বালাভাই ছাৱড়া (৫৭)ৰ হাতত গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত পাঁচ একৰ খেতিমাটি আছে। মাটিখিনি সুফলা, জলসিঞ্চনৰ সুবিধা আছে। যোৱা ২৫ বছৰ ধৰি এইখিনি মাটিৰ মালিকানা স্বত্ত্ব তেওঁৰ হাতত আছে। কিন্তু সমস্যা এটাই, সেই মাটিখিনিৰ আশে-পাশে যোৱাৰো তেওঁৰ অনুমতি নাই।
তেওঁৰ হাতত থকা উৱলি যোৱা হালধীয়া ৰঙৰ মাটিৰ পুৰণি কাগজখন দেখুৱাই কয়, “মোৰ হাতত মাটিৰ কাগজ আছে, কিন্তু উপৰ জাতৰ মানুহে সেইখিনি (মাটিখিনি) দখল কৰি থৈছে।”
বালাভাই চমাৰ সম্প্ৰদায়ৰ শ্ৰমিক। তেওঁ গুজৰাটৰ অনুসূচিত জাতিৰ। সহায় বিচাৰি তেওঁ ক’লৈ যে যোৱা নাই, কিন্তু সকলোৱে নিৰাশ কৰি তেওঁৰ উভতাই পঠিয়াইছে। তেওঁ কয়, “কোনোধৰণৰ আশা নকৰাকৈ মই সদায় মোৰ মাটিখিনি চাবলৈ যাও। দুৰৰ পৰাই চাও আৰু ভাবো যে মোৰ জীৱনটো কিহৰ পৰা কি হ’ব পাৰিলেহেঁতেন।”
গুজৰাটৰ ভূমি বিতৰণ নীতি অনুসৰি ১৯৯৭ত বালাভাইক ধ্ৰাংগধৰা তালুকৰ ভড়ৰ গাঁৱত খেতিমাটি আবণ্টিত কৰা হৈছিল। গুজৰাট এগ্ৰিকালচাৰেল লেণ্ড চিলিং এক্ট, ১৯৬০ (যিটোৰ অধীনত খেতিৰ মাটিত মালিকানা স্বত্ত্বৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল)ৰ অধীনত চৰকাৰে ‘উদ্বৃত্ত মাটি’ ‘সাৰ্বজনীন কল্যাণ’ৰ বাবে চিহ্নিত কৰি অধিগ্ৰহণ কৰিছিল।
চৰকাৰৰ হাতত থকা অনুৰ্বৰ ভূমিৰ লগতে অধিগ্ৰহণ কৰা এই মাটি (যিবোৰ সন্থানী জমিন বুলি কোৱা হয়) এনে ব্যক্তিক দিয়া হয় যাক ‘খেতিৰ মাটিৰ প্ৰয়োজন’ আছিল। ইয়াত কৃষকৰ সমবায়, ভূমিহীন কৃষক, কৃষিশ্ৰমিক আদি লোক অন্তৰ্ভুক্ত য’ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকক অগ্ৰাধিকাৰ দিয়া হৈছিল।
এই আঁচনি কাগজে-পত্ৰই চালে বহুত ভাল যেনেই লাগে। কিন্তু বাস্তৱিকত ইয়াৰ ৰূপ আনহে।
মাটিৰ মালিকানা স্বত্ত্ব পোৱাৰ পিছত বালাভাইয়ে তাত কপাহ, জোৱাৰ আৰু বাজৰাৰ খেতি কৰাৰ পৰিকল্পনা কৰিলে। তেওঁ মাটিডৰাত সৰু ঘৰ এটা বনোৱৰা কথাও ভাবিছিল, যাতে তেওঁ য’ত কাম কৰে, তাতেই থাকিব পাৰে। সেই সময়ত ৩২ বছৰ বয়সত তেওঁৰ এটা সৰু পৰিয়াল আছিল। এক সুন্দৰ ভৱিষ্যতৰ তেওঁ সপোন দেখিছিল। তেওঁ কয়, “মোৰ তিনিটা সৰু সৰু সন্তান আছিল। দিনহাজিৰা কৰিছিলো। এনে লাগিছিল যে আন কাৰোবাৰ বাবে পৰিশ্ৰম কৰাৰ দিন এতিয়া নাই। ভাবিছিলো নিজৰ মাটি যিহেতু পালো, গতিকে পৰিয়ালটোক এটা ভাল জীৱন দিব পাৰিম।”
