হীৰা নিনামা আৰু কল্পনা ৰাৱলৰ বয়স ৩৫ বছৰ। দুয়োগৰাকীৰ ঘৰ ১৫ কিলোমিটাৰ ব্যৱধানত হ’লেও একান্ত মনোকামনাই দুয়োকে একে শাৰীতে ৰাখিছে, সেয়া হৈছে এটি পুত্ৰসন্তানৰ পোৱাৰ ইচ্ছা। ‘কন্যা সন্তান পৰিয়ালৰ কিনো কামত আহে?’ বাঞ্চৱাৰা জিলাৰ সেওনা গাঁৱত হীৰাক লগ পাওঁতে তাই মোক এই প্ৰশ্ন কৰিছিল। ‘উত্তৰাধিকাৰী এজন পোৱাটো ভাল, অন্ততঃ পুত্ৰ সন্তান এটা,’ ৰাজস্থানৰ একেখন জিলাৰে ৱাকা গাঁৱৰ কল্পনাই কয়।
২০১২ৰ পৰা এতিয়ালৈ হীৰাই মাজে-সময়ে কৃষি শ্ৰমিক হিচাপে আৰু গৃহিণী হিচাপে কাম কৰি আহিছে। তাৰ মাজতে তাই ছজনী ছোৱালী জন্ম দিছে। তাইৰ সৰুজনী ছোৱালী পানীকেচুৱা অৱস্থাতে আছে। ‘মোৰ সন্তানটো (শেষৰটো) কন্যাসন্তান বুলি মোক জনোৱা হোৱা নাছিল। কিন্তু যেতিয়া মোৰ শাহু আইয়ে কন্দা শুনিলো, মোৰ চকুৰ লোতক বাগৰি আহিল। মই মোৰ স্বামীতকৈও বেছিকৈ হিয়া ঢাকুৰি কান্দিছিলোঁ।’ তাই সিদিনাৰ ঘটনাটো বৰ্ণনা কৰিলে।
‘মোৰ দ্বিতীয়জনী কন্যা সন্তানৰ পিছত মই বাবাজীৰ শৰণাপন্ন হ’লো। তেওঁ নাৰিকল এটা লৈ মন্ত্ৰ মাতে। তাৰপিছত তেওঁ সেইটো ভাঙে আৰু পানী ওলায়। কিন্তু তেওঁ কয় যে মোৰ মাতকৈ মই বেছি অভিশপ্ত,’ পাঁচজনী জীয়ৰীৰ আটাইতকৈ সৰু হীৰাই হুমুনিয়াহ কাঢ়ি কয়।
ভিল আদিবাসী সম্প্ৰদায়ৰ হীৰাৰ ১,২৩৭ জন বসতিৰ সেওনা গাঁৱত ঘৰ। এনেদৰে ইটোৰ পিছত সিটো প্ৰসৱৰ পিছত বাচি থকা নিৰক্ষৰ হীৰাৰ দৰে আন বহু মহিলাৰ এনেদৰে স্বাস্থ্যৰ গুৰুতৰ ক্ষতিসাধন হয়। হীৰাক ৩৫ তকৈ বেছি বয়সীয়া যেন লাগে। তাইৰ নিশকতীয়া দেহটো বিষত জৰ্জৰ, আৱেগিকভাৱেও তাই বিধ্বস্ত।








