয়গৰাকী)ৰ চৰাই চোৱাত আগ্ৰহ আছে, তেওঁ কয়, ‘বুলবুল চৰাই বাহ দেখিলে মই বৰ আনন্দ পাওঁ।’ সোঁফালে: এছ. ৰাজকুমাৰ (৩৩)য়ে বি. চিদ্দানক দেখা কৰিবলৈ ঘৰলৈ আহিছে

“মোৰ মায়ে আমাৰ চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ কাম কৰা সদস্য আছিল। পইচাৰ অভাৱত তেওঁ মোক কোট্টাগিৰিৰ স্কুললৈ পঠিয়াব নোৱাৰিলে,” আৰ ৰাজকুমাৰে কয়। ৩৩ বছৰ বয়সীয়া ৰাজকুমাৰে স্কুল এৰি অৰণ্যৰ বাফাৰ জ’নত ঘুৰি ফুৰি সময় কটাইছিল। এদিন চিদ্দানে তেওঁক চাফাৰিত যোগ দিব ক’লে। তেওঁ কৰা কাম দেখি মই অতি সোনকালেই এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ পৰিলো। তেনেকৈয়ে মই ট্ৰেকিং আৰু চাফাৰিত ড্ৰাইভাৰক গাইড কৰা আৰম্ভ কৰিলো,” ৰাজকুমাৰে কয়।

*****

সুৰাসক্তি সেই অঞ্চলটোৰ চিন্তনীয় সমস্যাৰ ৰূপ লৈছে। (পঢ়ক: নিলগিৰিত আজন্ম পুষ্টিহীনতা )। চিদ্দানে কয় যে তেওঁ আদিবাসীসকলৰ যুৱচামক অৰণ্য-নিৰ্ভৰ জীৱিকাৰ প্ৰতি আগ্ৰহী কৰি সুৰাসক্তিৰ পৰা আঁতৰাই আনিব পাৰিব বুলি আশা কৰিছে। “সুৰাসক্তিৰ এটা কাৰণ হৈছে স্কুল এৰি অহা ল’ৰাবোৰৰ হাতত কৰিবলৈ একো নাথাকে। কামৰ ভাল সুবিধা নাপাই সিহঁতে মদৰ প্ৰতি আসক্ত হৈ পৰে।”

Left: B. Siddan showing his collection of books on birds and wildlife.
PHOTO • Sushmitha Ramakrishnan
Right: A drongo perched on a fencing wire in Singara village in Gudalur block
PHOTO • Sushmitha Ramakrishnan

বাওঁফালে: বি. চিদ্দানে চৰাই আৰু বন্যপ্ৰাণী বিষয়ক কিতাপৰ তেওঁৰ সংগ্ৰহ দেখুৱাইছে। সোঁফালে: গুদালুৰ ব্লকৰ সিংগাৰা গাঁৱৰ ফেঞ্চিং তাঁৰত বহি থকা ফেঁচু চৰাই এটা

নিচাসক্ত দ্ৰব্যৰ পৰা যুৱচামক আঁতৰাই অৰণ্যখনৰ প্ৰতি আগ্ৰহী কৰি তোলাটোকে চিদ্দানে তেওঁৰ লক্ষ্য হিচাপে লৈছে। “মই অলপ ফেঁচু চৰাইৰ দৰে,” তেওঁ দুৰৈত দীঘল ফিঁচাৰ ফেঁচুটোলৈ আঙুলিয়াই কয়, “এই চৰাইবিধ আকাৰত সৰু হ’লেও চিকাৰী চৰাইৰ সৈতে যুঁজিবলৈ সাহস কৰে।”

অনুবাদ: পংকজ দাস

Sushmitha Ramakrishnan

सुश्मिता रामकृष्णन बहुमाध्यमी पत्रकार असून विज्ञान आणि पर्यावरणविषयक लेखन करतात. त्यांना पक्षीनिरीक्षणाची आवड आहे.

यांचे इतर लिखाण Sushmitha Ramakrishnan
Editor : Vishaka George

विशाखा जॉर्ज बंगळुरुस्थित पत्रकार आहे, तिने रॉयटर्ससोबत व्यापार प्रतिनिधी म्हणून काम केलं आहे. तिने एशियन कॉलेज ऑफ जर्नलिझममधून पदवी प्राप्त केली आहे. ग्रामीण भारताचं, त्यातही स्त्रिया आणि मुलांवर केंद्रित वार्तांकन करण्याची तिची इच्छा आहे.

यांचे इतर लिखाण विशाखा जॉर्ज
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das