হাজাৰ হাজাৰৰ জাকত তেওঁলোক পাৰ হৈ গৈছিল। প্ৰতিদিনে কোনোবাই খোজকাঢ়ি, চাইকেলেৰে, ট্ৰাকেৰে, বাছেৰে- যিয়ে যেনেকৈ পাৰিছিল, যি যান-বাহন পাইছিল, তেনেকৈ বাট বুলিছিল। অৱসাদগ্ৰস্ত, ক্লান্ত, ঘৰলৈ পাবলৈ মৰোঁ-জীওঁ চেষ্টা। ভিন্ন বয়সৰ পুৰুষ আৰু মহিলা, লগতে আছিল বহুতো শিশু।
অগণন গৃহাভিমুখী শ্ৰমিক আহিছিল হায়দৰাবাদ বা তাতোকৈ দূৰৰ পৰা, মুম্বাই আৰু গুজৰাটৰ পৰা, বিদৰ্ভ আৰু পশ্চিম মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানৰ পৰা। তেওঁলোকৰ গন্তব্যস্থান আছিল উত্তৰ ভাৰত বা পূৱ ভাৰতৰ বিহাৰ, চত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ।
তলাবন্ধৰ ফলত যেতিয়া জীৱন বিঘ্নিত হৈছিল, তেওঁলোকৰ জীৱিকা সম্পূৰ্ণ স্থবিৰ হৈ পৰিছিল, সমগ্ৰ দেশৰ কোটি কোটি লোকৰ একে ইচ্ছা- একে আশা জাগিছিল- নিজৰ গাঁৱলৈ তেওঁলোক ঘূৰি যাব, নিজৰ পৰিয়াল আৰু প্ৰিয়জনৰ কাষত উপস্থিত হ’ব। যদিও প্ৰচণ্ড কষ্টকৰ আছিল সেই যাত্ৰা- তথাপিও সেয়া বহুত ভাল আছিল।
দেশৰ ভৌগলিক কেন্দ্ৰ নাগপুৰৰ মাজেৰে তেওঁলোকৰ বহুতেই পাৰ হৈ গৈছিল, স্বাভাৱিক সময়ত এই নাগপুৰ দেশৰ অতি গুৰুত্বপূৰ্ণ ৰেল জংচন। মানুহৰ এই অবিৰত সোঁত সপ্তাহৰ পিছত সপ্তাহ ধৰি বৈছিল। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বাছ আৰু ৰেলেৰে কিছুমান প্ৰব্ৰজনকাৰী শ্ৰমিক যোৱাৰ ব্যৱস্থা নকৰালৈকে মে’ মাহ পৰ্যন্ত এই যাত্ৰা অতিশয় দুৰ্বিসহ হৈ পৰিছিল। হাজাৰ হাজাৰ লোকে যেতিয়া বাছ-ৰেলত যাবলৈ আসন পোৱা নাছিল, তেতিয়া যেনেকৈ সম্ভৱ তেনেকৈ গৃহাভিমুখী যাত্ৰা অব্যাহত ৰাখিছিল।