কিন্তু বালাভাইৰ মুৰত সৰগ ভাঙি পৰিবলৈ তেতিয়াও বাকী আছিল। তেওঁ নিজৰ মাটিখিনিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে মানে গাঁৱৰ দুটা পৰিয়ালে ইতিমধ্যে সেই মাটি দখল কৰি ল’লে। দুয়োটা পৰিয়াল (এটা ৰাজপুত আৰু আনটো পেটেল সম্প্ৰদায়ৰ আছিল)ক সেই অঞ্চলত ওপৰ জাতৰ মানুহ বুলি গণ্য কৰা হৈছিল। এতিয়াও সেই মাটি তেওঁলোকৰ দখলতে আছে। ইফালে গোটেই জীৱনটো বালাভাইয়ে দিনহাজিৰা কৰিয়েই কটাবলগীয়া হ’ল। তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰ (৩৫) আৰু অমৃত (৩২)য়ে অতি কম বয়সতে দিনহাজিৰা কৰিবলগীয়া হৈছিল। কাম পালে (সপ্তাহত প্ৰায় তিনিদিন) তেওঁলোকে দিনটোত ২৫০ টকা উপাৰ্জন কৰিছিল।
বালাভাইযে কয়, “মই মোৰ অধিকাৰৰ কাৰণে বহুত চেষ্টা কৰিলো। কিন্তু মোৰ মাটিতে উপৰ জাতৰ মানুহে নিজৰ সম্পত্তি গঢ়িলে। তেওঁলোকে মোক তাত সোমাবলৈকো নিদিয়ে। আৰম্ভণিতে মই (খেতি কৰাৰ) অধিকাৰ সাব্যস্ত কৰিছিলো আৰু কাজিয়াও লাগিছিলো। কিন্তু তেওঁলোক বৰ শক্তিশালী মানুহ, তাতে তেওঁলোকৰ হাত বহুত দীঘল।”
এবাৰ এনে এখন কাজিয়া ৯০ৰ দশকত হৈছিল। বালাভাই হস্পিতালত ভৰ্তি হ’বলগীয়া হৈছিল। তেওঁক বেলচাৰে কোনোবাই মাৰিছিল। তেওঁৰ হাতখন ভাঙিছিল। তেওঁ কয়, “মই পুলিচৰ ওচৰলৈ অভিযোগ দিছিলো। জিলা প্ৰশাসনৰ সৈতেও কথা পাতিছিলো। কিন্তু একো ফল নধৰিলে। চৰকাৰে এই দাবী কৰি আহিছে যে তেওঁলোকে ভূমিহীনক মাটি দিছে। কিন্তু দৰাচলতে সেয়া কাগজতে সীমাবদ্ধ হৈ ৰৈছে।”
২০১১ৰ লোকপিয়ল অনুসৰি ভাৰতত কৃষিশ্ৰমিকৰ সংখ্যা ১৪ কোটিৰো অধিক। এই সংখ্যা ২০০১ৰ লোকপিয়লৰ গণনাতকৈ ৩৫ শতাংশ বেছি। এইখিনি সময়ত কেৱল গুজৰাটত ১৭ লাখ লোক ভূমিহীন শ্ৰমিক হৈ পৰিছিল। তাৰমানে ২০০১ৰ পৰা ২০১১লৈ ভূমিহীন কৃষকৰ সংখ্যা (৫১ লাখৰ পৰা বাঢ়ি ৬৮ লাখ হৈছিল)৩২.৫ শতাংশ বাঢ়িছিল।
