তাঁতশালখন বিক্ৰী নকৰো, মোৰ গোটেই জীৱনটো এইখনৰ সৈতে পাৰ হৈছে, ঘৰৰ সোঁমাজত থকা সাত ফুট ওখ তাঁতশালখনলৈ চাই বসন্ত তাম্বড়েয়ে কয়। “যিকোনো কাপোৰেই তাত আপুনি বয় উলিয়াব পাৰে,” তেওঁ গৌৰৱৰ ভাৱত কয়।
ছেগুন কাঠৰ এই তাঁতশালখনতেই তাম্বড়েয়ে দুসপ্তাহৰ মুৰে মুৰে ৬৬ মিটাৰ কাপোৰ বয় উলিয়ায় আৰু মাহে গঢ়ে ১৩০ মিটাৰ সূতা ব্যৱহাৰ কৰে যিবোৰৰ পৰা উন্নত মানৰ চোলা চিলোৱা হয়। তেওঁ ৬০ বছৰৰো অধিক কাল এই কাম কৰি আহিছে আৰু প্ৰায় ১ লাখৰো অধিক মিটাৰ কাপোৰ বয় উলিয়াইছে।
এই এক লাখ মিটাৰৰ কাম আৰম্ভ হৈছিল এখন নৌৱাৰি বা ন য়াৰ্ডৰ এখন শাড়ীৰে। তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ, এতিয়া ৮২, ৰেণ্ডাল গাঁৱৰে কাৰখানা এটাত তেওঁ নশিকাৰু হিচাপে তেওঁ তাঁতশালত প্ৰথমবাৰৰ বাবে বহিছিল। “এমাহ আমি কাৰখানাত বিনা পাৰিশ্ৰমিকত কাম কৰি দিব লাগিছিল,” তেওঁ মনত পেলায়।
সোনকালেই তাম্বড়েয়ে চাৰিঘণ্টাতে এখন নৌৱাৰি (আঠ মিটাৰতকৈ অকণমান বেছি) বয় উলিওৱা কৰিলে আৰু প্ৰতিখন শাড়ীৰ বাবদ ১.২৫ টকাকৈ পোৱা হ’ল। “আমি কিমানখন শাড়ী বয় উলিয়াব পাৰো, সেয়া ফেৰ মাৰিছিলো। একেবাৰে বেছি বুলিবলৈ ২১ খন শাড়ী এদিনত বয় উলিয়াইছিলো,” তেওঁ মনত পেলায়। ১৯৬০ আৰু ৭০ৰ দশকত, তেওঁ আৰু তেওঁ সহকৰ্মীসকলে এনে কামৰ বাবে ২ টকা বোনাচ পাইছিল।
কাৰখানাত নবিচ হিচাপে কাম কৰাটো তেওঁৰ বাবে জৰুৰী আছিল, কিয়নো বসন্তৰ পৰিয়ালত শিপিনী নাছিল। পৰিয়ালটো ধনগাৰ সম্প্ৰদায়ৰ, যাযাবৰ জনগোষ্ঠী হিচাপে লিপিবদ্ধ। বসন্তৰ পিতৃ শংকৰ তাম্বড়েয়ে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল আৰু তেওঁৰ মাক সোণবাই আছিল এগৰাকী কৃষিশ্ৰমিক আৰু গৃহিণী। “ঘৰৰ ওপৰৰ পৰা পৰি যাম বুলি মই ভয় খাইছিলো, সেয়ে দেউতাই মোক মিস্ত্ৰী কামত নলগালে। সেয়ে মই আন কিবা কৰাৰ সিদ্ধান্ত ল’লো।”










