পিতৃৰ মৃত্যুবাৰ্ষিকীত তিৰু মূৰ্তীয়ে এক ব্যতিক্ৰমী ধৰণৰ আহুতি আগবঢ়াইছেঃ দহবিধ চাবোন, বিভিন্ন প্ৰকাৰৰ নাৰিকলৰ তেল আৰু তেওঁৰ উৎপাদিত সামগ্ৰীবোৰৰ মধ্যমণিঃ হালধিৰ গুড়ি। ইয়াৰ উপৰি আছে ৰঙা কল, ফুল, নাৰিকল। সুন্দৰমূৰ্তীৰ মালা পিন্ধোৱা ফটোখনৰ আগত জ্বলি আছে সুগন্ধি কৰ্পূৰ।
“দেউতাৰ কাৰণে ইয়াতকৈ ভাল শ্ৰদ্ধাঞ্জলি কি হ’ব পাৰে,” ফেচবুক পোষ্ট এটাত তেওঁ সুধিছে। তেওঁৰ পিতৃয়ে মাঞ্জাল (হালধি)ৰ খেতি কৰিবলৈ এৰিছিল। আটায়ে যেতিয়া হালধি খেতি নকৰিবলৈ পৰামৰ্শ দিছিল, তেতিয়াই তিৰুৱে সেই খেতিত হাত দিছিল। “তেওঁলোকে মোক মাল্লি (জেছমিন)ৰ খেতি কৰিবলৈ কৈছিল, সেই খেতিত দিনে উপাৰ্জন হয়। হালধি ৰোওঁতে তেওঁলোকে মোক হাঁহিছিল,” তিৰুৱে মিচিকিয়াই হাঁহি কয়। তিৰুৱে সকলোকে মিছা প্ৰমাণিত কৰিলে। তেওঁৰ কাহিনী বিৰলঃ হালধীয়া সাফল্যৰ এই কাহিনী।
তামিলনাডুৰ ইৰোড জিলাৰ ভৱানীসাগৰ ব্লকৰ উপ্পাল্লাম চুবুৰীত দুকুৰি তিনি বছৰ বয়সীয়া তিৰু মূৰ্তীয়ে ডাঙৰ ভায়েকৰ লগত একেলগে ১২ একৰ মাটিত খেতি কৰে। তেওঁ তিনিবিধ খেতি কৰে - হালধি, কল আৰু নাৰিকল। কিন্তু তেওঁ পাইকাৰী হাৰত বিক্ৰী নকৰে। দামৰ ওপৰত নিয়ন্ত্ৰণ নাই হেতুকে পাইকাৰী হাৰত বিক্ৰী কৰাটোৰ কোনো অৰ্থ নাই। স্থানীয়ভাৱে, ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰু আন্তৰ্জাতিক পৰ্য্যায়ত ডাঙৰ বণিকগোষ্ঠী, ক’ৰ্পৰেট আৰু চৰকাৰে মূল্য নিৰ্ধাৰণ কৰে।
হালধিৰ আন্তৰ্জাতিক বজাৰখনত ভাৰতেই সৰ্ববৃহৎ উৎপাদনকৰ্তা। ২০১৯ত ১৯০ মিলিয়ন ডলাৰৰ হালধি ৰপ্তানি হৈছিল, সেয়া আন্তৰ্জাতিক বজাৰৰ ৬২.৬ শতাংশ। ইয়াতে আন এটা কথাও কৈ থ’ব লাগিব যে ভাৰত দ্বিতীয় সৰ্ববৃহৎ আমদানি কৰোঁতাও হয়। এই আমদানিৰ হাৰ ১১.৩ শতাংশ। যোৱা কেইটামান বছৰত এনেদৰে আমদানিৰ হাৰ বাঢ়ি অহাটোৱে ভাৰতীয় হালধি উৎপাদকৰ স্বাৰ্থত আঘাত হানিছে।
ঘৰুৱা বজাৰবোৰ, মানে ইৰোডৰ মাণ্ডিবোৰে ইতিমধ্যে তেওঁলোকক চেপি ধৰিছে। ডাঙৰ ব্যৱসায়িক গোষ্ঠী আৰু ক্ৰেতাই মূল্য নিৰ্ধাৰণ কৰে। মূল্য নিৰ্ধাৰণত জৈৱ উৎপাদনকাৰীক কোনো অগ্ৰাধিকাৰ দিয়া নহয়। তাৰোপৰি বছৰৰ পিছত বছৰ ধৰি বজাৰৰ অস্থিৰতাৰ কথা আছেই। ২০১১ত এই শস্যবিধ কুইণ্টলত ১৭,০০০ টকাকৈ বিক্ৰী হৈছিল। কিন্তু পৰৱৰ্তী বছৰটোতে তাৰ মূল্য চাৰিগুণ কমিছিল। ২০২১ত প্ৰতি কুইণ্টলত দাম আছিল ৭,০০০ টকা।
সৃজনশীলতা, অধ্যৱসায় আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ যোগেদি তিৰুৱে এক পোনপটীয়া সমাধানসূত্ৰ উলিয়ালেঃ মূল্য সংযোজন। তেওঁৰ এই প্ৰচেষ্টা বহল ভিত্তিত প্ৰযোজ্য নহ’লেও সেয়া আছিল একধৰণৰ সাফল্য। “ফাৰ্ম গেটত ১০ টকাত বিক্ৰী হোৱা নাৰিকল এটাত মই তিনিগুণ বেছি দাম পাওঁ, কাৰণ মই সেইটো চেপি তেল উলিয়াও আৰু তাৰে চাবোন বনাও। হালধিৰ ক্ষেত্ৰতো একেটাই কথা,” তেওঁ বুজাই কয়। “মই সেয়া ডেৰ একৰ মাটিত কৰিছো। মাণ্ডিত মই ৩,০০০ কিলোগ্ৰাম বিক্ৰী কৰিবলগীয়া হ’লে মই প্ৰতি কিলো জৈৱিক হালধিত ৫০ টকাকৈ লোকচান ভৰিবলগীয়া হ’লহেঁতেন।”



