দৰিদ্ৰতাৰ এক মাপকাঠি হিচাপে ভূমিহীন হোৱাৰ সম্পৰ্ক জাতিৰ সৈতে আছে। গুজৰাটত অনুসূচিত জাতিৰ সংখ্যা মুঠ জনসংখ্যাৰ ৬.৭৪ শতাংশ (২০১১ৰ লোকপিয়ল অনুসৰি)। কিন্তু তেওঁলোকৰ ৰাজ্যখনত খেতিৰ মাটিত কেৱল ২.৮৯ শতাংশৰ নিয়ন্ত্ৰণ (মাটিৰ মালিক বা আন উপায়ে) আছে। ৰাজ্যখনৰ জনসংখ্যাৰ ১৪.৮ শতাংশ অনুসূচিত জাতিৰ। কিন্তু তেওঁলোকে কেৱল ৯.৬ শতাংশ মাটিতহে কাম কৰে।
২০১২ চনত দলিত অধিকাৰ কৰ্মী জিগনেশ মেৱানিয়ে গুজৰাটৰ উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত অভিযোগ দাখিল কৰিছিল। তাত ৰাজ্য চৰকাৰৰ দ্বাৰা ভূমি সংস্কাৰ নীতি বলৱৎ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। চিলিং নিয়মৰ অধীনত অধিগ্ৰহণ কৰা মাটি আবণ্টন সেই সম্প্ৰদায়, ভূমিহীন, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিক দিয়া হোৱা নাছিল, যাৰ বাবে এই নীতি প্ৰণয়ন কৰা হৈছিল।
আদালতৰ বিচাৰৰ সময়ত ভূমি চিলিং আইনৰ ৰূপায়ণৰ ত্ৰিমাসিক প্ৰতিবেদনত কেন্দ্ৰ চৰকাৰে দেখুৱালে যে ২০১১ৰ ছেপ্টেম্বৰলৈ গুজৰাটত ১৬৩,৬৭৬ একৰ মাটি ৩৭,৩৫৩ হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছে আৰু কেৱল ১৫,৫১৯ একৰ মাটি বিতৰণ কৰিবলৈ আছে।
কিন্তু জিগনেশ মেৱানিৰ এই আবেদন, য’ত গুজৰাটৰ উচ্চ ন্যায়ালয়ত এতিয়াও শুনানি চলি আছে, তাত কোৱা হৈছে যে কেন্দ্ৰ চৰকাৰে আবণ্টন দিয়া ভূমিত বেদখলৰ অভিযোগ আছে। তেওঁ তথ্য জনাৰ অধিকাৰ আবেদন আৰু চৰকাৰী কাগজ-পত্ৰৰ বিভিন্ন বিষয় উত্থাপন কৰিছে, য’ত প্ৰমাণ আছে যে হিতাধিকাৰীয়ে আবণ্টন পোৱা মাটিত আৰু অনুৰ্বৰ মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই।
বালাভাইয়ে দুটা দশকৰ অধিক কাল সেই মাটিখিনিৰ অপেক্ষা কৰিলে। তেওঁ কয়, “প্ৰথমে মই দখলৰ বাবে কাজিয়া কৰিছিলো। তেতিয়া মোৰ বয়স ৩০ বছৰ আছিল। তেতিয়া মোৰ গাত বল আছিল। কিন্তু মোৰ সন্তানকেইটা ডাঙৰ হ’বলৈ ধৰিলে। মই ব্যস্ত হৈ পৰিলো। সিহঁতৰ চোৱাচিতা কৰিবলগীয়া আছিল আৰু সুৰক্ষাৰ কথাও ভাবিবলগীয়া হৈছিল। সিহঁতৰ কিবা বিপদ হওঁক, তেনে একো কাম মই কৰিব বিচৰা নাছিলো।”
মেৱানিয়ে ১,৭০০ পৃষ্ঠাৰ দীঘলীয়া আবেদনখনত গোটেই গুজৰাটৰ উদাহৰণ দিছে। তাৰ পৰাই বুজিব পাৰি যে কেৱল বালাভাইৰে এনে সমস্যা হৈ থকা নাই।
