দীনকৰ আইৱালেৰ বাবে এইটো এটা নীৰৱ বছৰ, কেইবামাহ ধৰি তেওঁৰ বাঁহীৰ সুৰ স্তব্ধ হৈ আছে। “সংগীতৰ এই সঁজুলিবিধ পোনে পোনে মুখত লগাব লাগে। কিন্তু ক’ৰনা মহামাৰীৰ সময়ত বাঁহী বজাবলৈ মুখত লগোৱাত বিপদ আছে,” মাটি আৰু ইটাৰে তৈয়াৰ কৰা তেওঁৰ ঘৰটোৰ কাৰখানাত বহি তেওঁ এইদৰে কয়।
বাঁহী তৈয়াৰ কৰা যন্ত্ৰ-পাতি ভৰ্তি হৈ থকা এটা পুৰণা কাঠৰ বাকচ তেওঁৰ কাষত পৰি আছে। তেওঁ যদি এই যন্ত্ৰ-পাতিবোৰ ব্যৱহাৰ কৰে, পাতল হালধীয়া ৰঙৰ মিহি বাঁহবিলাক টুকুৰা কৰি একোটা সুন্দৰ বাঁহীৰ ৰূপ দিবলৈ এঘণ্টা সময়ো নালাগে।
ইয়াৰ পৰিৱৰ্তে আমি কথা পতাৰ সময়ত নিৰ্জীৱ বাঁহবিলাকলৈ এবাৰ চালে। ২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা তেওঁৰ কাম বন্ধ হৈ আছে। বিগত পাঁচ দশক ধৰি বছৰে ২৫০ৰ পৰা ২৭০ দিন দৈনিক ১০ ঘণ্টাকৈ প্ৰায় ১৫০,০০০ ঘণ্টা সময় ব্যয় কৰি বাঁহীবিলাক তৈয়াৰ কৰিছে।
তেওঁ বাঁহী তৈয়াৰ কৰিবলৈ ১৯ বছৰ বয়সত আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে কেতিয়াও ইমান দীঘলীয়া সময় কাম নকৰাকৈ বহি থকা নাছিল। বাঁহী বিক্ৰী কৰিবলৈ শ শ কিলোমিটাৰ দূৰৰ মহাৰাষ্ট্ৰ বা কৰ্ণাটকৰ কোনো মেলালৈ তেওঁ যাব পৰা নাই। কোনো প্ৰকাৰৰেই মেলাৰ চৰকাৰে অনুমতি দিয়া নাই।












