উমেশ কেদাৰে হাতত কাঁচি লৈ আগফাললৈ হাউলি কুঁহিয়াৰ গছবোৰ খচ্ খচ্ কৈ কাটিবলৈ ধৰে৷ তীব্ৰ গতিত তেঁওৰ নিপুণ হাত চলে- ইডালৰ পৰা সিডাল- সিডালৰ পৰা আন এডাল৷ কুঁহিয়াৰ কাটোতে বল বহুত লাগে, তাতে তেঁও সেই প্ৰখৰ ৰ’দত চাৰি একৰ মাটিত কাম কৰি আছে৷ ‘আমি পুৱা ৪.৩০ মান বজাতে কাম আৰম্ভ কৰিছিলো, তথাপি ৭ বজাৰ আগেয়ে কাম শেষ নহয়,’ তেঁও কয়৷ তেঁওৰ চকু কুঁহিয়াৰৰ পৰা আঁতৰা নাই৷ ‘যোৱা ডেৰ মাহৰ পৰা মোৰ এয়ে কাম (নবেম্বৰৰ পৰা আৰম্ভ কৰি)৷ আহি থকা ডেৰ মাহলৈ এই কামকে কৰি থাকিব লাগিব৷’৷
উমেশে কটা কুঁহিয়াৰবোৰ তেঁওৰ পত্নি মুক্তাই ইডালৰ ওপৰত সিডাল ৰাখি ১০ ডালমানৰ এটা বোজা কৰি কুঁহিয়াৰ পাতেৰে গাঠে৷ সেই বোজা মুৰত লৈ কুঁহিয়াৰ পাতেৰে পিচল হৈ পৰা ঠাই এডোখৰত ৰখাই থৈ দিয়া ট্ৰাকখনৰ দিশে আগবাঢ়ে৷ ‘কিছু সময় পিছত আমি কাম সলাও’, তেঁও কয়৷ ‘আমাৰ কান্ধ আৰু হাতবোৰ বিষায়৷ বিষ বেছি হ’লেও কাম কৰিবলৈ আমি কেতিয়াবা বিষৰ দৰৱো লও৷’
মহাৰাষ্ট্ৰৰ বিড় জিলাৰ ৱাডবাণী তালুকৰ চন্নাখোটা গাঁৱৰ এই খেতিপথাৰখন জোৰা হিচাপে কাম কৰি থকা ১০ হাল দম্পত্তিয়ে কুঁহিয়াৰ কাটি থকাৰ শব্দৰে মুখৰিত হৈ পৰিছে৷ উমেশ আৰু মুক্তাৰ দৰে কিছুমান নিজেই খেতিয়ক, কিছুমানৰ আকৌ মাটি-বাৰী নাই৷ কিন্তু এই দম্পত্তিহালে নিজৰ তিনি একৰ মাটিত কৰা কপাহ খেতিৰ পৰা একো বিশেষ লাভ নাপালে৷ সেয়ে যোৱা এটা দশক ধৰি তেঁওলোকৰ বাবে কুঁহিয়াৰ কাটি নিজৰ আয় বঢ়োৱাৰ বাদে গত্যন্তৰ নাই৷ ‘কুঁহিয়াৰ কাটি শেষ হ’লে আমি যি টকা পাও, সেয়া পৰ্যাপ্ত নহয়,’ উমেশে কয়৷ ‘তথাপি সেয়া আয় বুলিয়েই ক'ব লাগিব৷’