গুজৰাট বিধানসভাৰ বডগাম নিৰ্বাচন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰা মেৱানিয়ে কয়, “কিছুমান ক্ষেত্ৰত হিতাধিকাৰীয়ে মাটি দখল কৰিব পাৰিছে, কিন্তু কাৰ্য্যকৰ্তাৰ নিৰন্তৰ হস্তক্ষেপৰ পিছতহে এয়া সম্ভৱ হৈছে।” তেওঁ কয় যে তেওঁৰ আবেদনৰ উত্তৰ দিয়াৰ সময়ত ৰাজ্য আৰু প্ৰশাসনে এই সমস্যাসমূহ স্বীকাৰ কৰিছে।
উদাহৰণ স্বৰূপে আহমেদাবাদৰ জিলা ভূ-অভিলেখ নিৰীক্ষকে ২০১১ৰ ১৮ জুলাই লিখা এখন পত্ৰত কৈছিল যে ৰাজ্য প্ৰশাসনৰ বিষয়াৰ নিষ্ক্ৰিয়তাৰ কাৰণে আহমেদাবাদ জিলাৰ কিছুমান গাঁৱত ভূমি জোখা কাম আধৰুৱা হৈ থাকিল। কিছু বছৰ পিছত, ২০১৫ৰ ১১ নৱেম্বৰত ভাৱনগৰ জিলাৰ জিলা ভূ-অভিলেখ নিৰীক্ষকে স্বীকাৰ কৰিলে যে ৫০ খন গাঁৱত ১৯৭১ৰ পৰা ২০১১লৈকে আবণ্টিত ভূমিৰ সীমা-নিৰ্ধাৰণ কৰা হোৱা নাছিল।
ৰাজ্যৰ ৰাজহ বিভাগৰ অবৰ সচিব হৰিশ প্ৰজাপতিয়ে ২০১৫ৰ ১৭ ডিচেম্বৰত গুজৰাটৰ উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কৈছে যে ১৫,৫১৯ একৰ বিতৰণ নকৰা ভূমিত মোকদৰ্মা চলি আছে আৰু ২১০ কে’চ অনিৰ্ণীতি হৈ আছে।
প্ৰজাপতিয়ে কয় যে কৃষিভূমি চিলং অধিনিয়ম বলৱৎ কৰাৰ কাৰণে এক ক্ৰিয়াবিধি প্ৰস্তুতিৰ প্ৰস্তাৱ দিয়া হৈছিল। য’ত চাৰিজন বিষয়া মাণ্ডলিক বিষয়াৰ নিযুক্ত কৰা হ’ব। শপতনামা অনুসৰি “ৰাজ্যখনৰ আটাইবোৰ মাটিৰ ভৌতিক সত্যাপন কৰা হ’ব আৰু তাৰোপৰি দখলদাৰীৰো সত্যাপন কৰা হ’ব। ইয়াত হাজাৰ একৰ মাটিৰ সীমা নিৰ্ধাৰণৰ দৰে ডাঙৰ কামো ৰূপায়ণ কৰাৰ কথা আছিল।” ইয়াৰ লগতে কোৱা হ’ল যে অনুৰ্বৰ মাটিৰ আবণ্টন জিলা উপায়ুক্তৰ অধিকাৰ ক্ষেত্ৰত থাকিব।
গুজৰাট উচ্চ ন্যায়ালয়ত মেৱানিৰ হৈ আবেদন দাখিল কৰা জনপ্ৰিয় অধিবক্তা আনন্দ য়াগ্নিকে কয় যে যোৱা কেইবছৰমানত বিশেষ একো পৰিৱৰ্তন হোৱা নাই। তেওঁ কয়, “ৰাজ্য চৰকাৰে দমনকাৰী জাতিৰ লোকৰ পৰা মাটি অধিগ্ৰহণ কৰি নোলোৱাকৈয়ে বিতৰণৰ নীতিৰ অধীনত সেয়া আবণ্টন কৰি দিয়ে। যদি অনুসূচিত জাতিৰ হিতাধিকাৰীয়ে সেই মাটিত অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা কৰে, তেতিয়া তেওঁলোকক মাৰধৰ কৰা হয়। স্থানীয় প্ৰশাসনে কেতিয়াও সহায় নকৰে। সেয়ে বিতৰণৰ ন্যায় কেৱল কাগজতে সীমাবদ্ধ হৈ ৰয় আৰু স্বাধীন ভাৰতত এতিয়ালৈকে ইটোৰ পিছত সিটো প্ৰজন্ম এই সমস্যাৰ পৰা উদ্ধাৰ নাপায়।”
