দীপাই হস্পিতাল এৰাৰ পিছত জনা নাছিল যে তাইৰ দেহত কপাৰ-টি স্থাপন কৰা হৈছে।
তাই দ্বিতীয়টো সন্তান প্ৰসৱ কৰিছিল, সেইটোও ল’ৰাসন্তান আছিল। সেয়ে তাই বন্ধ্যাকৰণ কৰাব বিচাৰিছিল। কিন্তু প্ৰসৱ চি-চেক্সন চাৰ্জাৰীৰে কৰোৱা হোৱা নাছিল আৰু দীপাই কয়, ''ডাক্তৰে মোক কৈছিল যে দুয়োটা অস্ত্ৰোপচাৰ (চিজাৰিয়ান আৰু টিউবেল লিগেচন) একেটা সময়তে কৰাব পৰা নাযায়।’’
লিগেচনৰ সলনি ডাক্তৰে কপাৰ-টিৰ কথা কৈছিল। দীপা আৰু তাইৰ গিৰীয়েক নবীনে (তেওঁলোকৰ প্ৰকৃত নাম নহয়) ভাবিছিল যে তেওঁলোকৰ হাতত সেয়াই একমাত্ৰ উপায়।
২০১৮ৰ মে’ত সন্তান জন্ম দিয়াৰ চাৰিদিনমান পিছত দীপাক দিল্লী চৰকাৰ পৰিচালিত দীন দয়াল উপাধ্যায় হস্পিতালৰ পৰা ডিচাৰ্জ দিয়া হৈছিল। ''ডাক্তৰে যে কপাৰ-টি লগাই দিছে, আমি জনা নাছিলো,’’ নবীনে কয়।
এসপ্তাহমান পিছত তেওঁলোকৰ এলেকাৰ আশাকৰ্মীয়ে ডিচাৰ্জ ৰিপ’ৰ্টটো পঢ়ি চালে, দম্পত্তিহালে সেইখন পঢ়া নাছিল, তাৰ পিছতহে কথাটো তেওঁলোকেও জানিব পাৰিলে।
কপাৰ-টি হৈছে গৰ্ভনিৰোধ কৰাৰ উদ্দেশ্যে জৰায়ুৰ ভিতৰত স্থাপন কৰা এবিধ গৰ্ভনিৰোধক আহিলা (চমুকৈ আইইউডি)। ''সেই আহিলাবিধ দেহত খাপ খাবলৈ তিনিমাহ পৰ্যন্ত সময় লাগিব পাৰে, কেতিয়াবা আকৌ অসুবিধাৰো সৃষ্টি কৰিব পাৰে। সেই কাৰণতে আমি ৰোগীক নিয়মীয়াকৈ স্বাস্থ্যপৰীক্ষাৰ বাবে হস্পিতাললৈ অহাৰ পৰামৰ্শ দিওঁ (ছমাহ পৰ্যন্ত),’’ দীপাৰ চুবুৰীটোত ২০১৩ৰে পৰা কাম কৰি থকা আশাকৰ্মী (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী) সুশীলা দেৱীয়ে কয়।
কিন্তু প্ৰথম তিনিমাহত দীপাই একো অসুবিধা পোৱা নাছিল। তাতে আকৌ ডাঙৰটো ল’ৰাৰ অসুখৰ কাৰণে হস্পিতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে যাবলৈ সময়ো পোৱা নাছিল। তাই কপাৰ-টি ব্যৱহাৰ কৰি যোৱাটোকে সাধাৰণভাৱেই মানি লৈছিল।










