“চাওক মোৰ পানীৰ মটৰটো বালিত কেনেকৈ পোত গৈ আছে,” বানৰ পানীত আংশিকভাৱে ডুব যোৱা মটৰ পাম্পটো খান্দি উলিয়াবলৈ চেষ্টা কৰা সুন্দ গাঁৱৰ খেতিয়ক দেৱেন্দ্ৰ ৰাৱতে কয়। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ শিৱপুৰি জিলাত। “বানে মোৰ মাটি পুতি পেলালে আৰু মোৰ তিনিটা পাম্প এতিয়া আধা-আধি বালিৰ তলত। কুঁৱা এটাও খহি গ’ল। এতিয়া কি কৰিম?” ৪৮ বছৰ বয়সীয়া খেতিয়কগৰাকীয়ে প্ৰশ্ন কৰে।
নৰৱাৰ টেহচিলৰ অন্তৰ্গত সুন্দ গাওঁখন সিন্ধ নদীৰ দুই উপনৈৰ মাজত অৱস্থিত। ২০২১ৰ আগষ্টত নৈখন ওফন্দি উঠাত ৬৩৫ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) গাওঁখনৰ প্ৰচুৰ ক্ষতিসাধন হৈছিল। আগতে এনেকুৱা বিধ্বংসী বান কেতিয়া আহিছিল মনত নপৰা দেৱেন্দ্ৰই কয়, “বানে ত্ৰিশ বিঘা মাটিৰ ধানখেতি নষ্ট কৰি পেলালে। মোৰ পৰিয়ালটোৱে এই বানত হোৱা খহনীয়াত ছয় বিঘা মাটি হেৰুৱালে।”
কালি পাহাৰিৰ গাওঁখন সম্পূৰ্ণৰূপে বানৰ পানীয়ে আগুৰি আছে, ঠিক এটা দ্বীপৰ দৰে। এতিয়া অতিবৃষ্টি হ’লেই গাঁৱৰ মানুহে ইটোৰ পৰা সিটো পাৰলৈ পানী ভাঙি নাইবা সাতুৰি যাবলৈ বাধ্য হয়।
“বানৰ সময়ত আমাৰ গাওঁখন তিনিদিন ধৰি পানীত ডুবি আছিল,” দেৱেন্দ্ৰই কয়। চৰকাৰী নাৱে থাকি যোৱা ১০-১২ জন লোকদ বাদে আন লোকসকলক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা গাঁৱৰ মানুহখিনিয়ে ওচৰৰে বজাৰত শিবিৰ পাতি থাকে নাইবা কাষৰ গাঁৱৰ সম্পৰ্কীয়ৰ ঘৰত থাকিবলৈ যায়। বানৰ সময়ত বিদ্যুতৰ সংযোগ কটা গৈছিল আৰু এমাহ পিছতহে সংযোগ দিয়া হৈছিল, দেৱেন্দ্ৰই মনত পেলায়।