এই প্ৰতিবেদকে বৰ্তমান ৰাজহ বিভাগত কৰ্মৰত অতিৰিক্ত মুখ্য সচিব কমল দয়ানি আৰু ভূমি সংস্কাৰ আয়ুক্ত স্বৰূপ পি.লৈ ভূমি বিতৰণৰ বৰ্তমান স্থিতি সম্পৰ্কে জানিবলৈ পত্ৰ লিখিছিল। তেওঁলোকে উত্তৰ দিলে এই প্ৰতিবেদনত সেয়া সন্নিবিষ্ট কৰা হ’ব।
ছগনভাই পীতাম্বৰ (৪৩)ৰ ঘটনাটো প্ৰশাসনৰ বিফলতাৰ আৰু এটা দিশ উদঙাই দিছে। তেওঁৰ মাটিখিনি আন কাৰো দখলত নাছিল। তেওঁক ১৯৯৯ত ভড়ৰত যি পাঁচ একৰ মাটি আবণ্টিত কৰা হৈছিল, সেয়া ছন্দ্ৰভাগা নদীখনৰ ঠিক মাজতে। তেওঁ আমাক তালৈ লৈ গ’ল। তেওঁ কয়, “এইখিনি মাটি বেছিভাগ সময়ত পানীৰ তলতে থাকে। সেয়ে ইয়াত বিশেষ একো খেতি কৰিব নোৱাৰি।”
তেওঁৰ মাটিৰ ডাঙৰ এটা অংশ বোকাপানীৰে ভৰ্তি। বাকীখিনি মাটিও পিচল। তেওঁ কয়, “১৯৯৯ত মই মাটিখিনি সলনি কৰি দিয়াৰ বাবে অতিৰিক্ত উপায়ুক্তলৈ লিখিছিলো (পত্ৰ)। ২০১০ চনত মামলাটদাৰ (তালুকাৰ প্ৰমুখ)য়ে মোৰ অনুৰোধ এইবুলি অস্বীকাৰ কৰি দিয়ে যে আবণ্টল দিয়াৰ ১০ বছৰ হৈ গ’ল আৰু এতিয়া একো কৰিব পৰা নাযাব। যোৱা দহটা বছৰত প্ৰশাসনে একো কৰি নিদিয়াটো মোৰ দোষ নেকি?”
এনেধৰণৰ উপেক্ষাৰ ফল ছগনভাই আৰু তেওঁৰ পৰিয়ালে ভূগিবলগীয়া হৈছে। তেওঁৰ পত্নী কাঞ্চনবেনে কয় যে গোটেই পৰিয়ালটোৱে দিনহাজিৰাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, সেয়ে কোনোধৰণৰ বিকাশ বা সুৰক্ষাৰ সম্ভাৱনাই নাথাকে। তেওঁ কয়, “আপুনি দিনত উপাৰ্জন কৰে আৰু চাউল কিনি খায়। যদি আপোনাৰ হাতত মাটি আছে, নিজৰ হাতত মাটি থাকিলে অন্তত তাত খেতি কৰিব পাৰি আৰু দিনহাজিৰা কৰি পোৱা পইচাকেইটা আন কামত খৰছ কৰিব পাৰি।”
ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ কাৰণে পৰিয়ালটোৱে সুদখোৰৰ পৰা পইচা ল’বলগীয়া হয়। কাঞ্চনবেন (৪০)য়ে কয়, “প্ৰায় ১০ বছৰ আগতে আমি প্ৰতিমাহে ৩ টকা সুতত ৫০ হাজাৰ টকা ধাৰে লৈছিলো। আমাৰ চাৰিটা সন্তান। তেতিয়া আমাৰ দিনে উপাৰ্জন ১০০-১৫০ টকাৰ ওপৰত নাছিল। আমাৰ হাতত আন একো উপায় নাছিল। এতিয়াও আমি ধাৰ শুজি থাকিবলগীয়া হৈছে।”
