পাণ্ডলা লক্ষ্ণণে ১৮ বছৰ বসয়ত ১২ম শ্ৰেণীলৈকে পঢ়ি তাতেই শিক্ষা সাং কৰিবলগীয়া হয়। "অশ্বৰাওপেটা চহৰৰ মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে জনজাতিৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে মোক কোৱা হৈছিল। আৰু মোৰ হাতত সেয়া নথকা হেতুকে শিক্ষা সিমানতে সামৰিবলগা হয়," তেওঁ কয়।
২৩ বৰ্ষীয় লক্ষ্ণণে নয়াকুলাগুডেম এলেকাত কৃষি শ্ৰমিক হিচাপে কাম কৰে, কাম নথকা সময়ত তেওঁৰ পৰিয়ালৰ এক একৰ পডু মাটিত (খেতিৰ বাবে ব্যৱহৃত বনাঞ্চলৰ মাটি) কাম কৰে।
অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ টি নৰসাপুৰম আৰু চিম্তালাপুড়ি মণ্ডলৰ ৩০ খন মান গাঁৱত বিস্তৃত হৈ থকা তেওঁৰ দৰে ভালেমান নাইকোপাড় জাতিৰ যুৱকসকলৰ কাহিনীবোৰ একেই। ১৮ বৰ্ষীয় কুইচিনি সীথা আৰু কুচিনি নাগামণিয়েও ৫ম শ্ৰেণীতেই পঢ়া এৰিছিল। তেওঁলোকৰ এলেকাৰপৰা পাঁচ কিলোমিটাৰ দুৰৈৰ মাৰিগুডেমস্থিত জনজাতীয় আবাসিক বিদ্যালয়খনত তেওঁলোককো জনজাতিৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ কোৱা হৈছিল। "তেতিয়াৰপৰা আগলৈ আমি আৰু পঢ়িব নোৱাৰিলো," নাগামণিয়ে কয়, "আমি সোনকালেই বিয়া হৈ গ'লো আৰু পডু মাটিত কাম কৰিবলৈ ল'লো অথবা কৃষি শ্ৰমিক হিচাপে অইনৰ মাটিত কাম কৰিবলৈ ল'লো।"
নয়াকুলগুডেম অঞ্চলত (জাতিটোৰ নামৰ আধাৰতে নাম দিয়া) ১০০ মান নাইকোপাড় পৰিয়াল বাস কৰে, ওচৰৰে বনাঞ্চলত ধান আৰু ৰাজমাকে ধৰি বিভিন্ন খেতি কৰে। জীৱিকাৰ বাবে তেওঁলোকে বনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। মৌ সংগ্ৰহ কৰি অথবা কেৰ্কেটুৱা (স্কাংক) ধৰি (খাবৰ বাবে) সেয়া নৰসপুৰম চহৰৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে।






