‘আৰক্ষীৰ দ্বাৰা আমাক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে। গেলামাল বা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে আমি যেতিয়া ঘৰৰ পৰা ওলাও, আৰক্ষীয়ে আমাক বেত্ৰাঘাত কৰি ঘৰত সুমুৱাই থৈ যায়। ৰাতি প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলোৱা সময়তো আৰক্ষীয়ে আমাক প্ৰহাৰ কৰিবলৈ ৰৈ আছিল,’ মুম্বাইত ক’ভিড-19 তলাবন্ধৰ প্ৰথম কেইদিনমানৰ স্মৃতি সুঁৱৰি দোলাৰামে কয়।
তলাবন্ধৰ কথা শুনাৰ পিছত মালাড়ৰ কৰ্মস্থলীৰ পৰা ২৫ মাৰ্চৰ পুৱা দোলাৰাম আৰু তেওঁৰ লগৰ শ্ৰমিকসকল বৰিভেলীত থকা নিজৰ ভাড়াঘৰলৈ উভতি আহে। পৰিস্থিতি সলনি হোৱাৰ আশাৰে মাহে প্ৰতিজনে ১০০০ টকাকৈ ভাড়া দি থকা ১৫ জন শ্ৰমিক ছদিন ভাড়াঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল। অতি সোনকালে তেওঁলোকৰ খোৱাবস্তু শেষ হৈ গ’ল। সেয়ে ৩৭ বছৰীয়া দোলাৰাম আৰু তেওঁৰ সতীৰ্থ শ্ৰমিকসকলে ৰাজস্থানৰ গাঁৱত থকা ঘৰলৈ উভতি যোৱাৰ কথা ভাবিলে।
‘মুম্বাইত কাম নোহোৱা হ’ল। হোলিৰ পিছত আমি কাম কৰা ঠাইলৈ উভতি অহাৰ পিছত (গাঁৱৰ পৰা) আমাৰ হাতত বেছি টকা নাছিল। সেয়ে মুম্বাইত থকাৰ প্ৰশ্নই নুঠে।’ ফোনত কথা পাতোতে দোলাৰামে কয়। মুম্বাইৰ পৰা ঘৰলৈ যাত্ৰা কৰাৰ আগত দোলাৰামে খবৰ পালে যে তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ অসুস্থ হৈ পৰিছে। তেওঁৰ পত্নী আৰু সুন্দৰ আৰু আন সম্পৰ্কীয় মানুহে শিশুটিক চিকিৎসাৰ বাবে লৈ গৈছিল। ইয়াৰ পিছত ভোপা বা স্থানীয় পৰম্পৰাগত বেজৰ ওচৰলৈ লৈ যায়, কিন্তু শিশুটিৰ অৱস্থা ভাললৈ নাহিল।
ৰাজস্থানৰ উদয়পুৰ জিলাৰ বাৰলিয়াত হোলি উদযাপন (৯ৰ পৰা ১০ মাৰ্চ) কৰাৰ পিছত দোলাৰাম মুম্বাইলৈ উলটি আহে। জীৱিকা উপাৰ্জনৰ বাবে বছৰি ৮ৰ পৰা ৯ মাহৰ বাবে তেওঁ চালুম্বাৰ ব্লকৰ গাঁৱত থকা ঘৰৰ পৰা বাহিৰলৈ আহে। ৰাজস্থানৰ বিভিন্ন চহৰ অথবা গোৱা, পুণে আৰু গুজৰাটৰ বিভিন্ন চহৰলৈ প্ৰব্ৰজন কৰি নিৰ্মাণ কাৰ্য চলি থকা ঠাইত যোৱা ১৫ বছৰ ধৰি দোলাৰামে ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আহিছে। যোৱা দুবছৰ ধৰি তেওঁ মুম্বাইলৈ আহি আছে। মাৰ্বল নিমজ কৰি মাহে ১২ হাজাৰ টকা উপাৰ্জন কৰে। ইয়াৰে ৭ৰ পৰা ৮ হাজাৰ টকা দোলাৰামে ঘৰলৈ পঠিয়ায়। ঘৰলৈ বছৰত দুবাৰ আহে- এবাৰ হোলিৰ সময়ত আৰু আনবাৰ অক্টোবৰ-নৱেম্বৰত প্ৰতিবাৰে ১৫ৰ পৰা ৩০ দিন পৰ্যন্ত ঘৰত থাকি যায়।
মুম্বাইৰ পৰা ৰাজস্থানৰ বাৰলিয়ালৈ যাত্ৰা কৰা দোলাৰামৰ বাবে সাধ্যাতীত আছিল। তাৰোপৰি অসুবিধাও বহুত আছিল। তলাবন্ধ আৰম্ভ হোৱাৰ ছদিন পিছত ৩১ মাৰ্চত তেওঁ আন কেবাজনৰ সৈতে মুম্বাইৰ পৰা ৰাজস্থানলৈ যাত্ৰা কৰে। ‘ৰাজস্থানৰ আমাৰ গাঁৱলৈ ২০ হাজাৰ টকা ভাড়াত গাড়ী এখন বন্দবস্ত কৰিলো। মহাৰাষ্ট্ৰৰ সীমান্তৰ পৰা আৰক্ষীয়ে আমাক ঘুৰাই পঠিয়ালে। আৰু আমাক মুম্বাইত আৱদ্ধ কৰি ৰাখিলে,’ তেওঁ কয়।