নিজৰ মাটিত অধিকাৰ হেৰুওৱাৰ লোকচান বহুত। সেই অধিকাৰৰ বাবে আবেদন কৰোতে সময় আৰু শক্তি দুয়োটাই খৰছ হয় আৰু মাটিখিনি নোপোৱাৰ চিন্তা আছেই। বছৰ বছৰ ধৰি হৈ থকা লোকচান তাত ধৰাই নহয়।
এইবুলি যদি ধৰা হয় যে এজন কৃষকে নিজৰ এক একৰ মাটিত দুটা ঋতুত খেতি কৰি অতিকমেও ২৫ হাজাৰ টকা উপাৰ্জন কৰে, তেন্তে মেৱানিৰ আবেদনত উল্লেখ কৰাৰ দৰে ৫-৭ বছৰত সেই এক একৰ মাটিত ১,৭৫,০০০ টকাৰ লোকচান হয়।
বালাভাইৰ হাতত ৫ একৰ মাটি আছে। যোৱা ২৫ বছৰত তেওঁক নিজৰ মাটিত খেতি কৰিব দিয়া হোৱা নাই। মুদ্ৰাস্ফীতিৰ হাৰ যদি বিবেচনা কৰা হয়, তেন্তে তেওঁৰ লাখ লাখ টকাৰ লোকচান হৈছে। বালাভাইৰ দৰে এনে হাজাৰ হাজাৰ খেতিয়ক আছে।
তেওঁ কয়, “আজিৰ তাৰিখত বজাৰত মাটিৰ দামেই ২৫ লাখ টকা। মই ৰজাৰ দৰে থাকিব পাৰিলোহেঁতেন। নিজৰ মটৰচাইকেল কিনিব পাৰিলোহেঁতেন।”
নিজৰ মাটি থাকিলে কেৱল আৰ্থিক সুৰক্ষাই পোৱা নহয়, গাঁৱত মান-সন্মানো বাঢ়ে। সুৰেন্দ্ৰনগৰ জিলাৰ ধ্ৰাংগধৰা তালুকৰ ৰামদেৱপুৰ গাওঁ নিবাসী ৭৫ বৰ্ষীয় ত্ৰিভুৱন ৱাঘেলাই কয়, “উপৰ জাতৰ জমিদাৰে নিজৰ খেতিত কাম কৰা শ্ৰমিকক বৰ বেয়া ব্যৱহাৰ কৰে। তেওঁলোকে আপোনাৰ ঠাট্টা-মস্কৰা কৰে। কিয়নো আপুনি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আপুনি জীৱিকাৰ বাবে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সেয়ে আপুনি একো কৰিবও নোৱাৰে।”
ৱাঘেলা বুনকৰ সম্প্ৰদায়ৰ। তেওঁ অনুসূচিত জাতিৰ। ১৯৮৪ত তেওঁক ১০ একৰ মাটি আবণ্টিত কৰা হৈছিল। কিন্তু ২০১০ত তেওঁ সেই মাটিত অধিকাৰ সাব্যস্ত কৰিব পাৰিছে। তেওঁ কয়, “সমাজে জাতিভেদ প্ৰথাৰ প্ৰতি নিজৰ চকু মুদি থকাৰ বাবে ইমান দিন লাগে। মই নৱসৰ্জন ট্ৰাষ্টৰ সংস্পৰ্শলৈ আহিলো। তেওঁলোকৰ কাৰ্যকৰ্তাসকলে বিৰোধ প্ৰদৰ্শন কৰিলে আৰু প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে। আমাক প্ৰয়োজন আছিল কেৱল সাহসৰ। তেতিয়া ঠাকুৰসকলৰ বিৰুদ্ধে থিয় হোৱাটো ইমান সহজ নাছিল।”
