গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
আমাৰ শ্ৰমেৰে আনৰ সুফলা পথাৰ
মাটিৰ গৰাকীয়ে ফটো উঠি গৌৰৱবোধ কৰিছিল। তেওঁ তাত থিয় হৈ আছিল, আনহাতে তেওঁৰ খেতিপথাৰত বীজ সিঁচি থকা নগৰাকী মহিলা শ্ৰমিকৰ শাৰী সেই সময়ত দুগুণ হৈ পৰিছিল। মালিকে তেওঁলোকক দৈনিক ৪০ টকাকৈ দিছিল। মহিলাসকলে পিছত আমাক কৈছিল যে মাটিৰ গৰাকীয়ে তেওঁলোকক মাত্ৰ ২৫ টকাকৈহে দিছিল। তেওঁলোক আটাইকেইগৰাকী ওড়িশাৰ ৰায়গড়ৰ ভূমিহীন মহিলা আছিল।
ভাৰতত ভূমি থকা পৰিয়ালৰ মহিলাসকলৰ আনকি ভূমিৰ অধিকাৰো নাই। এই অধিকাৰ তেওঁলোকৰ বাবে বা শাহুৱেকৰ বাবেও নাই। অবিবাহিত, বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক তেওঁলোকৰ আত্মীয়ৰ খেতিপথাৰত শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হয়।








