ঢাকৰ শব্দৰে গোটেই আগৰতলা ৰজনজনাই গৈছে। ১১ অক্টোবৰত দুৰ্গাপূজা, উলহ-মালহেৰে প্ৰতি বছৰে দেৱীক আদৰাৰ প্ৰস্তুতি চলে। পেণ্ডেল সজা হয়, মূৰ্তিবোৰ সাজু কৰি তোলা হয় আৰু সকলোৱে নতুন কাপোৰ কিনি পূজা চোৱাৰ বাবে সাজু হয়।
ঢোলৰ দৰে, কিন্তু আকাৰত ডাঙৰ ঢাকবোৰ গলত ওলমাই বা টান মজিয়াত ৰাখি মাৰিৰে বজোৱা হয়। ঢাক বাজিলেহে দুৰ্গাপূজা যেন লাগে।
ঢাক বজোৱাটো নিৰ্দিষ্ট এটা ঋতুৰহে কাম। প্ৰতিবছৰে পূজাত লক্ষ্মীপূজালৈকে, এইবাৰ সেয়া ২০ অক্টোবৰত, ঢাক বাজে। কিছুমানক আকৌ দেৱালীৰ সময়তো ঢাক বজোৱাৰ কাৰণে মাতে। কিন্তু দুৰ্গাপূজাৰ সময়তে ত্ৰিপুৰাৰ আগৰতলাকে ধৰি আন আন ঠাইত ঢাকবাদকসকলৰ চাহিদা বাঢ়ে।
ঢাকবাদকসকলক পূজা কমিটিৰ লগতে পৰিয়ালবোৰেও আমন্ত্ৰণ জনায়। কেতিয়াবা তেওঁলোকক ভাড়া কৰি নিয়ে আৰু বজাব পাৰিব নে নাই চাই লয়। প্ৰায়ভাগেই পাৰে, তেওঁলোকে সেয়া পৰিয়ালৰ জেষ্ঠ্যজনৰ পৰা শিকে। “মই প্ৰথমতে কাশী (ধাতুৰ প্লেটৰ দৰে বাদ্যযন্ত্ৰ, সৰু মাৰিৰে বজোৱা হয়) বজাইছিলো, তাৰপিছত ঢোল আৰু তাৰপিছত ঢাক বজাবলৈ ল’লো।” (তেওঁৰ লগতে ঋষিদাস, ৰহিদাস আৰু ৰবিদাস ত্ৰিপুৰাত অনুসূচিত জাতি মুচি হিচাপে অন্তৰ্ভূক্ত)।
আগৰতলাৰ আন বহু ঢাকবাদকৰ দৰে ইন্দ্ৰজীতেও বছৰটোৰ আন সময়ত ৰিক্সা চলাই পেট পোহে। কেতিয়াবা আকৌ বিয়া-সবাহ আৰু আন উৎসৱত গান-বাজনাৰ দলতো, স্থানীয় ভাষাত বেণ্ড পাৰ্টি বুলি যাক কয়, বাদ্যযন্ত্ৰী হিচাপে কাম কৰে।




