গুজৰাটৰ প্ৰখ্যাত দলিত অধিকাৰ কৰ্মী আৰু নৱসৰ্জন ট্ৰাষ্টৰ প্ৰতিস্থাপক মাৰ্টিন মেকৱানে কয় যে ভূমি সংস্কাৰৰ লাভ সৌৰাষ্ট্ৰৰ (সুৰেন্দ্ৰনগৰ এই অঞ্চলতে পৰে) ভাৰাতীয় কৃষকে পালে, তাৰে বেছিভাগ পাটেল (পাটিদান) জাতিৰ আছিল। “সৌৰাষ্ট্ৰৰ (ৰাজ্য)ৰ প্ৰথম মুখ্যমন্ত্ৰী উচ্চংগৰায় দেৱৰে তিনিখন আইন প্ৰণয়ন কৰিলে আৰু ১৯৬০ত গুজৰাটক ভিন্ন ৰাজ্য হিচাপে গঢ়াৰ বাবে ৩০ লাখৰো অধিক মাটি পাটেলসকলক দিলে। (আৰু তেতিয়াৰ সৌৰাষ্ট্ৰখন তাতেই সন্মিলিত কৰা হ’ল) সম্প্ৰদায়টোৱে নিজৰ মাটি সুৰক্ষিত কৰিলে আৰু আগন্তুক বৰ্ষবোৰত গুজৰাটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্প্ৰদায়ৰ মাজৰ এটা হৈ গ’ল।”
ৱাঘেলা এজন ভাৰাতীয় কৃষক হিচাপে কাম কৰাৰ সময়ত নিজৰ মাটিখিনিৰ হকে যুঁজিছিল। তেওঁ কয়, “সেই যুঁজখন জৰুৰী আছিল। মোৰ ল’ৰা-ছোৱালী আৰু সিহঁতৰ উত্তৰ প্ৰজন্মই যাতে মই সন্মুখীন হোৱা সমস্যাবোৰৰ পৰা মুক্তি পাওক, সেই কাৰণতেই মই তেনে কৰিছিলো। এতিয়া বজাৰত সেইখিনি মাটিৰ দাম ৫০ লাখ টকা। সিহঁতে নিজৰ গাঁৱত এতিয়া মুৰ দাঙি চলিব পাৰিছে।”
ৱাঘেলাৰ বোৱাৰী ৩১ বৰ্ষীয় নানুবেনে কয় যে পৰিয়ালটোৰ আত্মবিশ্বাস এতিয়া বাঢ়িছে। তেওঁ কয়, “আমি খেতিত কঠোৰ পৰিশ্ৰম কৰো আৰু বছৰত ডেৰ লাখ টকা উপাৰ্জন কৰো। জানো যে এয়া ইমান বেছি নহয়, কিন্তু আমি নিজৰ মাটিৰ মালিক। আমি কাম বা পইচাৰ কাৰণে আনৰ ওচৰত হাত পাতিব নালাগে। মোৰ ল’ৰা-ছোৱালীৰ বিয়া-বাৰুৰ ক্ষেত্ৰতো একো সমস্যা নাহে। কোনো পৰিয়ালে এনে ঘৰত বিয়া দিব নোখোজে যাৰ হাতত নিজৰ মাটি নাই।”
বালাভাইয়েও এনে স্বাধীনতাৰে জীয়াব খোজে। যি স্বাধীনতা ৱাঘেলাৰ পৰিয়ালে ১০ বছৰ ধৰি পাইছে। নিজৰ মাটিৰ উৱলি যোৱা কাগজখন সাৱধানে ভাঁজ কৰি তেওঁ কয়, “মই মোৰ গোটেই জীৱনটো নিজৰ মাটিখিনি পোৱাৰ আশাত কটাই দিলো। মোৰ ল’ৰাই ৬০ বছৰ বয়সত দিনহাজিৰা কৰক, সেয়া মই নিবিচাৰো। সি অকণমান মৰ্য্যাদাৰে জীয়াই থকাটো মই বিচাৰো।”
বালাভাইয়ে এতিয়াও কল্পনা কৰে যে নিজৰ মাটিখিনিৰ তেওঁ হাতলৈ আহিলে তেওঁ তাত কপাহ, জোৱাৰ, বাজৰাৰ খেতি কৰিব। এতিয়াও তেওঁ নিজৰ সেই মাটিখিনিত সৰুকৈ ঘৰ এটা বনাব খোজে। মাটিৰ গৰাকী হোৱাৰ কি অনুভৱ, সেয়া তেওঁ পাব খোজে। তেওঁ ২৫ বছৰ মাটিৰ কাগজখন সযতনে ৰাখি থৈছে যে এদিন হ’লেও সেইখন কামত লাগিব। তেওঁক এই আশাই বান্ধি ৰাখিছে, তেওঁ কয়, “এইখনেই যে মোক ইমানদিনে জীয়াই ৰাখিছে।”
অনুবাদ: পংকজ দাস